ছিডনী টেষ্টত চালকৰ আসনত ভাৰত

ছিডনী টেষ্টত চালকৰ আসনত ভাৰত

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হৈ থকা টেষ্ট শৃংখলাৰ অন্তিম খন টেষ্ট ছিডনী ক্ৰিকেট গ্ৰাউণ্ডত চলি আছে। তৃতীয় দিনৰ খেলৰ সামৰণিত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সন্তোষজনক স্থিতিত উপনীত হৈছে।টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা ভাৰতে চেতেশ্বৰ পূজাৰা আৰু ঋষভ পণ্টৰ দৰ্শনীয় শতৰাণৰ সহায়েৰে দ্বিতীয় দিনা সাতটা উইকেট হেৰুৱাই ৬২২ ৰাণ কৰি ইনিংছ ঘোষণা কৰে। ভাৰতৰ বিশাল ছয় শতাধিক ৰাণৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই নিজৰ প্ৰথম ইনিংছ আৰম্ভ কৰি দ্বিতীয় দিনা এটাও উইকেট নেহেৰুৱাকৈ ২৪ ৰাণ সংগ্ৰহ কৰিছিল।

আজি খেলৰ তৃতীয় দিনা আগদিনাৰ দুই অপৰাজিত অপেনিং বেটছমেন মাৰ্কাছ হেৰিছ আৰু ওচমান খৌজাই বেটিঙ কৰিবলৈ ক্ৰিজলৈ আহে।দুয়োজন অপেনাৰে আজি ভাৰতীয় বলাৰৰ বিৰুদ্ধে সতৰ্কতাৰে খেলিবলৈ আৰম্ভ কৰে। দলীয় স্কোৰ ৭২ হওঁতে ব্যক্তিগত ২৭ ৰাণত ওচমান খৌজাক ভাৰতীয় দলৰ চাইনামেন স্পীনাৰ কুলদীপ যাদৱে বিদায় দি দলক প্ৰয়োজনীয় ব্ৰেকথ্ৰু প্ৰদান কৰে। খৌজাৰ বিদায়ৰ পিছত ক্ৰিজলৈ আহে মাৰ্নেচ লাবুচ্যাঞ্চ। দুয়োজন উদীয়মান বেটছমেনে সুন্দৰ ক্ৰিকেট খেলি দলৰ ভেঁটি মজবুত কৰিবলৈ লওঁতেই ৰবীন্দ্ৰ জাডেজাই মাৰ্কাছ হেৰিছক এটা সুন্দৰ ব'লেৰে ক্লীণ ব'ল্ড কৰি ভাৰতক দ্বিতীয়টো দলৰ সফলতা প্ৰদান কৰে। মাৰ্কাছ হেৰিছে ৭৯ ৰাণ কৰি বিদায় লয়। ১২৮ ৰাণত দ্বিতীয়টো উইকেট হেৰুৱা অষ্ট্ৰেলিয়াই ১৪৪ ৰাণত শ্বন মাৰ্চৰ ৰূপত তৃতীয়টো উইকেট হেৰুৱাই। চলিত শৃংখলাত বেয়া প্ৰদৰ্শন অব্যাহত ৰাখি মাত্ৰ ৮ ৰাণ কৰি ৰবীন্দ্ৰ জাডেজাৰ চিকাৰ হয় মাৰ্চ।

মাৰ্চৰ পিছতে মাৰ্নেচ লাবুচ্যাঞ্চক পেভিলিয়নৰ বাট দেখুৱাই বেগী বলাৰ মহম্মদ শ্বামীয়ে। দলৰ স্কোৰ ১৯২ ৰাণত ট্ৰেভিছ হেডে কুলদীপ যাদৱৰ বলত কট এণ্ড ব'ল হৈ আউট হয়। অষ্ট্ৰেলিয়াৰ অধিনায়ক টিম পাইনো ব্যাৰ্থ হয়। মাত্ৰ ৫ ৰাণ কৰি পাইন কুলদীপৰ চিকাৰ হয়। তৃতীয় দিনৰ সামৰণিত অষ্ট্ৰেলিয়াই ৬ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে ২৩৬ ৰাণ। পিটাৰ হেণ্ডছকম আৰু পেট কামিনছে ২৮ ৰাণ আৰু ২৫ ৰাণ কৰি বেট ধৰি আছে।

ভাৰতৰ হৈ বলিঙত মহম্মদ শ্বামীয়ে এটা, ৰবীন্দ্ৰ জাদেজাই দুটা আৰু অষ্ট্ৰেলিয়া ভ্ৰমণত প্ৰথমবাৰৰ বাবে খেলিবলৈ সুযোগ লাভ কৰা কুলদীপ যাদৱে তিনিটা উইকেট দখল কৰে। হাতত চাৰিটা উইকেট বাকী থকা অৱস্থাত অষ্ট্ৰেলিয়া এতিয়াও ভাৰততকৈ ৩৮৬ ৰাণ পিছপৰি আছে। আলহী দল ভাৰতে ইতিমধ্যে চাৰিখন টেষ্টৰ শৃংখলাটোত ২-১ ব্যৱধানত আগবাঢ়ি আছে। চতুৰ্থখন টেষ্টত ভাৰতে দলীয় একাদশত দুটা সালসলনি কৰিছে ৰোহিত শৰ্মা ভাৰতলৈ ওভটাৰ কাৰণে শৰ্মাৰ ঠাইত দলত অন্তৰ্ভূক্ত হয় লোকেশ ৰাহুল আৰু ইশান্ত শৰ্মা সম্পুৰ্ণৰূপে সুস্থ নোহোৱা বাব চাইনামেন স্পীনাৰ কুলদীপ যাদৱে খেলিবলৈ সুযোগ লাভ কৰে।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ পৃথিৱী:

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com