চিৰাঙত ঐতিহাসিক শ্ৰীশ্ৰী লক্ষ্মীপূজা আৰু মেলা উদ্বোধন ঋষিকেশ গোস্বামীৰ

চিৰাঙত ঐতিহাসিক শ্ৰীশ্ৰী লক্ষ্মীপূজা আৰু মেলা উদ্বোধন ঋষিকেশ গোস্বামীৰ

চিৰাং জিলাৰ বিজনীত অইন অইন বছৰৰ দৰে এই বেলিও ৰজা বিজিত নাৰায়ণ সমন্বয় ক্ষেত্ৰত আজিৰ পৰা শুভ আৰম্ভ হয় ৰজা দিনীয়া শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু মেলা । সমগ্ৰ বিজনী চহৰত এক উখল মাখল পৰিবেশৰ মাজত আজি আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰে মুখ্যমন্ত্ৰীৰ প্ৰেচ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে । তাহানিৰ বিজনীৰ ৰজা বিজিত নাৰায়ণে প্ৰতিষ্ঠা কৰা বিজনী ৰাজ ষ্টেটত তেঁওৰ ৰাজবংশৰ পৰৱৰ্তী ৰজাৰ পৃষ্ঠপোষকতাত বিজনীত এই লক্ষ্মীপূজা আৰু মেলাৰ শুভাৰম্ভ হৈছিল ১২৭ বছৰ পূৰ্বে৷

বিগত বছৰৰ দৰে এইবেলিও ১২৭ সংখ্যক পূজা আৰু মেলাৰ আৰম্ভ হয়। আজি ৰাতি পুৱা ৯ বজাত পতাকা উত্তোলনেৰে আনুষ্ঠানিকভাৱে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পূজা পৰিচালনা সমিতিৰ সভাপতি ধনঞ্জয় ৰায়ে । ইয়াৰ পিছত ৰাতিপূৱা ১০ বজাত এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিজনী ৰজহ চক্ৰ বিষয়া দৰদি দেৱৰায় । উক্ত শোভাযাত্ৰাত বিভিন্ন জনগোষ্ঠীৰ বৰ্ণাঢ্য সাংস্কৃতিক দল,আই নাম দল, ভক্ত প্ৰাণ ৰাইজৰ উপৰিও চহৰখনৰ বিশিষ্ট ব্যক্তিসকলে অংশ গ্ৰহন কৰে ৷ ইয়াৰ পিছতে ৰজা বিজিত নাৰায়ণ সমন্বয় ক্ষেত্ৰত বিজনী শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু মেলা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মুখ্য মন্ত্ৰীৰ প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামীয়ে ।

উক্ত পূজা আৰু মেলা উপলক্ষে আয়োজিত সভাত বিশিষ্ট অতিথি হিছাপে বিজনীৰ বিধায়ক কমল সিং নাৰ্জাৰী , মুখ্য মন্ত্ৰী সচিবালয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া ৰণজিৎ ধিং মজুমদাৰ , বিজনী মহকুমা আৰক্ষী বিষয়া ধ্ৰুৱজ্যোতি নাথ, বিজনী নগৰ সমিতি ৰ সভাপতি ৰমাকান্ত বসুমতাৰী তাৰপৰি উপস্থিত থাকে জিলাখনৰ বিভিন্ন ছাত্ৰ সংগঠন আছু , আবছু, আক্ৰাছু , এবিএমছু , বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ নেতৃত্ববৰ্গ ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com