পুত্ৰ অভিষেক বচ্চনক উদ্দেশ্য কৰি পিতৃ অমিতাভ বচ্চনৰ এটি বিশেষ প’ষ্ট

সম্প্ৰতি অমিতাভ বচ্ছন ব্যস্ত আছে এখন তেলেগু ছবিৰ দৃশ্য গ্ৰহণত ৷ ইয়াৰ মাজতে অমিতাভ বচ্চনে ছবিখনৰ দৃশ্যগ্ৰহণ স্থলীত পুত্ৰ অভিষেক বচ্চনৰ লগত মতবিনিময় কৰা দেখা গৈছে ৷ আৰু অমিতাভ বচ্চনে পুত্ৰ অভিষেক বচ্চনৰ লগত কথা পতা সেই বিশেষ মূহুৰ্তটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে ৷অভিষেকৰ লগত ফ’টোখন শ্বেয়াৰ কৰি অমিতাভ বচ্চনে লিখিছে যেতিয়া পুত্ৰই আপোনাৰ জোতাৰ লগতে একেলগে বহি সময় অতিবাহিত কৰে,তেতিয়া সেই সম্পৰ্কটো পুত্ৰৰ পৰা বন্ধুলৈ ৰূপান্তৰিত হয় ৷

https://www.instagram.com/p/Bv7OhUNhTYV/

সততে বলীউডৰ বিগ বি অমিতাভ বচ্চনে ফ’টোৰ লগত দিয়া কেপচনসমূহৰ কাৰণে বিখ্যাত ৷কিন্তু এই ফ’টোখনত দিয়া কেপচনটোত পুত্ৰ আৰু পিতৃৰ মাজত থকা সম্পৰ্কটো ফুটি উলাইছে ৷ অন্যহাতে অমিতাভ বচ্চন কেৱল পুত্ৰ বা জীয়ৰীসকলৰ লগতেই যে সম্পৰ্ক ভাল তেনে নহয়,নাতিনী আৰাধ্যা,নব্যা অথবা অগ্যস্তৰ লগতো অতিশয় সম্পৰ্ক ভাল ৷অলপতে এটা সাক্ষাৎকাৰত অমিতাভ কৈছিল যে মই তেওঁলোকক বহুত ভাল পাওঁ ৷ মই মোৰ নাতিনীসকলৰ লগত বহুত ধেমালী কৰোঁ ৷ঘৰত সকলোতকৈ ডাঙৰ কাৰণে মোক কোনেও একো নকয়। মোৰ অফিচৰ সকলো বস্তু য’ত ত’ত পেলাই দিয়ে কণমানি আৰাধ্যাই ৷মই যিটো কলমেৰে কাম কৰোঁ তাইক সেইটো কলমহে লাগিব ৷কিন্তু তেওঁলোকৰ সেইসমূহ ধেমালী চাই মই বহুত আনন্দ লাভ কৰোঁ ৷

বলীউডৰ অভিনেত্ৰী তাপ্সী পান্নু আৰু অমিতাভ বচ্চনৰ এখন নতুন ছবি বদলা সম্প্ৰতি চৰ্চাৰ শীৰ্ষত ৷ কাৰণ অমিতাভ বচ্চন আৰু তাপ্সী পান্নুৰ পিংক ছবিখনে ইতিমধ্যে খলকনিৰ সৃষ্টি কৰিছে বক্স অফিচত ৷বদলা ছবিখনৰ প্ৰমোশ্যনৰ কাৰণে ছবিখনৰ কলা কুশলী সকলে লৈছিল এক বিশেষ পন্থা ৷ কিন্তু অনুষ্ঠানটোত বিগ বি অমিতাভ বচ্চন আৰু বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানে অতি আনন্দৰে,ধেমেলীয়াৰে আগবঢ়াই নিছিল ৷ প্ৰায় ৮ মিনিট ৬ ছেকেণ্ডৰ অনুষ্ঠানটিত বিগ বি অমিতাভ বচ্চন আৰু বাদশ্বাহ শ্বাহৰুখ খানে যথেষ্ট আনন্দ কৰিছে ৷

এই অনুষ্ঠানটিত কেতিয়াবা শ্বাহৰুখ খানে বিগ বি অমিতাভ বচ্ছনক প্ৰশ্ন কৰে আৰু কেতিয়াবা বিগ বীয়ে শ্বাহৰুখ খানক প্ৰশ্ন কৰে ৷ইফালে এই অনুষ্ঠানটোত বিগ বি অমিতাভ বচ্চনে ৰোমন্থন কৰিলে অভিনয় জীৱনৰ প্ৰথম স্তৰৰ কথা ৷ শ্বাহৰুখ খানে অভিনয় জগতলৈ কেনেদৰে আহিল বুলি সোধা এক প্ৰশ্নৰ উত্তৰত বিগ বিৰ মন্তব্য যে কিণ্ডাৰ গাৰ্ডেনত থাকোতেই অমিতাভ বচ্চনে অভিনয় জীৱনত খোজ পেলাইছিল ৷ তেতিয়াই বিগ বিয়ে মুৰ্গীৰ এটি পোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল। লগতে বিগ বিয়ে কয় যে ৫০ বছৰৰ আগতে বিগ বিৰ প্ৰথম ছবি ১৯৬৯ চনৰ ১৫ ফেব্ৰুৱাৰীত সাত হিন্দুস্তানীৰ কাৰণে চহী কৰিছিল ৷ তাৰ কাৰণে বিগ বিয়ে মাত্ৰ ৫ হাজাৰ টকা লাভ কৰিছিল।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com