বলীউডৰ অভিনেতা ৰনৱীৰ সিং "৮৩" ক লৈ যথেষ্ট উৎসুকঃ কিন্তু কিয়?

বলীউডৰ অভিনেতা ৰনৱীৰ সিং "৮৩" ক লৈ যথেষ্ট উৎসুকঃ কিন্তু কিয়?

ক্ৰিকেটাৰ কপিল দেৱৰ জীৱনৰ ওপৰত আধাৰিত ছবি "৮৩" সম্প্ৰতি চৰ্চাৰ শীৰ্ষত ৷ ছবি কপিল দেৱৰ নাম ভূমিকাত অভিনয় কৰিছে বলীউডৰ অভিনেতা ৰণৱীৰ সিঙে। কপিল দেৱৰ জীৱনৰ ওপৰত আধাৰিত ছবিখনক লৈ যথেষ্ট উৎসুক প্ৰকাশ কৰিছে ৰনৱীৰ সিঙৰ ৷ কপিল দেৱৰ সন্দৰ্ভত মন্তব্য কৰি ৰনৱীৰ সিঙে কয় যে কপিল ছাৰৰ লগত সময় কটাবলৈ মই বহুত উৎসুক ৷কাৰণ কপিল দেৱৰ লগত কটোৱা মুহুৰ্তসমূহে ছবিখনত অভিনয় কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব ৷ কপিল দেৱৰ কাহিনী, অনুভৱ, বিচাৰধাৰা,ভাৱনা,ভাবধাৰ আদি সকলো অনুভৱ ছবিখনৰ জৰিয়তে বাস্তৱায়িত কৰিবৰ চেষ্টা কৰিব ৷

লগতে অভিনেতা ৰনৱীৰ সিঙে কয় যে কপিল দেৱৰ পৰা বহু ক্ৰিকেটাৰে টিপছ ল’বৰ কাৰণে উৎসুকতা প্ৰকাশ কৰে ৷ৰনৱীৰৰ অনুসৰি কপিল দেৱৰ উপলব্ধি অসাধাৰণ ৷ কপিল দেব হৈছে এজন দৃঢ়তাসম্পন্ন ব্যক্তি ৷প্ৰচুৰ আত্মবিশ্বাস,প্ৰচুৰ ইচ্ছাশক্তি,এক সকৰাত্মক মানসিকতাৰ মাধ্যমেৰে কপিল দেৱ এজন সফল খেলুৱৈ হৈছে ৷লগতে অভিনেতা ৰনৱীৰ সিঙে কয় যে,কপিল দেৱৰ পৰা তেওঁ বহুত প্ৰেৰণা লাভ কৰিছে ৷

অন্যহাতে এই ৰোমাঞ্চকৰ চৰিত্ৰটোত অভিনয় কৰাৰ কাৰণে নিজকে প্ৰস্তুত কৰিছে ৰনৱীৰ সিঙে ৷উল্লেখ্য যে ৰনৱীৰ সিঙে ৮৩ ছবিখনৰ দৃশ্যগ্ৰহণ ইংলেণ্ডৰ প্ৰতিষ্ঠিত লৰ্ডছ ক্ৰিকেট ষ্টেডিয়ামত হ’ব। যাতে ১৯৮৩ চনত বিশ্ব কাপ জয়ী হোৱাৰ ক্ষণক পুনৰাই ৰোমান্থন কৰিব পাৰে ৷আৰু সেই সময়ত কপিল দেৱে টীম ইণ্ডিয়াৰ অধিনায়কৰ ৰূপত বিশ্ব কাপ জয়ী হৈছিল ৷ইয়াৰোপৰি ৰনৱীৰ সিঙৰ আন এখন ছবি হৈছে গুলী বয় ৷

প্ৰায় ৫০০ কোটি উপাৰ্জন কৰা ৰনৱীৰ সিঙৰ ছবিসমূহৰ পিছত সদ্যহতে মুক্তিৰ অপেক্ষাত থকা ছবিখনত লৈ যথেষ্ট উৎসাহী অনুৰাগীসকল৷ ইফালে, “গলী বয়” ছবিখনত ৰনৱীৰ সিঙৰ লগত অভিনয় কৰিছে অভিনেত্ৰী আলিয়া ভট্টই ৷ছবিখনৰ ট্ৰেইলৰ সম্প্ৰতি মুক্তি লাভ কৰিছে ৷ডাৰেক্টৰ জোয়া আখতাৰৰ ২.৪০ ছেকেণ্ডৰ এই ট্ৰেইলৰটোৱে যথেষ্ট চৰ্চা লাভ কৰিছে ৷ কাৰণ আলিয়া আৰু ৰনৱীৰৰ যুটিয়ে আকৰ্ষণ কৰিছে সকলোকে ৷ ছবিখনত আলিয়া ভট্টৰ কমেডী সংলাপ সমূহে চৰ্চা লাভ কৰিছে সৰ্বত্ৰে ৷

ইফালে ৰনৱীৰ সিঙক এজন ৰেপাৰৰ ৰূপত উপস্থাপন কৰিছে ছবিখনত । উল্লেখ্য যে,”গলী বয়” ছবিখন মুক্তি পাব “ভেলেন্টাইন ডে” অৰ্থাৎ ১৪ ফ্ৰেব্ৰুৱাৰীত ৷ ইফালে ছবিখনত লৈ যথেষ্ট আশাবাদী ৰনৱীৰ সিঙৰ লগতে কলা কুশলী সকল ৷সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰনৱীৰ সিঙে সদ্য মুক্তি প্ৰাপ্ত ছুপাৰহিট ছবি “চিম্বা”ৰ প্ৰসংগৰ কথা উত্থাপন কৰি কয় যে,চিম্বাত মোৰ চৰিত্ৰ আছিল যথেষ্ট দুষ্ট,মনোৰঞ্জকৰ লগতে মৰমিয়াল লোকৰ চৰিত্ৰত অভিনয় কৰিছোঁ ৷ইয়াৰ বিপৰীতে “গলী বয়”ত মই শান্ত শিষ্ট এজন যুৱকৰ চৰিত্ৰত অভিনয় কৰিছোঁ ৷ লগতে বিভিন্ন চৰিত্ৰত অভিনয় কৰাৰ কাৰণে নিজকে ভাগ্যশালী বুলি কয় ৰনৱীৰ সিঙে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com