কেন্দ্ৰীয় গৃহ বিভাগে অসম চৰকাৰক ৪ টা সংবাদ প্ৰতিস্থানৰ বাতৰি প্ৰকাশত অনুসন্ধান কৰিবলৈ নিৰ্দেশ দিছে

কেন্দ্ৰীয় গৃহ বিভাগে অসম চৰকাৰক ৪ টা সংবাদ প্ৰতিস্থানৰ বাতৰি প্ৰকাশত অনুসন্ধান কৰিবলৈ নিৰ্দেশ দিছে

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসমৰ গৃহ সচিব আশুতুষ আগ্নিহোৰ্থী আৰু আৰক্ষী মহা নিৰ্দেশক কুলধৰ শইকীয়াক অসমৰ ৪ টা সংবাদ প্ৰতিস্থানৰ বিৰুদ্ধে অনুসন্ধান কৰিবলৈ নিৰ্দেশ দিছে । সংবাদ প্ৰতিস্থানে নিষিদ্ধ ঘোষিত সংগঠনৰ ভাবধাৰৰ প্ৰকাশিত বাতৰিৰ বিৰুদ্ধে অনুসন্ধান কৰাৰ লগতে আৰু নিষেধাজ্ঞা আৰোপ কৰিবলৈ কৈছে ।

আইনগত অধিকাৰ পৰ্যালোচকে সংবাদ মাধ্যমৰ বিৰুদ্ধে গৃহ বিভাগলৈ এক পত্ৰ প্ৰেৰণ কৰিছিল । পত্ৰত অসমৰ সংবাদ মাধ্যম আৰু মালিক , আয়ৰ উৎসৰ অনুসন্ধান কৰাৰ লগতে নিষিদ্ধ ঘোষিত সংগঠন বাতৰি পৰিবেশন কৰাৰ বাবে অনুসন্ধান কৰিবলৈ নিৰ্দেশ দিছে ।

এল আৰ অয়ে দিয়া পত্ৰত UAPA আৰু NSA এক্টৰ অধিনত অৰ্থনৈতিক দিশত আৰু সন্ত্ৰাস মুলক কাৰ্যকলাপত অনুসন্ধান কৰিবলৈ কোৱা হৈছে ।

এই পত্ৰ খনত ৰাজ্যত নাগৰিকত্ব সংশোধনি বিধেয়ক খনৰ সন্দৰ্ভত অসমৰ সংবাদ মাধ্যমে বাতৰি প্ৰকাশ কৰিছিল যে নিষিদ্ধ সংগঠন আলফায়ে ৰাজ্যত এক নতুন ধাৰা সুচনা কৰিছে |

অসম চৰকাৰে এনে ধৰণৰ কাৰ্যকলাপত গুৰুত্ব দিয়া নাই বুলি প্ৰকাশ কৰে ।যাৰ ফলত হিংসাত্মক ভাবধাৰায়ে নতুন সন্ত্ৰাসবাদী সংগঠন অসম জন্ম দিয়াত উদগনি যোগাব । বিশেষকৈ লোকসভা নিৰ্বাচনতো প্ৰভাৱ বিস্তাৰ কৰিব বুলি প্ৰকাশ কৰিছে ।

পত্ৰত উল্লেখ আছে যে শেহতীয়াকৈ সকলো সংবাদ মাধ্যমে আলফাৰ লগত কথোপকথন মুকলি কৈ প্ৰকাশ কৰিছে । এই পদক্ষেপে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আৰু প্ৰচাৰ মাধ্যমৰ বিৰোধিতা বুলি উল্লেখ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com