কাজিৰঙাত সংৰক্ষন শিক্ষা পৰিযোজনা আৰম্ভ

কাজিৰঙাত সংৰক্ষন শিক্ষা পৰিযোজনা আৰম্ভ

যোৱা শনিবাৰে কৰবেট ফাউণ্ডেশ্যনৰ বছৰেকীয়া কামৰ খতিয়ানৰ প্ৰদৰ্শনী আয়োজন কৰে । ফাউণ্ডেশ্যনটোৱে ২০১৩চনৰ পৰাই কাজিৰঙাৰ বন্যপ্ৰানী আৰু মানুহৰ সৈতে কাম কৰি আহিছে । অঞ্চলটোৰ স্থানীয় সম্প্ৰদায় সমূহৰ বাবে বিভিন্ন কাৰ্যসূচী সম্পন্ন কৰিছে,লগতে কিছু এলেকাৰ আগ্ৰহী লোক সকলৰ বাবে শিক্ষাৰ বাবেও সজাগতা গঢ়ি তুলিছে । টিচিএফয়ে হেম চন্দ্ৰ মহিন্দ্ৰাৰ অধীনত এবছৰৰ বাবে সংৰক্ষন শিক্ষাৰ পৰিযোজনাৰ আৰম্ভ কৰিছে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সান্নিধ্যত থকা মুঠ ৩২খন গাঁৱক টিচিএফ আৰু কেএনপি কৰ্তৃপক্ষই চিনাক্ত কৰি প্ৰয়োজনীয় সংৰক্ষন শিক্ষাৰ পৰিযোজনা আৰম্ভ কৰে ।

এলেকা সমূহক চিনাক্তকৰন কৰি বিভিন্ন বেমাৰক নিয়ন্ত্ৰনত ৰখা,বন্যপ্ৰানী আৰু মানুহৰ মাজত সংঘাত,বানপানীৰ বাবে আগতীয়াকৈ প্ৰস্তুত থকা আদি বিভিন্ন অংশ চিনাক্ত কৰা হয় ।

হেম চন্দ্ৰ মাহিন্দ্ৰা ফাউণ্ডেশ্যনৰ টিচিএফ আৰু কেএনপিৰ যুটীয়া গৱেষনা তথা প্ৰজেক্টটো নিহিত কৰা হয় ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com