নৱবৰ্ষত যদিহে পাৰ্টি কৰাৰ আয়োজন কৰিছে: তেন্তে ক’ত যাব আপুনি?

নৱবৰ্ষত যদিহে পাৰ্টি কৰাৰ  আয়োজন কৰিছে: তেন্তে ক’ত যাব আপুনি?

সমাগত নৱবৰ্ষ ৷ নবৱৰ্ষ উপলক্ষে সকলোৱে নিজৰ গতানুগতিক কৰ্মব্যস্ততাৰ পৰা অলপ আঁতৰি নিৰিবিলি পৰিবেশত নিজৰ পৰিয়াল,প্ৰিয়জনৰ লগত কটাব বিচাৰে ৷ লগতে, কিন্তু তাৰ কাৰণে আপুনি ক’ত যাব ? সেই বিষয়ে আজি আমি আলোচনা কৰিম ৷ গোৱা ৷ প্ৰায় সংখ্যক পাৰ্টী,মস্তীৰ কাৰণে সপোনৰ ঠাই গোৱা ৷ কিন্তু এই গোৱাতেই এনে কিছুমান ঠাই আছে যিসমূহ পৰ্যটকসকলৰ কাৰণে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু তথা আপোনাৰ কাৰণে নতুন বছৰ উদযাপন কৰা কাৰণে অন্যতম ঠাই ৷ উত্তৰ আৰু দক্ষিণ গোৱাৰ অটব্য অৰণ্যৰ মাজত অৱস্থিত এই ঠাইসমূহত প্ৰশান্তি অনুভৱ হোৱাৰ লগতে দুচকুৱে শান্তি পাব ৷ চাওঁ আহক,গোৱাৰ সেই ঠাই সমূহৰ বিষয়ে য’ত আপুনি আপোনাৰ বন্ধু অথবা প্ৰিয়জনৰ লগত সময় কটাব পাৰে ৷

১. মীৰামাৰঃ

পণজীৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই ধুনীয়া ঠাই খনত আৰব সাগৰৰ নীলা নীলা ঢৌ,আকৰ্ষণীয় চৌপাশ দেখি প্ৰত্যেকজন দৰ্শনাৰ্থীৰ মন্ত্ৰ মুগ্ধ হৈ ৰ’ব ৷ ঠাইখনত মনোমোহা পৰিবেশৰ কাৰণে গোল্ডন বীছ নামেৰে জনা যায় ৷

২.মোৱ’ৰ বীছ

আপোনাৰ যদি ৰোমাঞ্চকৰ যাত্ৰা অথবা প্ৰত্যাহ্বান অতিক্ৰম কৰি সফলতা লাভ কৰি ভাল পায় ৷তেন্তে আপুনি যাব পাৰে মোৱ’ৰ বীছলৈ ৷অটব্য ঘন অৰণ্য অতিক্ৰম কৰি পোৱা এই ঠাইত পৰ্যটকসকলৰ কাৰণে ৱাটাৰ স্কীইংগ, ৱাটাৰ ছফিংগ,জেট স্কী,বনানা বম্প ৰাইড,পেৰাছিলিংগৰ ব্যৱস্থা আছে ৷

৩. ৱাগাতোৰঃ

ৱাগাতোৰ মাপুছা পথৰ পণজীৰ পৰা প্ৰায় ২২ কিলো মিটাৰ দুৰত্বত অৱস্থিত । ইয়াত নাৰিকল,খেজুৰৰ গছ অসংখ্য পোৱা যায় ৷ লগতে ৫০০ বছৰ পুৰণি এটি পতুৰ্গাল টিলা আছে এই বাগাতোৰত ৷

৪. মোৰঝিমঃ

মোৰঝিমক "টৰ্টেল বীছ" নামেৰে জনা যায় ৷ এই ঠাইখন আছে উত্তৰ গোৱাত ৷ লগতে মোৰাঝিমত কাছৰ এটি লুপ্ত প্ৰায় প্ৰজাতি অলিবা ৰিডলেৰ বসতি স্থান তথা প্ৰজননৰ স্থান হিছাপে জনা যায় ৷

