পুলোৱামা কাণ্ডত পাছত শ্ৰীনগৰত অধিক অসামৰিক বাহিনী মোতায়েন

পুলোৱামা কাণ্ডত পাছত শ্ৰীনগৰত অধিক অসামৰিক বাহিনী মোতায়েন

১৪ ফেব্ৰুৱাৰীত পুলোৱামাত সংঘটিত বৰ্বৰ আক্ৰমণৰ ঘটনাৰ পাছত কাশ্মীৰত যুদ্ধ সদৃশ পৰিবেশ বৰ্তমানেও বৰ্তি আছে। শুকুৰবাৰে JKLF প্ৰধান য়াছিন মালিকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। শ্ৰীনগৰৰ মৈছুমাস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা য়াছিন মালিকক সম্প্ৰতি ৰখা হৈছে কাশ্মীৰৰ ক’থিবাগ থানাত। শুকুৰবাৰে আটক কৰিছিল বিচ্ছিন্নতাবাদী নেতাজনক|

কাশ্মীৰত নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰাৰ লগতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযানো চলাই আছে সেনা বাহিনীয়ে । পুলোৱামা কাণ্ডত ৪০ জনকৈ সেনা জোৱান শ্বহীদ হৈছিল । যি ঘটনাই সমগ্ৰ দেশবাসীক কন্দোৱাই গৈছিল । এই আক্ৰমণৰ দায়িত্ব পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন জেইছ ই-মহম্মদে স্বীকাৰ কৰিছিল ।এই ঘটনাৰ পাছত ভাৰত পাকিস্তানৰ সম্পৰ্ক তিক্ততাপূৰ্ণ হৈ পৰিছে ।

শ্ৰীনগৰত শুকুৰবাৰে নিশা আৰু অধিক অসামৰিক বাহিনী মোতায়েন কৰিছে । ৪৫ CRPF , ৩৫ জন BSF আৰু SSB ৰ প্ৰত্যেকৰ ১০ জন আৰু ITBP মোতায়েন কৰিছে । কাশ্মীৰৰ উত্তৰ আৰু দক্ষিণ প্ৰান্তৰ পৰা জামাত-ই-ইছলামীৰ প্ৰায় ২০ জনকৈ সন্ত্ৰাসবাদীক আটক কৰা হৈছে । আটক কৰা সকলৰ ভিতৰত আমিৰ জামাতৰ মুখ্য ড' আব্দুল হামিদ ফায়াজ, ন্যায়াধীশ জাহিদ আলি, গুলাম কোৱাদাৰ ল'নকে ধৰি ২০ জনক আটক কৰিছে|

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com