পাকিস্তান সমৰ্থনৰ সন্দৰ্ভত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য

পাকিস্তান সমৰ্থনৰ সন্দৰ্ভত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য

জম্মু কাশ্মৰীৰ পুলৱামাত সংঘটিত চিআৰপিএফৰ আত্মঘাটী বোমা বিষ্ফোৰণৰ পিছতে পাকিস্তান সমৰ্থকসকলৰ ফেচবুক পোষ্টে সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ফেচবুক পোষ্ট দিয়া অধিকাংশ যুৱকেই শিক্ষিত ৷ এনে ধৰণৰ প্ৰবৃত্তি সদ্যহতে অশুভ সংকেত বুলি গণ্য কৰা হৈছে ৷ সম্প্ৰতি ৰাজ্যৰ প্ৰশাসন জনগণৰ নিৰাপত্তাৰ কাৰণে সস্ত্ৰম হৈ উঠিছে। এনে ধৰণে ছ’চিয়েল মিডিয়াত দিয়া পোষ্টে যাতে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি নকৰে তাৰ কাৰণে বিশষ দৃষ্টি ৰখাৰ লগতে ৰাজ্যৰ যুৱ প্ৰজন্মক যাতে জেহাদীসকলে বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ প্ৰতিটোও দৃষ্টি ৰাখিব আৰক্ষীয়ে ৷ৰাজ্যৰ উচ্চ পদস্থ এজন আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত কিছুসংখ্যক যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে ৷ তেওঁলোকক প্ৰশ্ন কৰা হ’ব যে,এই ধৰণৰ কাৰ্য সংঘটিত কিয় কৰে ৷ অৱশ্যে তেওঁলোকক কিছুদিনৰ পিছতে মুকলি কৰি দিয়া হ’ব ৷

লগতে আৰক্ষী সূত্ৰটোৰ ভাষ্য অনুসৰি আমি সুনিশ্চিত কৰিব বিচাৰিছোঁ যে জেহাদীসকলে যাতে এই যুৱকসকলক ব্যৱহাৰ কৰিব নোৱাৰে ৷ইফালে বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ লগত হোৱা কথা বাৰ্তাত মন্তব্য কৰে যে আমি কোনো ভাৰত বিৰোধী কাৰ্যকলাপৰ লগত আপোচ কৰা নাই ৷চৰকাৰ সকলো বিৰোধী শক্তিৰ বিৰুদ্ধে তদন্ত কৰিব ৷আমি অসমক দ্বিতীয় কাশ্মীৰ হ’বলৈ নাই দিয়া ৷ অসমৰ ৰহিঙ্গীয়াসকলক ৰক্ষা কৰাৰ কাৰণে এটি অন্ধবিশ্বাসী সংস্থা সক্ৰিয় হৈ আছে ৷ চৰকাৰ ৰাষ্ট্ৰীয় জনসংখ্যা পৰিৱৰ্তনৰ বিষয়ে সচেতন ৷যদিহে সঠিক সময়ত সঠিক পদক্ষেপ লোৱা নহয় তেতিয়া অসমখন মৌলবাদীৰ ঘাটিলৈ পৰিণত হ’ব ৷ জেষ্ঠ অধিবক্তা নেকিবুৰ জামানৰ ভাষ্য অনুসৰি অসমত মৌলবাদী সংগঠনে নিৰৱে কাম কৰি আছে ৷

ছ’চিয়েল মিডিয়াত পাকিস্তানৰ সমৰ্থনত পোষ্ট কৰা যুৱকসকলক সম্ভৱত মৌলবাদীসকলৰ তত্ত্বাৱধানত কাম কৰি আছে ৷ অথবা সেই যুৱকসকলক আৰ্থিক লাভালাভ দেখুৱাই এনেধৰণৰ কামত নিয়োজিত কৰিছে ৷ লগতে নেকিবুৰ জামানে কয় যে গুৱাহাটীত কিছুমান সন্দেহজনক সংগঠনে বৈঠক অনুষ্ঠিত কৰে ৷ গতিকে আৰক্ষীয়ে এনে ধৰণৰ বৈঠকসমূহৰ ওপৰত দৃষ্টি ৰাখিব লাগে ৷ উল্লেখ্য যে সমস্যাৰ মুখ্য শিপা ডাল সামাজিক আৰু অভিভাৱকৰ জাগৰণত আছে ৷প্ৰত্যেকগৰাকী অভিভাৱকে প্ৰত্যক্ষ কৰিব লাগে যে তেওঁলোকৰ সন্তানে কি কৰি আছে ৷সন্তানে ছ’চিয়েল মিডিয়াত কি কৰি থাকে বা ছ’চিয়াল মিডিয়াক সন্তানে কেনেধৰণে ব্যৱহাৰ কৰিছে ৷ ইফালে ছ’চিয়েল মিডিয়াত বিতৰ্কিত পোষ্ট দিয়া যুৱকসকলৰ ক্ষেত্ৰতে সমস্যাটো সীমাবদ্ধ নহয় ৷সমস্যা আছে এই ক্ষেত্ৰত সহানুভূতি লাভ কৰা যুৱকসকলৰ ৷ গতিকে, এই ধৰণৰ বিভ্ৰান্তি কৰ যুৱকসকলক সঠিক পথলৈ অনাটো এক বৃহৎ প্ৰত্যাহ্বান ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com