কৰ্ণাটকৰ ধাৰৱাদত অট্টালিকা খহি পৰাৰ ফলত ৫ জনৰ মৃত্যু

কৰ্ণাটকৰ ধাৰৱাদত অট্টালিকা খহি পৰাৰ ফলত ৫ জনৰ মৃত্যু

কৰ্ণাটকৰ ধাৰৱাদৰ অট্টালিকা খহি পৰাৰ ফলত ৫ জন লোকৰ মৃত্যু হৈছে । বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে । ৫৫ জন লোকক বৰ্তমানলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে । বৰ্তমানেও বহু লোক ধ্বংসাৱশেষত আবদ্ধ হৈ আছে। তেওঁলোকক উদ্ধাৰ কৰিবলৈ অভিযান অব্যাহত ৰাখিছে ।

এচ ডি আৰ এফ বাহিনীৰ ৪৫ জন, ১১০ জন এন ডি আৰ এফ বাহিনী ৰ আৰু উদ্ধাৰকাৰী দলৰ ৮ জনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে IPC ৩০৪ নং ধাৰাৰ অধীনত অট্টালিকাটোৰ মালিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে । ঘটনাৰ সংক্ৰান্তত এটা টিম গঠন কৰা হৈছে আৰু শীঘ্ৰেই মালিকক আটক কৰিব বুলি প্ৰকাশ কৰিছে ।

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এইচ ডি কুমাৰাস্বামীয়ে টুইটাৰযোগে এই ঘটনাৰ আচৰ্যজনক বুলি প্ৰকাশ কৰিছে । ধাৰৱাদত নিৰ্মীয়মান অট্টালিকা খহি পৰাটো এক আচৰ্যজনক বুলি প্ৰকাশ কৰাৰ লগতে সমগ্ৰ ঘটনাটো অনুসন্ধান কৰিবলৈ গুৰুত্ব সহকাৰে উদ্ধাৰকাৰী দলৰ মুখ্য নিৰীক্ষকক কৈছে বুলি টুইটাৰযোগে প্ৰকাশ কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com