চৰ্চাৰ শীৰ্ষত হিনা খানৰ ব্ৰাইডেল লুকঃকিন্তু ক’ত?

চৰ্চাৰ শীৰ্ষত হিনা খানৰ ব্ৰাইডেল লুকঃকিন্তু ক’ত?

সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী হিনা খানৰ জনপ্ৰিয়তাৰ কথা কোৱাৰ প্ৰয়োজন নাই ৷ সৰু পৰ্দাৰ নিয়মীয়া দৰ্শকসকলৰ কাৰণে হিনা খান অত্যন্ত জনপ্ৰিয় । ২০০৯ চনৰ য়ে ৰিস্তা কিয়্যা কেহলাটা হ্যে নামৰ ধাৰাবাহিক খনৰ জৰিয়তে সৰু পৰ্দাত খোজ পেলাই হিনা খানে৷"অক্সৰা"নামেৰে সকলো অনুৰাগীৰ মাজত প্ৰসিদ্ধি লাভ কৰে হিনা খানে ৷ ১৯৮৬ চনৰ ২ অক্টোবৰত শ্ৰী নগৰ,জম্মু কাশ্মৰীত হিনা খানে জন্ম লাভ কৰে ৷ অভিনেত্ৰী গৰাকীয়ে দিল্লীৰ গুড়গাঁৱৰ চি চি এ স্কুল অফ মেনেজমেন্টৰ পৰা মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যনৰ শিক্ষা (এমবিএ) লয় ৷ হিনা খানে প্ৰথমতে এগৰাকী সাংবাদিক হোৱাৰ সপোন দেখিছিল ৷কিন্তু পঢ়া সম্পূৰ্ণ হোৱাৰ পিছত হিনায়ে এয়াৰ হোষ্টেছ পঢ়িবলৈ আবেদন কৰে ৷কিন্তু মেলেৰিয়া ৰোগত আক্ৰান্ত হোৱাৰ কাৰণে এয়াৰ হোষ্টেছত এডমিশ্যন ল’ব নোৱাৰিলে ৷

ইয়াৰ পিছত সৌভাগ্যক্ৰমে হিনা খানে অভিনয়ৰ প্ৰস্তাৱ লাভ কৰে ৷ 'য়ে ৰিস্তা কিয়্যা কেহলাটা হ্যেত' প্ৰায় ৪ বছৰ অভিনয় কৰাৰ পিছত অৰ্থাৎ ২০১৬ চনত ধাৰাবাহিক খন এৰি দিয়াৰ সিদ্ধান্ত লয় ।ইয়াৰ পিছত ষ্টাৰ প্লাছৰ ধাৰাবাহিক সপনা বাবুল কা বিদায়ী,চান্দ চুপা বাদল ম্যে,ৰ লগতে অন্যান্য অনুষ্ঠানত অতিথিৰ ভূমিকাত অভিনয় কৰে হিনা খানে । ইয়াৰোপৰি হিনা খানে খতৰো কা খিলাড়ীৰ চিজন ৮,কালাৰ্ছ চেনেলৰ বিগ বছ ১১ৰ শক্তিশালী প্ৰতিযোগী আছিল ৷হিনা খানৰ "কছ’টী জিন্দেগী কী ২" সদ্যহতে চৰ্চাৰ শীৰ্ষত। ধাৰাবাহিকখনত হিনা খানৰ লুক,ষ্টাইল,অভিনয়ক দৰ্শক সকলে আদৰি লৈছে ৷ অন্যহাতে ধাৰাবাহিকখনত অনুৰাগ,প্ৰেৰণা আৰু ক’ম’লিকাৰ ত্ৰিকোনীয়া প্ৰেম কাহিনীক যথেষ্ট আদৰি লৈছে অনুৰাগীয়ে ৷ সেয়েহে টিআৰপিৰ শীৰ্ষত আছে কছোটী জিন্দেগী কী ৷

ধাৰাবাহিক খনত হিনা খান অৰ্থাৎ কম’লিকাৰ ব্ৰাইডেল লুকে চৰ্চা লাভ কৰিছে সৰ্বত্ৰে ৷ সুন্দৰী হিনা খানৰ ষ্টাইলিছ লুকে সততে সকলোকে আকৰ্ষণ কৰে ৷ব্যতিক্ৰম নহয় কম’লিকা চৰিত্ৰটোও। কম’লিকা পোচাক,হিনাৰ মোহনীয় ৰূপ,আকৰ্ষণ মেকআপ তথা অভিনয়ে সকলোকে আকৃষ্ট কৰিছে হিনা খানে ৷ উল্লেখ্য যে,সৰু পৰ্দাৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ বিগ বছৰ পিছত "কছোটি জিন্দেগী কী"ত দেখা গৈছে হিনা খানক।"কছোটী জিন্দেগী কী"ধাৰাবাহিক খনত হিনাৰ লগতে অভিনয় কৰিছে পাৰ্থ চামথান আৰু এৰিকা ফাণাণ্ডেজে ৷পাৰ্থ ছামথানে অনুৰাগ বাসুৰ চৰিত্ৰত আৰু এৰিকা ফাণাণ্ডেজে প্ৰেৰণা বাসুৰ চৰিত্ৰত অভিনয় কৰিছে ৷

প্ৰথমতে সৰু পৰ্দাৰ জনপ্ৰিয় বোৱাৰীৰ চৰিত্ৰত অভিনয় কৰি সকলোৰে মাজত জনপ্ৰিয় হৈ ,সম্প্ৰতি সৰু পৰ্দাৰ নিগেটিভ চৰিত্ৰ এটাত অভিনয় কৰি দৰ্শকৰ মাজত জনপ্ৰিয় হ’ব পৰাটো এটা বৃহৎ প্ৰত্যাহ্বান ৷ কিন্তু হিনা খানে প্ৰচুৰ অধ্যৱসায়,প্ৰত্যাহ্বান সকলোকে হেলাঙৰে অতিক্ৰম কৰি হাজাৰ জনৰ মাজতো জিলিকি উঠিছে ৷অন্যহাতে,কেৱল অভিনয়ৰ জৰিয়তেই যে হিনাই দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছে এনে নহয়,হিনা এগৰাকী গায়িকাও। "লগ জা গলে"গীতটি পুনৰ হিনা খানৰ কণ্ঠত বাণীবদ্ধ কৰি হিনা গায়িকা হিছাপেও জনপ্ৰিয়তা লাভ কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com