জয়া ললিতাৰ ছবিত অভিনয় কৰিবৰ কাৰণে তামিল শিকিব বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটে

জয়া ললিতাৰ ছবিত অভিনয় কৰিবৰ কাৰণে তামিল শিকিব বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটে

বলীউডত শেহতীয়াকৈ চৰ্চা লাভ কৰিছে অভিনেত্ৰী কংগনা ৰানাউটে (Kangana Ranaut) ৷ অভিনেত্ৰী আৰু ৰাজনৈতিক নেত্ৰী জয়াললিতাৰ বায়’পিকত অভিনয় কৰিব অভিনেত্ৰী কংগনা ৰানাউটে ৷ কিন্তু জয়াললিতাৰ বায়’পিকত কংগনা ৰানাউটক অ’ফাৰ কৰা পাৰিশ্ৰমিকেহে সকলোকে আচম্বিত কৰিছে ৷ কাৰণ কংগনা ৰানাউটক পাৰিশ্ৰমিক হিচাপে অ’ফাৰ কৰিছে ২৪ কোটি টকা ৷ আৰু ইয়াৰ কাৰণে কংগনা ৰানাউটে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে ৷ ইয়াৰ কাৰণে কংগনা ৰানাউটে তামিল শিকিব ৷ যাতে জয়া ললিতাৰ চৰিত্ৰটো বাস্তৱায়িত কৰিব পাৰে ৷

এই সন্দৰ্ভত কংগনা ৰানাউটে কয় যে মই জয়াললিতাৰ চৰিত্ৰটো আৰু ওচৰৰ পৰা জানিব বিছাৰো ৷ সেই চৰিত্ৰটোৰ লগত মই একাত্ম হ’ব বিচাৰোঁ ৷ কাৰণেই মই তামিল শিকিব বিছাৰোঁ ৷ যেতিয়াই পংগা আৰু মেন্টল হ্যে কিয়া ছবি খনৰ দৃশ্য গ্ৰহণ সমাপ্ত হ’ব তেতিয়াই মই তামিল ভাষা শিকিবলৈ ক্লাছ কৰিম ৷

বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটে ২৩ মাৰ্চত হৈ যোৱা জন্ম দিনত ৰাজনৈতিক নেত্ৰী জয়াললিতাৰ বায়’পিকত অভিনয় কৰাৰ কথাটো ঘোষণা কৰে । আৰু ইয়াৰ লগে লগে কংগনা ৰানাউট দেশৰ সকলোতকৈ দামী অভিনেত্ৰীৰ খিতাপো লাভ কৰে ৷ এক তথ্য অনুসৰি তামিল আৰু হিন্দী ভাষাত নিৰ্মিত হ’ব লগা এই ছবিখনৰ নিৰ্মাতাকাৰী সকলে কংগনা ৰাণাউটৰ ওপৰত বহুতো ভৰষা কৰিছে ৷ সেয়েহে ২৪ কোটি টকা দিবলৈও কোনো চিন্তা কৰা নাই ছবিখনৰ নিৰ্মাতাসকলে ।

পূৰ্বতে কংগনাৰ ফীজ আছিল ১১ কোটি টকা। কিন্তু চিমৰণ আৰু ৰংগুণ বক্স অফিচত ফ্ল’প হোৱাৰ হোৱাৰ পিছত কংগনাই ফীজৰ পৰিমাণ হ্ৰাস কৰে। বহু চৰ্চিত ছবি মণিকৰ্ণিকাৰ সফলতাৰ পিছত কংগনা ৰাণাউটে ফীজৰ পৰিমাণ বৃদ্ধি কৰে ৷ অন্যহাতে বলীউডত এয়া প্ৰথমবাৰৰ কাৰণে হৈছে যে কোনো অভিনেত্ৰীক ২৪ কোটি টকা দিয়া হৈছে ৷ ইয়াৰ পূৰ্বতে পদ্মাৱতৰ কাৰণে দীপিকা পাডুকনক ১৩ কোটি টকা দিয়া হৈছিল। বীৰে দী ৱেডিঙৰ কাৰণে কৰীনা কাপুৰ খানক ৭ কোটি টকা দিয়া হৈছিল ৷কিন্তু সম্প্ৰতি কৰীনাই ফীজ ১০ কোটি টকালৈ বৃদ্ধি কৰিছে ৷

হলীউড আৰু বলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাই ফীজ হিচাপে লয় ৬ কোটি টকা ৷ জয়াললিতাৰ বায়’পিকখন অ’ফাৰ হোৱাৰ পিছত কংগনা ৰানাউটে মন্তব্য কৰে যে মোৰ আৰু জয়াললিতাৰ কাহিনী প্ৰায় একে । মই প্ৰায়ে স্থানীয় ছবিত অভিনয় কৰিব বিচাৰিছিলো। কাৰণ আজিও অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুৰ জনসাধাৰণে স্থানীয় ষ্টাৰ সকলকেই চাবলৈ বিছাৰে ৷ কিছুমানে দক্ষিন ভাৰত আৰু হিন্দী ছবিৰ মাজত ভেদভাৱ কৰে ৷ লগতে কংগনা ৰানাউটে কয় যে দীৰ্ঘ সময় ধৰি এখন ভাল স্কীপ্তৰ অপেক্ষাত আছিলো ৷ সম্প্ৰতি জয়াললিতাৰ বায়’পিক অফাৰ হৈছে আৰু মোৰ পছন্দও হৈছে ৷

কংগনা ৰাণাউটে প্ৰসংগতে নিজৰ বায়’পিকৰ কথা উল্লেখ কৰি কংগনাৰ বায়’পিকত কাম কৰি থকাৰ কথা উল্লেখ কৰে ৷ আৰু কংগনা আৰু জয়াললিতাৰ বায়’পিকৰ সাদৃশ্যৰ কথাও উল্লেখ কৰে ৷ আৰু অভিনেত্ৰী গৰাকীয়ে কয় যে মই সুখী যে জয়াললিতাৰ দৰে এগৰাকী শক্তিশালী মহিলাৰ চৰিত্ৰত মই অভিনয় কৰিবলৈ পাইছো। উল্লেখ্য যে ছবিখন তামিল ভাষাত পুৰাৎচি থলাইবী আৰু হিন্দীত জয়া নামেৰে নিৰ্মাণ হ’ব ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com