৫. বাল্লাবাটীম

মজোৰডা বীছৰ দক্ষিন দিশত অৱস্থিত এই বীছখন গোৱাৰ সকলোতকৈ সুন্দৰ বীছ ৷ সুন্দৰ সূৰ্য অস্ত্ৰ যোৱা দৃশ্যৰ কাৰণে ইয়াক "চানচেট বীছ অফ গোৱা" নামেৰেও জনা যায় ৷ লগতে অন্যান্য বীছৰ তুলনাত এই বীছ যথেষ্ট সুন্দৰ তথা ছাফা৷

এতিয়া চাওঁ আহক ৫ খন পাৰ্টিৰ কাৰণে জনপ্ৰিয় ঠাই ৷

১. এল পি কে ৱাটাৰফ্ৰন্টঃ

এই ঠাইখন যিকোনো পাৰ্টিৰ কাৰণে জনপ্ৰিয়৷উন্নত তথা সুন্দৰ সজ্জাৰ লগতে স্থাপত্য ভাস্কৰ্য্যৰে এই ঠাইখনৰ আছে এক বিশেষ তাৎপৰ্য ৷ লগতে ইয়াত সমগ্ৰ নিশা পাৰ্টি হয় ৷ গতিকে আপুনি আপোনাৰ সুবিধা অনুযায়ী ইয়াত অংশগ্ৰহণ কৰিব পাৰে ৷

২. চিন ক্যু বীচ ক্লাৱ

এই ক্লাবটো এলপিকে ৱাটাৰফন্টৰ একেবাৰে কাষতে ৷ ইয়াত ভাৰতীয়ৰ লগতে আন্তঃৰাষ্ট্ৰীয় ডিজেৰ ব্যৱস্থা আছে ৷ইয়াত এলইডী ডাঞ্চিঙৰ লগতে ফায়াৰ ডাঞ্চিং দেখিবলৈ পোৱা যায়। ইফালে ইয়াত গোৱা আৰু ইউৰোপীয়া বিভিন্ন খাদ্য সম্ভাৰৰ সোৱাদ ল’বলৈ পাব আপুনি ।

৩. হিল টপঃ

গোৱাৰ আটাইতকৈ জনপ্ৰিয় ঠাই হিল টৰ্প ৷ গোৱাৰ দৃষ্টিনন্দন চৌপাশ লগতে গছ গছনিৰে আৱৰি থকা ঠাইখন সচাঁকৈয়ে বহুত বেছি আকৰ্ষণীয়। লগতে বিভিন্ন ৰঙৰ আকৰ্ষণীয় দেৱালবোৰে আৰু অধিক আকৰ্ষনীয় কৰি গোৱাৰ হিলটপ ৷

৪. কাৰ্লীজঃ

গোৱাৰ উত্তৰ দিশত অংজুমা ৱীছৰ সন্মুখত কাৰ্লীজ অৱস্থিত ৷ উচ্চ স্তৰীয় সংগীত,ককটেইলছৰ লগতে গোৱাৰ স্থানীয় খাদ্য সম্ভাৰেৰে পাৰ্টীৰ কাৰণে যথেষ্ট উপযোগী ঠাইখন ৷লগতে আপুনি যদি পাৰ্টি কৰি অলপ জিৰণি ল’ব বিচাৰে তেন্তে, জিৰাবলৈও সুবিধা আছে ঠাইখনত ৷

৫. ক্লাব হাম

ক্লাব হাম অংজুমা বীছৰ কাষত অপোৰা হিলছত অৱস্থিত ৷ ইয়াত বিভিন্ন ধৰণৰ ডান্সৰ লগতে সংগীতৰ আনন্দ ল’ব পাৰে সকলোৱে। লগতে, নিশা ফৰকাল আকাশৰ তলত নিয়ন

লাইটৰ পোহৰত পাৰ্টিৰ সম্পূৰ্ণ আনন্দ ল’ব পাৰে আপুনি।

অধিক খবৰৰ বাবে পঢ়ক: বিবিধ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com