নুনমাটি ছেক্টৰ-১ৰ পৰা ফ্লাইঙ স্কুৱাৰ্ডে জব্দ কৰে ২৫.১১ লাখ টকা

নুনমাটি ছেক্টৰ-১ৰ পৰা ফ্লাইঙ স্কুৱাৰ্ডে জব্দ কৰে ২৫.১১ লাখ টকা

ৰাজ্যৰ বিভিন্ন প্ৰান্তত লোকসভা নিৰ্বাচনৰ বাবে ফ্লাইঙ স্কুৱাৰ্ডে অভিযান চলাই বৃহৎ পৰিমাণৰ ধন জব্দ কৰিবলৈ সক্ষম হৈছে । বুধবাৰে নুনমাটি ছেক্টৰ-১ত ২৫.১১ লাখ টকা জব্দ কৰিবলৈ সক্ষম হৈছে । এই বৃহৎ পৰিমাণৰ ধন জব্দ কৰাৰ লগতে অমৃত চন্দ্ৰ ডেকা নামৰ এজন লোকক আটক কৰিছে । অমৃত চন্দ্ৰ ডেকাক ইতিমধ্যে অনুসন্ধানৰ বাবে আয়কৰ বিভাগক গটাই দিয়া হৈছে ।

আনহাতে আঠগাওঁৰ ৰবি মাহাতো নামৰ এজন লোকৰ পৰা ৩ লাখ টকা জব্দ কৰা হৈছে । কিন্তু পিছত এই টকা খিনি বিয়াৰ বজাৰ কৰিবলৈ অনা হৈছিল বুলি প্ৰকাশ কৰে ।

ৰাজ্যত তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ । ইতিমধ্যে ১১ এপ্ৰিলত অনুষ্ঠিত হয় প্ৰথম পৰ্যায় ভোট গ্ৰহণ। আজি অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায় নিৰ্বাচন। ২৩ এপ্ৰিলত অনুষ্ঠিত হব তৃতীয় পৰ্যায় ভোট গ্ৰহণ । আজি ৫ টা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায় ভোট গ্ৰহণ । পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায় ভোট গ্ৰহণ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com