কেটৰীনা কাইফে সুঁৱৰিলে বলীউডৰ এগৰাকী অভিনেত্ৰীকঃ কিন্তু কিয়?

কেটৰীনা কাইফে সুঁৱৰিলে বলীউডৰ এগৰাকী অভিনেত্ৰীকঃ কিন্তু কিয়?

বলীউডৰ অভিনেত্ৰী কেটৰীনা কাইফ আৰু আলিয়া ভাট্টৰ সম্পৰ্কৰ কথা সকলোৱে জানে ৷ দুয়োগৰাকী অভিনেত্ৰীৰ মাজত বন্ধুত্বৰ এটি সুমধুৰ সম্পৰ্ক আছে ৷ এই সন্দৰ্ভত কেটৰীনা কাইফে কয় যে আলিয়া ভাট্টৰ লগত অভিনেত্ৰীগৰাকীয়ে ফিটনেছৰ প্ৰশিক্ষণ একেলগে লয় ৷ লগতে এসময়ত দুয়োগৰাকী অভিনেত্ৰীয়ে একেলগে কাম কৰাৰ কথাও উল্লেখ কৰে ৷ উল্লেখ্য যে সম্প্ৰতি কেটৰীনা কাইফ ব্যস্ত আছে ভাৰত ছবিৰ দৃশ্য গ্ৰহণত ৷

ছবিখনত অভিনেত্ৰী কেটৰীনা কাইফো বয়োজেষ্ঠ্য মহিলাৰ চৰিত্ৰত অভিনয় কৰিছে ৷ মনকৰিব লগীয়া যে সকলো মেক আপ আৰ্টিছৰ লগতে ষ্টাইলিষ্টে কেটৰীনাক সজাঁওতে প্ৰায় দুঘন্টা সময় লাগিছিল ৷ এক সাক্ষাৎকাৰত কেটৰীনাৰ ষ্টাইলিষ্ট বীৰা কাপুৰে কয় যে কেটৰীনা কাইফৰ এই ষ্টাইল অভিনেত্ৰী নুতনৰ পৰা পাইছিল ৷ ৬০ আৰু ৭০ দৰ্শকৰ বলীউডৰ অভিনেত্ৰী নুতন আছিল যথেষ্ট জনপ্ৰিয় ৷ বীৰা কাপুৰে কয় যে আমি যথেষ্ট পুৰণি হিন্দী ছবি প্ৰত্যক্ষ কৰিছো ৷

লগতে কেটেৰীনা কাইফেও কাৰ্লি হেয়াৰ যথেষ্ট পছন্দ কৰে । কাৰণ বিগত সময়ত কৰা কেটৰীনা কাইফৰ ছবিসমূহৰ লুকতকৈ এই লুক পৃথক ৷ লগতে ভাৰত ছবিত কেটেৰীনা কাইফৰ লুক পৰিৱৰ্তন হোৱাৰ প্ৰসংগত মন্তব্য কৰে যে,কেটেৰীনাক বয়জেষ্ঠ্য মহিলাৰ লুকত দেখাবলৈ এক বিশেষ ব্যৱস্থা কৰা হৈছিল ৷ এই লুকত কেটেৰীনাক উপস্থাপন কৰিবলৈ লাগিছিল প্ৰায় দুঘন্টা ৷

