বলীউডৰ এইগৰাকী অভিনেত্ৰীয়ে বিয়াৰ প্ৰসংগত কি ক’লে ?

বলীউডৰ এইগৰাকী অভিনেত্ৰীয়ে বিয়াৰ প্ৰসংগত কি ক’লে ?

বলীউডৰ অভিনেত্ৰী সোনাক্ষী সিন্হাই (Sonakshi Sinha) মন্তব্য কৰে যে আলিয়া ভাট্ট আৰু বৰুণ ধাৱনতকৈ আগেয়ে বিবাহ পাশত আৱদ্ধ হ’ব সোনাক্ষী ৷ কলংক ছবিৰ প্ৰমোশ্যনত টেলিভিশ্যনৰ এটি অনুস্থানত দিয়া এই মন্তব্যটোৱে সম্প্ৰতি চৰ্চা লাভ কৰিছে । অনুষ্ঠানটিত হোৱা এক মত বিনিময়ত বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্ট ,অভিনেত্ৰা বৰুণ ধাৱন আৰু অভিনেত্ৰী সোনাক্ষী সিন্হাক প্ৰশ্ন কৰে যে সকলোতকৈ আগেয়ে কোনে বিবাহ পাশত আৱদ্ধ হ’ব ৷ তেতিয়া সোনাক্ষী সিন্হাই নিজৰ নাম লোৱাৰ লগতে আলিয়া আৰু বৰুণ ধাৱনতকৈ আগেয়ে বিয়া হোৱাৰ কথাও উল্লেখ কৰে ৷

সম্প্ৰতি বিয়াৰ কাৰণে উপযুক্ত পাত্ৰৰ সন্ধানত থকাৰ কথাও উল্লেখ কৰে ৷ উল্লেখ্য যে সম্প্ৰতি সোনাক্ষী সিন্হাই অভিষেক বাৰ্মাৰ কলংক ছবি খনত ব্যস্ত আছে ৷ ইয়াৰ উপৰিও সোনাক্ষীক দেখিবলৈ পোৱা যাব দাবাং ৩ আৰু মিশ্যন মংগলত।ইফালে সোনাক্ষী সিন্হা আৰু ছলমান খানৰ লগতে বহু ষ্টাৰ ছুপাৰষ্টাৰ সমাবেশত নিৰ্মাণ হোৱা দাবাং ৩ দৃশ্যগ্ৰহণ আৰম্ভ হৈছে।

https://www.instagram.com/p/BvtFMmAFLuF/

অন্যহাতে কলংক ছবিখনৰ পষ্টাৰ , টিজাৰ আৰু গীতে সম্প্ৰতি চৰ্চা লাভ কৰিছে ৷

https://www.instagram.com/p/BvykpVWASxN/

আজি কলংক ছবি ট্ৰেইলৰ লঞ্চ অনুষ্ঠানত উপস্থিত থাকে সোনাক্ষী সিন্হা,আলিয়া ভাট্ট,বৰুণ ধাৱান, সঞ্জয় দত্ত আদি ৷ সম্প্ৰতি সকলো চলচ্চিত্ৰ প্ৰেমীৰে অপেক্ষা মাথো ১৭ এপ্ৰিললৈ ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com