কাৰ্বি আংলঙত অজনজাতীয় খিলঞ্জীয়া লোকসকলৰ সুৰক্ষা আৰু অধিকাৰ সম্পৰ্কত আলোচনা

কাৰ্বি আংলঙত অজনজাতীয় খিলঞ্জীয়া লোকসকলৰ সুৰক্ষা আৰু অধিকাৰ সম্পৰ্কত আলোচনা
Published on

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিয়ে আজি কাৰ্বি আংলং জিলাত বসবাস কৰা অজনজাতীয় খিলঞ্জীয়া লোকসকলৰ সুৰক্ষা আৰু অধিকাৰ সম্পৰ্কত বোকাজান মহকুমাৰ দেওঁপানী অতিথিশালাত জ‌ইন্ট একচন কমিটি ফ'ৰ অটনমাচ ষ্টেট চমুকৈ জাৰ্কাচৰ লগত এক আলোচনাত মিলিত হয় ।

এই সভাত জাৰ্কাচৰ চেয়াৰমেন খৰছিং টেৰন , সাধাৰণ সম্পাদক জৰ্জ টিমুংৰ লগতে ছামছিং হাঞ্চে ,বিজয় বে ,প্ৰকাশ তেৰাং , টিংকু ইংতি আৰু লংকি তিচ আৰু অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকন যুটীয়া সম্পাদক পবিত্ৰ প্ৰাণ বৰাৰ লগতে বৰপথাৰ আঞ্চলিক সমিতিৰ সভাপতি যদু শ‌ইকীয়া যুটীয়া সম্পাদক বুবুল গগৈ আৰু বিশাল শ‌ইকীয়াকে আদি কৰি বহুতো নেতা কৰ্মী উপস্থিত থাকে । জিতু ফুকনৰ সভাপতিত্বত অনুস্থিত এই সভাত বীৰেণ দত্ত , লক্ষী নেওঁগ , ৰবীন কুমাৰ হাতীবৰুৱা , ফটিক বৰা আদি বহুতো গন্য মান্য ব্যক্তিয়ে ভাষণ প্ৰদান কৰে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com