দ্ৰুতগতিত দহ হাজাৰ ক্লাৱত কোহলী

দ্ৰুতগতিত দহ হাজাৰ ক্লাৱত কোহলী

ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১০,০০০ ৰান সংগ্ৰহ কৰিছে।এই সন্মানীয় মাইলষ্টন অৰ্জন কৰা লগে লগে বিশ্বৰ দ্ৰুতগতিত দহ হাজাৰ ক্লাৱত অন্তৰ্ভুক্ত হোৱা খেলুৱৈ হিচাপে পৰিগনিত হল।ভাৰতীয় অধিনায়ক বিৰাট কোহলীক ১০০০০ ক্লাৱত প্ৰৱেশ কৰিবলৈ মাত্ৰ ৮১ ৰানৰ প্ৰয়োজন আছিল । এই ৰেকৰ্ড ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ নামত আছিল ।তেওঁ ২৫৯ ইনিংছ খেলি এই সন্মানীয় ক্লাৱত প্ৰৱেশ কৰিছিল । কোহলীয়ে মাত্ৰ ২০৫ টা ইনিংছটে এই মাইলষ্টন অৰ্জন কৰিবলৈ সক্ষম হয় । অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত অনুষ্ঠিত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ এদিনীয়া শৃংখলাৰ দ্বিতীয় এদিনীয়া খেলত এই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়।কোহলী এদিনীয়াত দহ হাজাৰ ক্লাৱত প্ৰৱেশ কৰা পঞ্চমজন খেলুৱৈ হিচাপে বিবেচিত হল।ইয়াৰ আগতে শচীন তেণ্ডুলকাৰ, সৌৰভ গাঙ্গুলী,ৰাহুল দ্ৰাবিড় আৰু মহেন্দ্ৰ সিং ধোনীয়ে এই সন্মানীয় ক্লাৱত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com