গুৱাহাটীত উদ্ধাৰ চাৰি লক্ষাধিক টকাৰ বাৰ্মিছ চিগাৰেট

গুৱাহাটীত উদ্ধাৰ চাৰি লক্ষাধিক টকাৰ বাৰ্মিছ চিগাৰেট

বৃহস্পতিবাৰে বিয়লি গুৱাহাটীৰ সাতগাঁও নপাৰাৰ পৰা জব্দ কৰা হয় চাৰি লক্ষাধিক বাৰ্মিছ চিগাৰেট ৷ উদ্ধাৰ হোৱা চিগাৰেটসমুহৰ ৪৩ টা কাৰ্টুন জব্দ কৰা হয় ৷ ৪৩ টা কাৰ্টুনত আছে ৫০ টাকৈ চিগাৰেটৰ পেকেট ৷ এক বিশেষ সূত্ৰৰ অধীনত অতিৰিক্ত অধীক্ষক দেৱ দত্তৰ তত্বাৱধানত চিআইডিৰ এটি দল আৰু সাতগাঁও আৰক্ষীয়ে আটক কৰিছে আব্দুল ৱাদিক নামৰ এজন লোকক ৷

চিআইডিৰ মন্তব্য অনুসৰি আব্দুল ৱাহিদে ইজ্জাজত আলি নামৰ এজন লোকৰ ঘৰত ভাৰাতীয়া হিছাপে আছিল ৷ আব্দুল ৱাহিদ হৈছে মণিপুৰৰ থালৱাল জিলাৰ বাসিন্দা ৷ ইফালে অভিযান কালত চিআইডিৰ দলে মহম্মদ আব্দুল ৱাহিদৰ পৰা ২১,৫০০ পেকট win king size চিগাৰেট উদ্ধাৰ কৰে ৷ অন্যহাতে মহম্মদ আব্দুল ৱাহিদে এই ক্ষেত্ৰত কোনো ধৰণৰ প্ৰয়োজনীয় নথি পত্ৰ দেখুৱাব নোৱাৰিলে ৷লগতে ৱাদিহে নিজৰ অবৈধ ব্যৱসায়ৰ কাৰণে বৃহৎ পৰিমাণৰ চিগাৰেট ৰখাৰ কথা উল্লেখ কৰে। উল্লেখ্য যে এই সমস্ত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com