নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক বাতিলৰ দাবীত ৮ জানুৱাৰীত অসম বন্ধৰ দাবী সদৌ অসম ছাত্ৰ সন্থাৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক বাতিলৰ দাবীত ৮ জানুৱাৰীত অসম বন্ধৰ দাবী সদৌ অসম ছাত্ৰ সন্থাৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ সন্দৰ্ভত শিলচৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ব্যক্তব্যৰ পিছতে সদৌ অসম ছাত্ৰ সন্থা অৰ্থাৎ AASU আৰু অন্যান্য ৩০ টা জাতীয় দল সংগঠনে ৮ জানুৱাৰীত অসম বন্ধৰ আহ্বান জনাইছে ৷ ইফালে আছুৰ লগতে বিধেয়ক খন বাতিলৰ দাবীত উত্তৰ পূৰ্বাঞ্চল বন্ধৰ আহ্বান দিয়ে উত্তৰ পূব ছাত্ৰ সন্থা চমুকৈ নেছ’ৱেই ৷ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই শনিবাৰে এক সংবাদমেলত সাংবাদিকৰ সৈতে হোৱা সাক্ষাতত কয় যে,শুক্ৰবাৰে প্ৰধানমন্ত্ৰীৰ ভাষণৰ পৰা এইটোৱেই প্ৰতিপন্ন হ’ল যে মোডী বাংলাদেশীৰ ৰক্ষক ৷ প্ৰধানমন্ত্ৰী মোডীৰ বাংলাদেশীৰ প্ৰতি প্ৰীতি অধিক ৷ চলিত চৰকাৰখন কেৱল বাংলাদেশীৰ কাৰণে ৷ এই মন্তব্য আছুৰ উপদেষ্টা ভট্টাচাৰ্যৰ ৷

লগতে বিধেয়কখন বাতিল কৰিবলৈ আন্দোলন কৰাৰ পিছতো কিন্তু কেন্দ্ৰ চৰকাৰে এই আন্দোলনক উপেক্ষা কৰিছে। মোডীয়ে গণতন্ত্ৰক বিঘ্নিত কৰিব বিচাৰিছে ৷ ইফালে সততে বন্ধ সংস্কৃতিৰ বিৰোধী আছুয়ে এইবাৰ বিধেয়কখন বাতিলৰ দাবীত ৮ জানুৱাৰীত অসম বন্ধৰ ঘোষণা কৰে ৷এই সন্দৰ্ভত আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে আছুয়ে ১০ বছৰ পৰা বন্ধ পৰা আঁতৰি আছে বা বন্ধ ঘোষণা কৰা নাই৷ আমি বন্ধ সংস্কৃতিৰ বিৰোধী ৷ কিন্তু অনিচ্ছা সত্বেও আমি ৮ জানুৱাৰীত অসম বন্ধৰ ঘোষণা কৰিছোঁ ৷কাৰণ কেন্দ্ৰই বিতৰ্কিত বিধেয়কখন গৃহীত কৰিবৰ কাৰণে উঠিপৰি লাগিছে ৷ লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমৰ জনসাধাৰণক মানসিক ভাৱে প্ৰতাৰিত কৰি আহিছে ৷

অন্যহাতে আছুৰ লগতে উত্তৰ পূব ছাত্ৰ সন্থা অৰ্থাৎ নেছ’ৱেও বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত ৮ জানুৱাৰীতেই উত্তৰ পূৰ্বাঞ্চল বন্ধৰ ঘোষণা কৰে ৷ আছুৰ সভাপতি দীপাংক কুমাৰ নাথে সাংবাদিকৰ লগত হোৱা এক সাক্ষাৎকাৰত কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন্তব্য অসমীয়াৰ কাৰণে এক বৃহৎ প্ৰত্যাহ্বান লগতে যথেষ্ট নিন্দনীয় ৷ ৰাজ্য চৰকাৰে ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব ৷ অসম চুক্তিৰ প্ৰসংগ উত্থাপন কৰি দীপাংক কুমাৰ নাথে কয় যে অসম চুক্তিৰ ৬ নং দফাক বিবেচনা কৰিবৰ কাৰণে এক উচ্চ স্তৰীয় সমিতি গঠন কৰাৰ পদক্ষেপ আৰু অসম চুক্তি ৫ নং দফাক উপেক্ষা কৰি অসমৰ জনগণক প্ৰতাৰিত কৰাৰ এক চালিকা শক্তি ৷ প্ৰধানমন্ত্ৰীৰ দ্বাৰা ঘোষণা কৰা এক পক্ষীয় কথা আমি মানি নলওঁ ৷এই মন্তব্য আছুৰ সভাপতি দীপাংক কুমাৰ নাথৰ ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত কৰা আন্দোলনৰ সন্দৰ্ভত আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে আমি অসমৰ সকলো জনগনে ৭ জানুৱাৰিত ক’লা দিৱস হিচাপে পালন কৰিম ৷ লগতে ৮ জানুৱাৰীত দিয়া অসম বন্ধৰ কথাও উল্লেখ কৰে ৷ ইফালে অহা ২৩ জানুৱাৰীত ৰাজধানী গুৱাহাটীত অনুষ্ঠিত কৰিব "খিলঞ্জীয়াৰ ব্ৰৰ্জ নিনাদ" ৷ ইয়াৰ পিছত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যৰ সকলো ঠাইত জনসভা আয়োজন কৰা হ’ব ৷ অন্যহাতে সদৌ অসম ট্ৰাইবেল সংঘৰ মহাসচিব আদিত্য খাখলাৰীয়ে কয় যে,সদ্য পৰিস্থিতিয়ে জাতীয় নায়কক শিখণ্ডিত পৰিণত কৰিছে ৷ লগতে কয় যে কেন্দ্ৰই ভোট বেংকৰ ৰাজনীতি কৰাত ব্যস্ত আছে ৷ চলিত চৰকাৰ অৰ্থাৎ বিজেপি চৰকাৰ আৰু বিগত চৰকাৰ অৰ্থাৎ কংগ্ৰেছ চৰকাৰৰ মাজত কোনো পাৰ্থক্য নাই ৷ দুয়োখনেই বিশ্বাসঘাটক ৷ দিছপুৰৰ গাদীত বহু অসম আন্দোলনৰ কৰ্মী আছে ।কিন্তু সেই লোকসকলে সম্প্ৰতি বিতৰ্কিত বিধেয়কখনৰ সম্পৰ্কত কেন্দ্ৰৰ লগত একমত হৈছে ৷ এই মন্তব্য AATS ৰ মহসচিব আদিত্য খাখলাৰীৰ ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com