প্ৰসংগঃনাগৰিকত্ব সংশোধনী বিধেয়ক২০১৬ঃ ৰাজপথত জোঁৰ সমদলেৰে অসম গণ পৰিষদ

প্ৰসংগঃনাগৰিকত্ব সংশোধনী বিধেয়ক২০১৬ঃ ৰাজপথত জোঁৰ সমদলেৰে অসম গণ পৰিষদ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক লৈ সম্প্ৰতি সমগ্ৰ ৰাজ্যতে উত্তাল অব্যাহত আছে ৷ এই সময়তে শুক্ৰবাৰে বিয়লি অসম গণ পৰিষদে (AGP)

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এক জোঁৰ সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷গুৱাহাটীৰ এই সমদলত দলটোৰ সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু ৰমেন্দ্ৰ নাৰায়ন কলিতাৰ লগতে গণ্য মান্য ব্যক্তি সকলে ভাগ লয় ৷ ইফালে সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰত দলটোৰ সাধাৰণ সম্পাদক বীৰেন্দ্ৰ কুমাৰ বৈশ্যই কয় যে আজিৰ এই সমদল বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে আমাৰ প্ৰথম পদক্ষেপ ৷

যেতিয়ালৈকে আমাৰ তিনিজন মন্ত্ৰী সোনোৱাল চৰকাৰত আছিল ৷তেতিয়ালৈকে আমি চৰকাৰৰ এক অংশ ৰূপে প্ৰতিবাদ কৰি আছিলোঁ ৷কিন্তু সম্প্ৰতি আমি মন্ত্ৰী মণ্ডলৰ গণ্ডীৰ বাহিৰৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিছোঁ ৷ কাৰণ আমাৰ সহযোগীয়ে বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰাৰ কাৰণে প্ৰথমতেই পদত্যাগ পত্ৰ দাখিল কৰিছে ৷ লগতে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কয় যে এই বিধেয়ক খনে স্বদেশী লোকসকলক বিৰোধ কৰে ৷অগপই অসমীয়া লোকসকলৰ আবেগ ভাৱনাক সন্মান কৰে ৷যেতিয়ালৈকে চৰকাৰে বিধেয়কখন প্ৰত্যাহাৰ নকৰে, তেতিয়ালৈকে আমি আমাৰ প্ৰতিবাদ অব্যাহত ৰাখিম ৷

অন্যহাতে, অগপৰ নেতৃত্ব উলিওৱা এই ৰেলী মংগলদৈ,নলবাৰী, বোকাখাত,যোৰহাট, কলিয়াবৰ, ডিব্ৰুগড়,তিনিচুকীয়া, ধুবুৰী আৰু নগাঁৱৰ লগতে ৰাজ্যৰ অন্যান্য স্থানত দেখা গ’ল ৷ বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ প্ৰত্যাহাৰ কৰাৰ কাৰণে সৰ্বত্ৰে সম্প্ৰতি প্ৰতিবাদৰ জোৱাৰ উঠিছে ৷ ইফালে ২৪ জানুৱাৰীত অগপৰ বিধায়ক সকলে অনশন কৰিব ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com