চাহ জনগোষ্ঠীৰ উন্নতিৰ কাৰণে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বিশেষ পদক্ষেপ

চাহ জনগোষ্ঠীৰ উন্নতিৰ কাৰণে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বিশেষ পদক্ষেপ

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শুক্ৰবাৰে চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীসকলক বৰ্তমান প্ৰতিযোগিতাৰ ক্ষেত্ৰ খনত আগবাঢ়ি যাবলৈ, জ্ঞান অৰ্জনৰ কাৰণে নিজক আগবঢ়াই নিবলৈ আহ্বান কৰে ৷মুখ্যমন্ত্ৰী সোনোৱালে সৰুসজাইস্থিত স্পৰ্টছ কমপ্লেক্সত অসম চৰকাৰ চাহ বাগিচাৰ ধন পুৰস্কাৰ আঁচনি উদ্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰে ৷স্কিল ইণ্ডিয়া,ষ্টাৰৰ্ট আপ ইণ্ডিয়া,ডিজিটেল ইণ্ডিয়া আদি বিভিন্ন আঁচনিসমূহে যুৱ প্ৰজন্মক প্ৰেৰণা দিছে ৷

লগতে মুখ্যমন্ত্ৰী সোনোৱালে কয় যে, যুৱকসকলে প্ৰাকৃতিক তেল আৰু গেছৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ব্যাপক বিনিযোগৰ জৰিয়তে হ’ব লগা ইতিবাচক লাভ অৰ্জন কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে ৷ সৰ্বানন্দ সোনোৱালে দেশৰ যুৱ প্ৰজন্মক আহ্বান কৰে যে,চাহ জনগোষ্ঠীৰ উন্নতিৰ কাৰণে কাম কৰা চাইমন সিং আৰু সন্তোষ কুমাৰ তপ্নৰ দৰে নেতাৰ প্ৰত্যেকটো খোজক সৰোগত কৰি আগবাঢ়ি যাওক ৷চাহ জনগোষ্ঠীসকলৰ অসমীয়া সমাজৰ ওপৰত বহুত যোগদান আছে। আমাৰ চৰকাৰৰ চাহ জনগোষ্ঠীৰ চাহ বাগানৰ বিভিন্ন ক্ষেত্ৰৰ উন্নতিৰ কাৰণে দৃঢ় প্ৰতিজ্ঞ ৷ ৰাজ্য চৰকাৰে লোৱা বিভিন্ন আঁচনিৰ বিষয়ে সবিশেষ প্ৰচাৰ কৰাৰ কাৰণে লাইন চৰদাৰসকলে মহত্ত্ব পূৰ্ণ ভূমিকা লৈছে ৷এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ৷

উল্লেখ্য যে, ২৬ খন জিলাৰ ৭৫২ খন চাহ বাগানৰ চাহজনগোষ্ঠীৰ প্ৰত্যেক সদস্যৰ ৭লাখ বেংক একাউন্টত প্ৰথম পৰ্যায়ত অসম চৰকাৰ চাহ বাগিচা ধন পুৰস্কাৰ আঁচনিৰ অধীনত ২৫০০ কৈ জমা কৰা হৈছিল ৷ আৰু দ্বিতীয় পৰ্যায়তটো ৰাজ্য চৰকাৰে বেংক একাউন্টত সম পৰিমাণৰ ধন জমা কৰিব ।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৰাজ্যৰ ১১,৮৫৮ লাইন চৰদাৰক স্মাৰ্ট ফোন বিতৰণ কৰাৰ লগতে মেধাৱী ছাত্ৰ সকলক স্কুটাৰ বিতৰণ,জিএনএম পাঠ্যক্ৰমৰ কাৰণে ২০০ গৰাকী যুৱতীক প্ৰবেশ পত্ৰ প্ৰদান,প্ৰী মেট্ৰিক আৰু পোষ্ট মেট্ৰিক ছাত্ৰ বৃত্তি প্ৰদান কৰাৰ আচঁনি আৰম্ভ কৰা হ’ব ।

অন্যহাতে বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্য চৰকাৰে চাহ জনজাতিসকলৰ কাৰণে মুকলি কৰা বিভিন্ন আঁচনিৰ ক্ষেত্ৰত জাগৰণ অনাৰ কাৰণে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ লগতে মন্ত্ৰী ড° শৰ্মাই ২০১৯-২০ বৰ্ষৰ বাজেটত চাহ জনগোষ্ঠীৰ বিকাশৰ কাৰণে লোৱা বিভিন্ন পদক্ষেপৰ কথাও উল্লেখ কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com