পুলৱামাৰ আত্মঘাতী বিষ্ফোৰণে চুই গৈছে বলীউডৰ চেলীব্ৰেটীক

পুলৱামাৰ আত্মঘাতী বিষ্ফোৰণে চুই গৈছে বলীউডৰ চেলীব্ৰেটীক

দেশৰ সৰ্বত্ৰে জম্মু কাশ্মীৰৰ ঘটনাক একমুখে গৰিহনা দিয়াৰ লগতে বলীউডৰ চেলীব্ৰেটীসকলেও এই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰিছে ৷ বলীউডৰ চিৰসেউজ অভীনেত্ৰী প্ৰয়াত শ্ৰীদেৱী আৰু বনীকাপুৰৰ জীয়ৰী জাহ্নৱী কাপুৰে জম্মু কাশ্মৰীৰ পুলৱামাত সংঘটিত হোৱা ঘটনাৰ সন্দৰ্ভত নিজৰ মনৰ ব্যক্তব্য এখন পত্ৰৰ যোগেদি প্ৰকাশ কৰে। ইফালে বলীউডৰ অন্যান্য অভিনেতা অভিনেত্ৰীসকলৰ ভিতৰত আছে শ্বাহৰুখ খান,অক্ষয় কুমাৰ,কংগনা ৰাণাউট,বৰুণ ধাৱনৰ দৰে বহু চেলীব্ৰেটীয়ে এই কাৰ্যক ছ’চিয়েল মিডিয়াৰ জৰিয়তে গৰিহনা দিছে ৷

ইফালে অভিনেত্ৰী জাহ্নৱী কাপুৰে পত্ৰখনত উল্লেখ কৰে যে, মই বহুত দুঃখিত যে,আমাৰ লোকসকলে নিজৰ কাৰণে যুদ্ধ কৰাৰ কোনো সুবিধা নাপায়। লগতে অভানেত্ৰী গৰাকীয়ে পুলৱামাত নিজৰ জীৱন দান দিয়া বীৰ জোৱানসকলৰ আত্মাই যাতে চিৰ শান্তি লাভ কৰে তাৰ কাৰণে প্ৰাৰ্থনা কৰে ৷ উল্লেখ্য যে ১৪ ফ্ৰেব্ৰুৱাৰীত পাকিস্তানস্থিত সন্ত্ৰাসবাদী সংগঠন জেইছ ই মহম্মদে পুলৱামাত সংঘটিত আত্মঘাটী বোমা বিষ্ফোৰণৰ দায়িত্ব লয় ৷ এই আত্মঘাটী বোমা বিষ্ফোৰণত শ্বহীদ হ’ল চিআৰপিএফৰ ৪০ জন বীৰ জোৱান ৷ সম্প্ৰতি ৪০ জনতকৈ অধিক বীৰ জোৱান শ্বহীদ হোৱাৰ পিছত সমগ্ৰ দেশ জোঁকাৰি যোৱাই নহয় সমগ্ৰ দেশক একত্ৰিতও কৰিলে।

এক তথ্য অনুসৰি বলীউডৰ বিগ বি অমিতাভ বচ্চনে শ্বহীদৰ পৰিয়াললৈ ৫ লাখ টকাকৈ প্ৰদান কৰিব ৷ সম্প্ৰতি বিগ বিয়ে এই সমগ্ৰ ঘটনাক প্ৰত্যক্ষ কৰি আছে যে,কেনেকৈ শ্বহীদৰ পৰিয়ালক কেনেকৈ সাহাৰ্য প্ৰদান কৰিব ৷

বলীউডৰ আন এজন নতুন প্ৰজন্মৰ অভিনেতা বৰুণ ধাৱনেও পুলৱামাত শ্বহীদ হোৱা বীৰ জোৱানসকলৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছে। বৰুন ধাৱন সম্প্ৰতি আহিবলগীয়া ছবি "ষ্ট্ৰীট ডান্সাৰ ৩ ডী" দৃশ্যগ্ৰহণ কৰি আছে ৷ ৪০ জন বীৰ জোৱান শ্বহীদ হোৱা তথা বহুকেইজন আহত হোৱা ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দি বৰুন ধাৱানে লিখে যে "জয় হিন্দ" মই কেতিয়াওঁ হিংসাৰ ওপৰত কেতিয়াো বিশ্বাস নকৰোঁ ৷ কিন্তু আমাৰ সৈনিক সকলক আক্ৰমণ কৰিবৰ কাৰণে শত্ৰুৰ ৰূপত ভীৰুসকল আছে ৷সন্ত্ৰাসবাদ সম্প্ৰতি এটা ব্যৱসায়লৈ পৰিণত হৈছে ৷কিন্তু আমাৰ সৈনিকসকল উচ্চ পৰ্যায়ৰ ৷তেওঁলোকে মানুহৰ মাজত ঘৃণা বিয়পোৱা যিকোনো কাম নকৰে ৷

https://www.instagram.com/p/Bt6f0_8ne4O/

বৰুন ধাৱান,শ্ৰদ্ধা কাপুৰ,ৰেম’ ডিচুজাৰ লগত "ষ্ট্ৰিট ডান্স"ৰ কলাকুশলী সকলে লণ্ডনত ছবি খনৰ দৃশ্যগ্ৰহণ থলীত এক মিনিট সময় মৌন ব্ৰত পালন কৰে ৷লগতে শ্বহীদ হোৱা বীৰ জোৱানসকলৰ আত্মাৰ চিৰশান্তিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে ৷

https://www.instagram.com/p/Bt7hWBVDfgI/

আনহাতে, দেশৰ লগতে সমগ্ৰ বিশ্ব কপাঁই যোৱা পুলৱামাত সংঘটিত আত্মঘাটী বোমা বিষ্ফোৰণত শ্বহীদ হোৱা সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জনাই কংগনা ৰানাউটে মণিকৰ্ণিকাৰ সাফল্যৰ কাৰণে দিয়া পাৰ্টিক বাতিল কৰে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে এই ঘটনাৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি উল্লেখ কৰে ৷যেতিয়া সকলো দেশে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুজঁ দিব,তেতিয়া সন্ত্ৰাসবাদী নিঃশেষ হৈ যাব ৷জোৱানসকলে দেশৰ কাৰণে প্ৰাণ আহুতি দিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আশ্বাস প্ৰদান কৰে যে, অপৰাধ সংঘটিত কৰা দুস্কৃতিকাৰীসকলক নিঃশেষ কৰাৰ কাৰণে উচিত ব্যৱস্থা লোৱা হ’ব৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com