কেন্সাৰ মুক্ত হ’ল বলীউডৰ চিৰসেউজ অভিনেতা ঋষি কাপুৰ

কেন্সাৰ মুক্ত হ’ল বলীউডৰ চিৰসেউজ অভিনেতা ঋষি কাপুৰ

বিগত কিছু দিন ধৰি ঋষি কাপুৰ সন্দৰ্ভত প্ৰচাৰিত এটি খবৰে অনুৰাগীসকলক দুঃখিত কৰিছিল। কাৰণ খবৰ অনুসৰি কেন্সাৰৰ লগত যুঁজ দি আছিল বলীউডৰ চিৰ সেউজীয়া অভিনেতা ঋষি কাপুৰে ৷কিন্তু সকলো অনুৰাগীলৈ সুখবৰ কঢ়িয়াই আনিছে এক বিশেষ বাৰ্তাই ৷ কেন্সাৰ মুক্ত হ’ল বলীউডৰ অভিনেতা ঋষি কাপুৰ ৷ ছবি নিৰ্মাতা ৰাহুল ৰাভেলে মংগলবাৰে ঋষি কাপুৰৰ লগত এখন ফ’টো শ্বেয়াৰ কৰি লিখে যে কেন্সাৰৰ পৰা মুক্ত হ’ল ঋষি কাপুৰ ৷

ৰাহুল ৰাভেলৰ এই প’ষ্টটোত সম্প্ৰতি অনুৰাগীসকলে আনন্দ প্ৰকাশ কৰিছে ৷ আৰু কিছু সংখ্যক অনুৰাগীয়ে এই ক্ষেত্ৰত আশ্চৰ্য্য প্ৰকাশ কৰি কয় যে ঋষি কাপুৰে বিগত দিনৰ পৰা কেন্সাৰ ৰোগত আক্ৰান্ত হৈ আছে ৷ ইফালে ঋষি কাপুৰ আৰু নীতু সিঙে এটি প’ষ্টৰ দ্বাৰা কেন্সাৰ ৰোগত আক্ৰান্ত হোৱাৰ ইংগিত দিছিল ৷

অন্যহাতে ঋষি কাপুৰৰ পুত্ৰ ৰনবীৰ কাপুৰৰ এখন ফ’টোৰ জৰিয়তে পিতৃ ঋষি কাপুৰ কেন্সাৰত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছিল। কাৰণ কিছুদিনৰ আগত ৰনবীৰ কাপুৰে এখন ফ’টো শ্বেয়াৰ কৰিছিল আৰু সেই ফ’টোখনত পিছত কেন্সাৰ চেন্টাৰ দেখা গৈছিল৷ গতিকে ইয়াৰ পৰাও ৰনবীৰ সিঙৰ অনুৰাগীসকলে ইংগিত পাইছিল যে ঋষি কাপুৰ আক্ৰান্ত হ’ব পাৰে কেন্সাৰত ৷

ইফালে ঋষি কাপুৰৰ পুত্ৰ ৰনবীৰ কাপুৰ সম্প্ৰতি আলিয়া ভাট্টৰ লগত হোৱা প্ৰেমৰ সম্পৰ্কই চৰ্চা লাভ কৰিছে ৷শেহতীয়াকৈ দুয়োজনকে বিভিন্ন অনুষ্ঠানত প্ৰত্যক্ষ কৰিছে সকলো অনুৰাগীয়ে ৷ বিগত দিনত,ৰনবীৰ কাপুৰে আলিয়া ভাট্টক কেনেধৰণৰ অনুভৱ দিয়ে সেই সম্পৰ্কত মন্তব্য দিয়ে। এগৰাকী অভিনেত্ৰী হিচাপে ৰনবীৰ কাপুৰৰ বিষয়ে কি ভাবে সেই কথা ব্যক্ত কৰিছে ৷

ৰনবীৰ কাপুৰৰ সন্দৰ্ভত আলিয়াই কয় যে ৰনবীৰে অভিনেত্ৰী গৰাকীক পৃথক অনুভৱ কৰোৱাই। ৰনবীৰৰ পৰা বহুত কথা শিকিবলৈ পায় আলিয়াই ৷ সেয়া লাগিলে এজন অভিনেতা ৰূপতেই হওক বা এজন ব্যক্তি ৰূপতেই হওক ৷ ৰনবীৰৰ লগত আয়ান মুখাৰ্জীৰ ব্ৰহ্মাস্ত ছবিত অভিনয় কৰাৰ সন্দৰ্ভত আলিয়া ভাট্টে কয় যে ৰনবীৰক এজন অভিনেতাৰ ৰূপত আলিয়াই বহু ভাল পায় ৷ৰনবীৰৰ ছবিসমূহত অভিনেতাজন বহু সতেজ,শক্তিশালী আৰু বাস্তৱ সম্পন্ন ৷ ৰনবীৰে আলিয়াই বিভিন্ন ক্ষেত্ৰত যাতে উচ্চ সম্পন্ন কাম কৰিব পাৰে তাৰ কাৰনে সদায় প্ৰেৰণা দি অহাৰ কথাও উল্লেখ কৰে ৷

লগতে কামক লৈ ৰনবীৰ কাপুৰৰ একাগ্ৰতা আৰু নৈতিক এই সকলোবোৰ আলিয়াৰ কাৰণে উল্লেখ্যনীয় বুলিও মন্তব্য কৰে অভিনেত্ৰী গৰাকীয়ে ৷ ইফালে শেহতীয়া কলংক ছবিৰ প্ৰমোশ্যনত যাওঁতে আলিয়া বৰণ ধাৱনক ভূলবশত ৰনবীৰ বুলি কোৱাক লৈ চৰ্চা হৈছিল ৷

ভাৰতীয় ছবি নিৰ্দেশক মহেশ ভাট্ট আৰু অভিনেত্ৰী সোনী ৰাজদানৰ সন্তান আলিয়া ভাট্ট ৷ পুজা ভাট্ট আৰু ৰাহুল ভাট্ট হৈছে আলিয়াৰ ভগ্নী আৰু ভাতৃ ৷ ইফালে ইমৰান হাছমী আৰু মোহিত ছুৰী হৈছে আলিয়াৰ সম্পৰ্কীয় ভাতৃ ৷ আলিয়া এগৰাকী অভিনেত্ৰী হিছাপে বলীউডত পদাৰ্পন কৰিছিল ২০১২ চনৰ ছুপাৰ হিট ছবি ষ্টুডেন্ড অৱ দ্য ইয়েৰৰ জৰিয়তে ৷ ইয়াৰ পিছত আলিয়াই ইমতিয়াজ আলীৰ ছবি হাই ৱে,টু ষ্টেটচ আৰু হামটি শৰ্মা কী দুলহনীয়া ছবিত অভিনয় কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com