দুটা সংস্কৰণত প্ৰকাশ পাব এনআৰচিৰ চূড়ান্ত খচৰা

দুটা সংস্কৰণত প্ৰকাশ পাব এনআৰচিৰ চূড়ান্ত খচৰা

মাত্ৰ ১০ দিন বাকী থকা অৱস্থাত এনআৰচি কৰ্তৃপক্ষই ৩০ জুলাইত প্ৰকাশ পাবলগীয়া এনআৰচিৰ চূড়ান্ত খচৰাখন দুটা সংস্কৰণত প্ৰকাশ পাব বুলি ঘোষণা কৰিছে।অনলাইন আৰু ছপা দুয়োটা মাধ্যমতে প্ৰকাশ পাব।এনআৰচি ছপা খচৰা বোৰ এনআৰচি সেৱা কেন্দ্ৰ সমূহত উপলব্ধ হব।সেৱা কেন্দ্ৰ সমূহৰ কৰ্মচাৰী সকলে সকলো তথ্য ৰাইজক জনাব।অনলাইন মাধ্যমত যিসকলৰ নাম এনআৰচিত আহিব তেওঁলোকেহে চাব পাৰিব।প্ৰথমখন খচৰা ২০১৭ চনৰ ৩১ ডিচেম্বৰত প্ৰকাশ পাইছিল,তাত ৩.২৯ কোটি নাগৰিকৰ বিপৰীতে ১.৯০ কোটি নাগৰিকৰ নাম অন্তভূৰ্ত হৈছিল।সেৱা কেন্দ্ৰৰ কৰ্মচাৰী সকলে ৰাইজক খচৰা খনত থকা সকলো তথ্য ভালদৰে দেখুৱাব বুলি জানিব দিছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com