নগাঁওত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কিশোৰী

নগাঁওত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ কিশোৰী
Published on

নগাঁওত অসমৰ পৰা বহিঃৰাজ্যলৈ মানৱ সহবৰাহ কৰা চাৰিটাকৈ মানৱ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰা ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্য সৃষ্টি কৰিছে।প্ৰাপ্ত তথ্য অনুসৰি নগাঁও জিলাৰ পালেংতলিৰ পৰা বিবাহসূত্ৰে হাৰিয়ানাৰ বাসিন্দা হোৱা শীলা দেৱীৰ জড়িয়তে ৰূপেশ্বৰ নাথ নামৰ লোক এজনে হাৰিয়ানাৰ মনমোহন কুমাৰ নামৰ এজনৰ লগত বিয়া দিয়াৰ প্ৰলোভন দেখুৱাই সেই অঞ্চলত কিশোৰী যুৱতী বিচাৰি ফুৰিছিল। কইনাৰ ঘৰত ধন দি হলেও বিয়া কৰাব হাৰিয়ানাৰ মনমোহন কুমাৰে। সেই উদ্দেশ্যেৰে হাৰিয়ানাৰ মনমোহন কুমাৰ আৰু বিজয় কুমাৰে শীলা দেৱীৰ মাকৰ ঘৰত বাহৰ পাতিছিল । কিন্তু কইনা হলে বিচাৰি নাপালে তেওঁলোকে । হঠাৎ দেওবাৰে নিশা তেওঁলোকৰ লগত এগৰাকী কিশোৰী দেখি স্থানীয় ৰাইজৰ সন্দেহ উপজে । কিশোৰী গৰাকী কামপুৰ কচুৱা লুটুমাৰীৰ হাঁহিৰাম পাটৰৰ সৈতে পালেংতলিলৈ আহিছিল । তেওঁলোকৰ কথাৰ মাজত অমিল দেখি স্থানীয় ৰাইজৰ সন্দেহ হোৱাত বেবেজীয়া আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে বহিঃৰাজ্যৰ পৰা অসমৰ জোৱাই হবলৈ অহা মনমোহন কুমাৰ, বিজয় কুমাৰ, শীলা দেৱী আৰু লুটুমাৰীৰ হাঁহিৰাম পাটৰক আটক কৰে । উল্লেখ্য যে, এই চক্ৰটোৱে ৬০-৭০ হাজাৰ টকাৰ বিনিময়ত বহিঃৰাজ্যলৈ কিশোৰী যুৱতী সৰবৰাহ কৰে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com