প্ৰসংগ নিৰ্বাচনঃ তিনিচুকীয়াত ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

প্ৰসংগ নিৰ্বাচনঃ তিনিচুকীয়াত ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

নিৰ্বাচনৰ কাৰণে সম্প্ৰতি সাজু হৈছে সকলো ৷ তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ লোকসকলে ঘাটোৱাৰক পাহৰি গ’ল। শাসনলৈ অহাৰ পিছত বিজেপি চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি ৯৯ শতাংশ পূৰণ কৰিছে ৷ আৰু অসমৰ ভোটদাতা সকলৰ মাজত বিশ্বাস ভাজন হোৱাত উপকৃত হৈছে ৷ এই মন্তব্য বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷

শনিবাৰে তিনিচুকীয়াস্থিত বাহাদূৰ চাৰিআলিত হোৱা এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ড° হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে ডিব্ৰুগড়ৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীৰ সন্দৰ্ভত মন্ত্ৰী ড° শৰ্মাই কয় যে বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলীয়ে অনাগত নিৰ্বাচনত অভূতপূৰ্ব সাফল্য কৰিব ৷

এই বৈঠকখনত তিনিচুকীয়া জিলাৰ অগপৰ সভাপতি প্ৰবিন দত্ত,জিলাৰ বিজেপি সভাপতি লোখেশ্বৰ মৰান আৰু তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিশানৰ লগতে অন্যান্য লোকসকল উপস্থিত আছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com