গীতে-মাতে জীপাল হ’ল কৃষ্ণাইখাটৰ সুধাকন্ঠ সোঁৱৰণী নিশা

গীতে-মাতে জীপাল হ’ল কৃষ্ণাইখাটৰ সুধাকন্ঠ সোঁৱৰণী নিশা

কন্ঠশিল্পী কল্লোল বৰঠাকুৰ , ৰঞ্জন বেজবৰুৱা , জিতু শ্ৰাৱন , দিপান্দিতা ডেকাকে ধৰি বহু কেইগৰাকী ন - পুৰণি শিল্পীৰ গীত , বিশিষ্ট কবি ডা° প্ৰয়াগ শইকীয়াৰ কবিতা , সুবক্তা ড° নন্দসিঙ বৰকলাৰ সুমধুৰ ভাষনৰ লগতে সুধাকন্ঠৰ ভাতৃ সমৰ হাজৰীকা আৰু আন্তঃ ৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন চিত্ৰশিল্পী সুজিত দাসৰ উপস্থিতিৰে কালি বেবেজীয়াৰ সমীপৰ কৃষ্ণাইখাটত অনুষ্ঠিত সুধাকন্ঠ সোঁৱৰণী অনুষ্ঠানৰ বাকৰি জিপাল হৈ পৰে ৷ সামাজিক - সাংস্কৃতিক অনুষ্ঠান “ কুঁহি” ৰ উদ্ৰোগত আয়োজিত সুধাকন্ঠৰ স্মৃতি দিৱসৰ পুৱা পতাকা উত্তোলন কৰে সমাজকৰ্মী যুগল শৰ্মাই ৷

সুধাকন্ঠৰ প্ৰতিছব্বিত বন্তিপ্ৰজ্বলন আৰু মাল্যপ্ৰদান কৰে শিক্ষাবিদ কৃষ্ণ দুলাল বৰুৱা আৰু গকুল চন্দ্ৰ দাসে ৷ স্মতি তৰ্পণ কৰে দুলু সিংহই ৷সাহিত্যকৰ্মী লৱকান্ত শৰ্মা আৰু নেত্ৰ কমল বৰাই আঁত ধৰা সমগ্ৰ অনুষ্ঠানটিত বীৰেণ বৰা , তাৰিণী শৰ্মা , জীৱন শৰ্মা , লক্ষী বৰাকে ধৰি স্থানীয় বহু সংখ্যক ৰাইজে অংশ গ্ৰহন কৰে ৷ দিনৰ ১১বজাৰ পৰা অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিক ভূপেন্দ্ৰ সংগীত প্ৰতিযোজিতাত বিভিন্ন ঠাইৰ প্ৰায় ডেৰ কুৰি প্ৰতিযোগীয়ে অংশগ্ৰহন কৰে ৷ সন্ধ্যা অনুষ্ঠিত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত মুখ্য অতিথি উপস্থিত থাকে ড° ভূপেন হাজৰীকাৰ কনিষ্ঠ ভাতৃ সমৰ হাজৰীকা ৷ নিশা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰি বিশিষ্ট কবি সুবক্তা ড° নন্দসিং বৰকলাই কয় যে সুধাকন্ঠৰ মহাবাহুৰ দৰে বিশালতাই অসমীয়া জাতিক সদায় উদ্বুদ্ধ কৰি থাকিব ৷ এই অনুষ্ঠানতে বিশিষ্ট কবি ডা° প্ৰয়াগ শইকীয়া , ড° ভূপেন হাজৰীকাৰ গীতৰ সংস্কৃত অনুবাদক , শিল্পী ৰঞ্জন বেজবৰুৱা , আন্তঃ ৰাষ্ট্ৰীয় চিত্ৰশিল্পী সুজিত দাসক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয় ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com