কেন্সাৰ ৰোগত আক্ৰান্ত লোকসকলৰ সন্দৰ্ভত বিশেষ মন্তব্য ড° এচ কে দাসৰ

কেন্সাৰ ৰোগত আক্ৰান্ত লোকসকলৰ সন্দৰ্ভত বিশেষ মন্তব্য ড° এচ কে দাসৰ

কেন্সাৰ ৰোগত আক্ৰান্ত লোকসকলক মানসিকভাৱে সবল কৰি তোলা আৱশ্যক ৷ কেন্সাৰ ৰোগত আক্ৰান্ত হৈ থকা সময়ত তেওঁলোকক সহানুভূতি অথবা বন্ধু বান্ধৱীৰ প্ৰয়োজন ৷ সম্প্ৰতি বিকশিত দেশসমূহত কেন্সাৰ ৰোগীসকলৰ সহায়তা আৰু মানসিক সহায়তা প্ৰদান কৰিবৰ কাৰণে কিছুমান সংস্থাৰ গঠন কৰা হয়। গতিকে আমি এনেধৰণৰ পদক্ষেপ ভাৰতত ল’বলৈ চিন্তা চৰ্চা কৰি আছো ৷

সোমবাৰে এই মন্তব্য দিয়ে বঙাইগাঁৱৰ এজন চিকিৎসক ড° এচ কে দাসে ৷ চহৰখনৰ প্ৰিয়া গুপ্তা মেম’ৰিয়েল হ’লত আয়োজিত এক চেমিনাৰত কেন্সাৰ ৰোগীসকলৰ বিষয়ে এই মন্তব্য কৰে ড° দাসে। চেমিনাৰখনৰ বিষয় আছিল কেন্সাৰ ৰোগীৰ সকলক কেনেদৰে মানসিক আৰু শাৰীৰিক শান্তি দিব পাৰি ৷ চেমিনাৰ খনৰ সভাপতিত্ব কৰিছিল ড° ফিৰোজ আহমেদে ৷অন্যহাতে, চেমিনাৰখনত উপস্থিত আছিল ড° বি কলিতা,ড° পি কে ধৰ, প্ৰাক্তন অধ্যক্ষ আশিষ বিশ্বাস আদি ৷

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com