নিৰ্বাচন আয়োগলৈ এক বিশেষ আহ্বান মঙলদৈ মিডিয়া চাৰ্ক’লৰ

নিৰ্বাচন আয়োগলৈ এক বিশেষ আহ্বান মঙলদৈ মিডিয়া চাৰ্ক’লৰ

অনাগত সংসদীয় নিৰ্বাচনত সুস্থ পৰিবেশ বৰ্তাই ৰাখিবলৈ সমগ্ৰ অসমত ভাৰতীয় নিৰ্বাচন আয়োগে (Election Commission of India)সুৰাৰ ওপৰত প্ৰতিবন্দকতা আৰোপ কৰিব লাগে ৷ এই দাবী মংগলদৈৰ মিডিয়া চাৰ্ক'লৰ ৷দৰং জিলাত মিডিয়া কৰ্মীসকলৰ Mangaldai Media Circle অৰ্থাৎ MMC সংস্থাটোৱে ভাৰতীয় নিৰ্বাচন আয়োগক উদ্দেশ্য কৰি সুৰা নিষিদ্ধ কৰাৰ কাৰণে দাবী কৰে ৷ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তলৈ লিখিত এখন প্ৰতিবেদনৰ জৰিয়তে সচিব ময়ূখ গোস্বামী আৰু এমএমচিৰ উপদেষ্টা ভাৰ্গৱ কুমাৰ দাসে সুৰাৰ ক্ষেত্ৰত ড্ৰাই ডে ঘোষণা কৰিবলৈ কয় ৷যাতে সকলোৱে স্বাধীনতা আৰু নিৰপেক্ষ ভাৱে ভোটদান কৰিব পাৰে ৷

ইফালে কিছু সংখ্যক ৰাজনেতিক দলে প্ৰলোভনেৰে ভোট ক্ৰয় কৰাৰ সন্দৰ্ভত সংস্থাটোৱে কয় যে সম্প্ৰতি এই সমূহ বিষয় অত্যন্ত সাধাৰণ ঘটনালৈ পৰিণত হৈছে ৷ কিছু গাঁও অঞ্চলৰ লোকসকলক অবৈধ সুৰাৰ প্ৰলোভন দি মন পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰে ৷ আমি ভাৰতবাসীয়ে বিশ্বৰ সন্মুখত গণতান্ত্ৰিক দেশ হিচাপে চিনাকী দি গৰ্ব অনুভৱ কৰোঁ ৷ গতিকে এইয়াই হৈছে উচিত সময় , আমি নিৰ্বাচনৰ সময়ত এক সুস্থ বাতাৱৰণ গঢ়িব লাগে ৷

লগতে প্ৰত্যেকজন ভোটদাতাই সকলো প্ৰলোভন পৰিহাৰ কৰি, নিৰ্বাচনত ভোটদান কৰাৰ জৰিয়তে সাংবিধানিক অধিকাৰ সাব্যস্ত কৰিব লাগে৷ নিৰ্বাচন আয়োগলৈ এই আহ্বান মংগলদৈ মিডিয়া চৰ্কোলৰ ৷উল্লেখ্য যে বিগত সময়ত সুৰা খাই ১৫০ জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ কথাও উল্লেখ কৰে মঙলদৈ মিডিয়া চাৰ্কোলে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com