নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ ৰ সন্দৰ্ভত প্ৰশ্ন বিৰোধীৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ ৰ সন্দৰ্ভত প্ৰশ্ন বিৰোধীৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক২০১৯ ক সম্প্ৰতি গৃহীত হোৱাৰ পথত ৷কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়ক খনক লৈ এক বৃহৎ প্ৰশ্নৰ সন্মুখীন হৈছে ৰাজ্য চৰকাৰ ৷ বিধেয়কখনৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন হয় যে বিদেশীসকলক ভাৰতীয় ভূমিত অধিকাৰ থাকিব লাগেনে? যদি তেওঁলোকক সংবিধানে দ্বিতীয়বাৰৰ কাৰণে সকলো অধিকাৰ প্ৰদান কৰে,তেতিয়া অসমৰ স্বদেশী লোকসকলৰ কাৰণে সংবিধানিক সুৰক্ষা কেনেকৈ বাস্তৱত ৰূপায়িত হ’ব?এইসকলো প্ৰশ্নৰ উত্থাপন হ’ল সোমবাৰে অসম বিধানসভাত ৷অসম চুক্তিৰ সন্দৰ্ভত হোৱা প্ৰশ্নোত্তৰ কালত কংগ্ৰিছ বিধায়ক ৰকীবুল হুছেইনে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ গৃহীত হোৱাৰ পিছত যিসমূহ লোকৰ ভাৰতীয় নাগৰিকত্ব লাভ হ’ব। তেওঁলোকৰ ওচৰত ভূমিৰ অধিকাৰ আছেনে? যদি তেওঁলোকৰ ওচৰত ভূমিৰ অধিকাৰ নাই তেন্তে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত ভোট দান প্ৰক্ৰিয়া পাবৰ কাৰণে এক খেলৰ প্লেন কৰা হিচাপে গণ্য কৰা হৈছে ৷

লগতে ৰকিবুল হুছেইনে কয় যায় যে অসম চুক্তি তিনিটা দফাৰ ভিতৰত দুটা দফাৰ স্বাক্ষৰ কৰ্তা কংগ্ৰেছ চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাই নিজৰ স্থিতিত এতিয়াও অটল ৷ইফালে,এজিপিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই কয় যে যদি বিধায়কখনক গৃহীত কৰা হয়,তেতিয়া অসম চুক্তি উপেক্ষিত হৈ পৰিব ৷ যদি প্ৰকৃততে কেন্দ্ৰীয় চৰকাৰ অসমৰ স্বদেশী লোকসকলৰ সাংবিধানিক সুৰক্ষাক গম্ভীৰভাৱে লৈছে,তেতিয়া দুই বছৰৰ পূৰ্বতে অসম চুক্তিৰ ৬ নং দফাৰ কাৰ্যবৰণৰ কাৰণে উচ্চ স্তৰীয় সমিতিৰ গঠন কিয় কৰা নাই ৷ সমাগত লোকসভা নিৰ্বাচন ৷কিন্তু এতিয়াওঁ এই সন্দৰ্ভত কিয় পদক্ষেপ লোৱা নাই ৷এআইইউডিএফৰ বিধায়ক মামুল ইমদাদুল হক চৌধুৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সন্দৰ্ভত কয় যে চৰকাৰে সততে মন্তব্য কৰে অসমৰ স্বদেশী লোকসকলৰ অধিকাৰ সুৰক্ষিত কৰিব ৷ অৱশ্যে,যদি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হয়,তেতিয়া এনেধৰণৰ আশ্বাস পৰিৱৰ্তিত পৰিস্থিতত কোনো প্ৰভাৱ নপৰে ৷

অন্যহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক খনৰ সন্দৰ্ভত হোৱা প্ৰশ্নোত্তৰ কালত কোনো ধৰণৰ স্পষ্ট উত্তৰ দিব নোৱাৰিলে সংসদীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷ অৱশ্যে মন্ত্ৰী পাটোৱাৰীয়ে কয় যে স্বদেশী শব্দটোৰ সংজ্ঞা নিৰ্ণয় কৰাৰ প্ৰসায় কৰা হৈছে ৷আমি ইয়াৰ সংজ্ঞা নিৰুপণ কৰিম ৷এনেধৰণৰ প্ৰয়াস পূৰ্বতেও কৰা হৈছে ৷ অসম চুক্তি ৬ নং খণ্ডক বাস্তৱায়িত কৰাৰ কাৰণে এখন উচ্চ স্তৰীয় সমিতিৰ ঘোষণা কৰিবৰ কাৰণে কেন্দ্ৰই এক সিদ্ধান্ত গ্ৰহণ কৰিব।আমি অসম চুক্তিক এখন দলিলত পৰিণত কৰিবলৈ গৈ আছো ৷আমি জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে দৃঢ় প্ৰতিজ্ঞ ৷প্ৰথমতে বিদেষীক বাংলাদেশীলৈ বহিস্কাৰ কৰা হৈছিল ৷কিন্তু সম্প্ৰতি বিদেশীক বাংলাদেশৰ প্ৰশাসনক চমজাই দিছোঁ ৷

এই সময়তে কংগ্ৰেছ আৰু এআই ইউ ডি এফৰ বিধায়কে কয় যে বিদেশীৰ ন্যায়াধীকৰণলৈ যোৱা প্ৰায় ৮০ শতাংশ লোকক ভাৰতীয় ঘোষণা কৰা হয় ৷লগতে বিধায়কসকলে কয় যে ইয়াৰ অৰ্থ এয়টোৱেই যে আৰক্ষীয়ে নিজক কাম নিয়াৰিকৈ কৰিব পৰা নাই ৷তেওঁলোকে এই সন্দৰ্ভত ন’টিছ জাৰি কৰে যদিও,প্ৰকৃত ভাৰতীয়সকলেহে উৎপীড়নৰ সন্মুখীন হয়।উল্লেখযোগ্য যে ইয়াৰ উত্তৰত মন্ত্ৰী পাটোৱাৰীয়ে কয় যে এতিয়ালৈকে ১.৩০ লাখ লোকক বিদেশী ঘোষণা কৰা হৈছে ৷ইয়াৰ পৰা ২৯,৮২৯ জন লোকক নিৰ্বাসিত কৰা হয়। অৱশ্যে বাকী লোকসকলৰ বিষয়ে এতিয়াও তথ্য পোৱা নাই৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com