দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰাক উদ্দেশ্য কৰি সৰু পৰ্দাৰ অভিনেত্ৰী হিনা খানৰ আৱেগিক প’ষ্ট

দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰাক উদ্দেশ্য কৰি সৰু পৰ্দাৰ অভিনেত্ৰী হিনা খানৰ আৱেগিক প’ষ্ট

সৰু পৰ্দাৰ জনপ্ৰিয় নায়িকা তথা অভিনেত্ৰী হিনা খানে প্ৰথম বাৰৰ কাৰণে কান্স ছবি মহোৎসৱত খোজ পেলাইছে ৷ আৰু সম্প্ৰতি হিনা আছে চৰ্চাৰ শীৰ্ষত ৷ ইতিমধ্যে হিনা খান ইনষ্টাগ্ৰামৰ জৰিয়তে এটি ভাবুক প’ষ্ট অনুৰাগীসকলৈ আগবঢ়াইছে ৷ ইয়াৰ লগতে বলীউড তথা হলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক প্ৰাণ ভৰি প্ৰশংসা কৰিছে ৷ দৰাচলতে দেওবাৰে নিশা এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে প্ৰিয়াংকা চোপ্ৰা আৰু স্বামী নিক জ’নাছে হিনা খানক ব্যক্তিগত ভাৱে আমন্ত্ৰণ জনাইছিল ৷

https://www.instagram.com/p/BxqQDjuHAET/

ইয়াৰ পিছত প্ৰিয়াংকা আৰু নিক জ’নাছৰ আতিথ্যত প্ৰভাৱিত হৈ হিনা খানে ইনষ্টাগ্ৰামত এটি আৱেগিত প’ষ্ট শ্বেয়াৰ কৰে ৷ এগৰাকী বিশ্বব্যাপী খ্যাতি লাভ কৰা ষ্টাৰৰ পৰা পোৱা অপ্ৰত্যাশিত আমন্ত্ৰণ বুলি আৰম্ভ কৰি অভিনেত্ৰী হিনা খানে লিখে যে প্ৰিয়াংকা চোপ্ৰাই এক ছেকেণ্ডৰ কাৰণেও হিনাক অকলশৰীয়া অনুভৱ কৰিবলৈ দিয়া নাছিল ৷ পাৰ্টিত উপস্থিত সকলো লোকৰ লগত হিনাক পৰিচয় কৰাই দিছিল প্ৰিয়ংকা চোপ্ৰাই ।

https://www.instagram.com/p/BxpObsxnitD/

হিনাৰ সফলতা পোৱাৰ ক্ষেত্ৰত অভিনেত্ৰী গৰাকীয়ে সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰি কি দৰে আগুৱাই গৈছে সেই সম্পৰ্কে সকলোৰে সন্মুখত এগৰাকী ষ্টাৰৰ দৰে চিনাকী কৰাই দিয়ে ৷ইফালে হিনা খানে বলীউডত ডেবিউ কৰিব লগীয়া ছবিখনৰ বিষয়তো প্ৰিয়াংকাই শুভেচ্ছা জনায় অভিনেত্ৰী গৰাকীয়ে ৷ সততে সৰু পৰ্দাৰ অভিনেত্ৰীসকলক কিছু কিছু ক্ষেত্ৰত আলোচনা কৰা হয় ৷এই ক্ষেত্ৰত হিনাই কয় যে সৰু পৰ্দাত কাম কৰিছোঁ যদিও মোৰ লগত সকলো আছে ৷পজিশ্যন আছে,শক্তি আছে লগতে পইচা আৰু সকলো ৷

কিন্তু মই ভাবো যে সকলোৰে এটি নতুল আৰম্ভনি হয় ৷মই প্ৰমাণ কৰিব বিছাৰোঁ যে সৰু পৰ্দাৰ অভিনেত্ৰীসকলে সকলো কৰিব পাৰে ৷ তেওঁলোকক সুযোগ?দি চাওঁক ৷ লগতে হিনা কয় যে কোৱাৰ দৰে কাম কৰাটো সহজ নহয় ৷কিন্তু কঠোৰ পৰিশ্ৰমে এইয়া সম্ভৱ কৰি তুলিব ৷ অন্যহাতে কান্স ছবি মহোৎসৱত অংশগ্ৰহণ কৰি হিনা খান আলোচনাৰ সন্মুখীন হৈছিল ৷

কাৰণ এখন আলোচনীৰ সম্পাদকে হিনাক কান্স ছবি মহোৎসৱলৈ যাওঁতে চান্দবলী ষ্টুডিঅ’লৈ যোৱা বুলি কটাক্ষ কৰিছিল৷ হিনাই এই প্ৰসংগত কয় যে এই ধৰণৰ চিন্তা চৰ্চাৰ তেওঁৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়৷ লগতে হিনাই নিজক প্ৰতিষ্ঠিত কৰিম বুলি পণ লয়। হিনাৰ প্ৰথম ছবি "লাইন্স"ৰ জৰিয়তে নিজক প্ৰতিষ্ঠা কৰাৰ সম্পূৰ্ণ প্ৰয়াস কৰিব ৷ইয়াৰো পৰি হিনাই প্ৰিয়ংকা চোপ্ৰাৰ প্ৰসংগত কয় যে আপুনি কেনেধৰণৰ পৰিয়ালৰ পৰা আহিছা সেয়া প্ৰত্যক্ষ নকৰে ৷ আপুনি প্ৰতিভা চাই ।আপোনাৰ আত্মীয়তাত মই আপ্লুত ৷ আত্ম বিশ্বাস,বিনম্ৰতা,মহান বিচাৰেৰে পৰিপূৰ্ণ ব্যক্তি গৰাকীয়েই হ’ল প্ৰিয়ংকা চোপ্ৰা ৷ প্ৰিয়াংকা আপুনি বহুত ভাল ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com