দিল্লীত সমাপ্ত কাৰ্তিক আয়ান আৰু সাৰা আলী খানে অভিনয় কৰা লভ আজ কল ২ ৰ দৃশ্য গ্ৰহণ

দিল্লীত সমাপ্ত কাৰ্তিক আয়ান আৰু সাৰা আলী খানে অভিনয় কৰা লভ আজ কল ২ ৰ দৃশ্য গ্ৰহণ

বলীউডত সম্প্ৰতি চৰ্চিত হৈ থকা এখন ছবি হৈছে লভ আজ কল ২৷ কাৰ্তিক আয়ান আৰু সাৰা আলী খানে অভিনয় কৰা ছবিখনক লৈ উৎসুক চলচ্চিত্ৰ প্ৰেমীসকল ৷ কিন্তু সম্প্ৰতি লভ আজ কল ২ ছবিখনত সাৰা আলী খানৰ উপৰিও অন্য এগৰাকী নায়িকা থকাৰ তথ্য পোৱা গৈছে ৷ ছবিখনৰ দৃশ্যগ্ৰহণৰ দিল্লীৰ সূছী সম্প্ৰতি শেষ হৈছে ৷

https://www.instagram.com/p/BvyPU-DhmyH/

সেয়েহে এটি পাৰ্টিৰ আয়োজন কৰিছিল ছবিখনৰ কলা কুশলী সকলে ৷ এই পাৰ্টিত ইমতিয়াজ আলী আৰু কাৰ্তিক আয়ানে যথেষ্ঠ আনন্দ কৰা দেখা গৈছে ৷ ইমতিয়াজ আলীয়ে লভ আজ কল টুৰ চিকুৱেল নিৰ্মাণ কৰিছে ৷ ছবিখনত কাৰ্তিক আয়ানৰ আৰু সাৰা আলী খানে মুখ্য ভূমিকা গ্ৰহণ কৰিছে ৷অৱশ্যে ছবিখনৰ নামৰ ক্ষেত্ৰত এতিয়াও সিদ্ধান্তলৈ অহা নাই ছবিখনৰ নিৰ্মাতাসকল ৷ কিন্তু ছবিখনৰ নাম লভ আজ কল ২ হ’ব বুলিয়ে জানিব পৰা গৈছে ৷

https://www.instagram.com/p/BvbC50iHs8U/

ছবিখনত সাৰা আলী খানৰ উপৰিও কাৰ্তিক আয়ানে দুগৰাকী হিৰোইনৰ লগত ৰোমাঞ্চ কৰিব বুলি খবৰ চৰ্চা লাভ কৰিছে ৷ ইফালে ছবিখনত অভিনয় কৰা বাকী হিৰোইন দুগৰাকী কোন সেয়া সম্প্ৰতি জানিব পৰা হোৱা নাই ৷অন্যহাতে লভ আজ কল ২ মুক্তি পাব ২০২০ চনৰ "ভেলেন্টাইন ডে"ত ৷

ইফালে সাৰা আলী খানে বা কাৰ্তিক আয়ানে প্ৰায়ে লভ আজ কল ২ৰ দৃশ্য গ্ৰহণ সময়ৰ বিভিন্ন অনুৰাগীলৈ আগবঢ়াই ৷ অন্যহাতে কাৰ্তিক আয়ানৰ প্ৰতি সাৰা আলী খানৰ দুৰ্বলতাৰ কথাও চৰ্চিত হৈ আছে এই সময়ত ৷ কেদাৰনাথৰ জৰিয়তে বলীউডত পদাৰ্পন কৰা অভিনেত্ৰী সাৰা ৰনৱীৰ সিঙৰ লগত ৰোহিত চেট্টীৰ চিম্বাত অভিনয় কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷

অন্যহাতে এটা ৰেডিঅ’ জ’কী অনুষ্ঠানত কৰীনা কাপুৰ খানে সাৰা আলী খান সৌন্দৰ্য লগতে বুদ্ধিমত্তাৰ সংযোজন বুলি মন্তব্য কৰে ৷লগতে কয় যে,দেশ বিদেশৰ প্ৰত্যেকটো খবৰ ৰাখে সাৰা আলী খানে ।সততে দেখা যায় যে,অভিনেতা অভিনেত্ৰীসকলৰ সাধাৰণ জ্ঞানৰ ভাণ্ডাৰ তেনেই নগণ্য হয় । যাৰ কাৰণে প্ৰায়ে ছ’চিয়েল মিডিয়াত অভিনেতা অভিনেত্ৰীসকলৰ চৰ্চাৰ সন্মুখীন হয়।

সাৰাৰ অভিনয় সম্পৰ্কত কৰীনাই কয় যে, অভিনেত্ৰী কৰীনাই শ্বুটিঙস্থলীত গৈহে অভিনয় কৰিব লগা চৰিত্ৰটোৰ বিষয়ে অধ্যয়ন কৰে ৷কিন্তু সাৰা এই ক্ষেত্ৰত ব্যতিক্ৰম ৷ সাৰা আলী খানৰ অভিনয় জন্ম প্ৰদত্ত ৷ সাৰাই শ্বুটিস্থলীলৈ যোৱাৰ আগমুহুৰ্তত প্ৰায়ে নিৰ্দিষ্ট চৰিত্ৰটোৰ সন্দৰ্ভে পুনংখানুপুংখ ভাৱে অধ্যয়ন কৰি যায়৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com