অন্যহাতে বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্টে সম্প্ৰতি উৎসুক প্ৰকাশ কৰিছে ইনচে আল্লাহ ছবিত অভিনয় কৰাৰ কাৰণে ৷ সঞ্জয় লীলা ভাঞ্চালীৰ ছবি ইনচে আল্লাত অভিনয় কাৰণে উৎসাহী আলিয়া ভাট্ট ৷ ইনচে আল্লাহত আলিয়া ভাট্টৰ লগত অভিনয় কৰিব বলীউডৰ ভাইজান ছলমান খানে। উল্লেখ্য যে প্ৰথম বাৰৰ কাৰণে সঞ্জয় লীলা ভাঞ্চালীৰ ছবিত অভিনয় কৰিব আলিয়া ভাট্টে ৷ল’ৰালি কালৰ এটি মুহুৰ্তক স্মৰণ কৰি আলিয়া ভাট্টে কয় যে মই সঞ্জয় লীলা ভাঞ্চালীৰ অফিচলৈ সৰুতে আহিছো ৷ আৰু মোৰ সপোন আছিল যে মই সঞ্জয় লীলা ভাঞ্চালীৰ লগত কাম কৰোঁ ৷আৰু মোৰ সপোন সম্প্ৰতি বাস্তৱত ৰূপায়িত হৈছে ৷ কাৰণ মই সঞ্জয় লীলা ভাঞ্চালী আৰু ছলমান খানৰ সৈতে অভিনয় কৰিবলৈ পাইছো।

বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্ট আৰু ৰনবীৰ কাপুৰৰ প্ৰেমৰ সম্পৰ্ক সম্প্ৰতি সৰ্বজন বিদিত ৷ শেহতীয়াকৈ দুয়োজনকে বিভিন্ন অনুষ্ঠানত প্ৰত্যক্ষ কৰিছে সকলো অনুৰাগীয়ে ৷ বিগত দিনত,ৰনবীৰ কাপুৰে আলিয়া ভাট্টক কেনেধৰণৰ অনুভৱ দিয়ে সেই সম্পৰ্কত মন্তব্য দিয়ে। এগৰাকী অভিনেত্ৰী হিচাপে ৰনবীৰ কাপুৰৰ বিষয়ে কি ভাবে সেই কথা ব্যক্ত কৰিছে ৷

ৰনবীৰ কাপুৰৰ সন্দৰ্ভত আলিয়াই কয় যে ৰনবীৰে অভিনেত্ৰী গৰাকীক পৃথক অনুভৱ কৰোৱাই। ৰনবীৰৰ পৰা বহুত কথা শিকিবলৈ পায় আলিয়াই ৷ সেয়া লাগিলে এজন অভিনেতা ৰূপতেই হওক বা এজন ব্যক্তি ৰূপতেই হওক ৷ ৰনবীৰৰ লগত আয়ান মুখাৰ্জীৰ ব্ৰহ্মাস্ত ছবিত অভিনয় কৰাৰ সন্দৰ্ভত আলিয়া ভাট্টে কয় যে ৰনবীৰক এজন অভিনেতাৰ ৰূপত আলিয়াই বহু ভাল পায় ৷ৰনবীৰৰ ছবিসমূহত অভিনেতাজন বহু সতেজ,শক্তিশালী আৰু বাস্তৱ সম্পন্ন ৷ ৰনবীৰে আলিয়াই বিভিন্ন ক্ষেত্ৰত যাতে উচ্চ সম্পন্ন কাম কৰিব পাৰে তাৰ কাৰনে সদায় প্ৰেৰণা দি অহাৰ কথাও উল্লেখ কৰে ৷

লগতে কামক লৈ ৰনবীৰ কাপুৰৰ একাগ্ৰতা আৰু নৈতিক এই সকলোবোৰ আলিয়াৰ কাৰণে উল্লেখ্যনীয় বুলিও মন্তব্য কৰে অভিনেত্ৰী গৰাকীয়ে ৷ ইফালে শেহতীয়া কলংক ছবিৰ প্ৰমোশ্যনত যাওঁতে আলিয়া বৰণ ধাৱনক ভূলবশত ৰনবীৰ বুলি কোৱাক লৈ চৰ্চা হৈছিল ৷ উল্লেখ্য যে অভিনেত্ৰী আলিয়া ভাট্ট আৰু ৰনবীৰ কাপুৰে একেলগে অভিনয় কৰিছে ব্ৰহ্মাস্ত ছবিখনত ৷ ছবিখন মুক্তি পাব চলিত বৰ্ষৰ ২০ ডিচেম্বৰত ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com