বলীউডৰ কুইন কংগনা ৰানাউটৰ প্ৰশংসাত পঞ্চমুখ কৰণ জোহৰ

বলীউডৰ কুইন কংগনা ৰানাউটৰ প্ৰশংসাত পঞ্চমুখ কৰণ জোহৰ

বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউট আৰু প্ৰযোজক পৰিচালক,এংকৰ, বিছাৰক কৰণ জোহৰৰ শীতল যুদ্ধৰ কথা নিশ্চয় কোৱাৰ প্ৰয়োজন নাই। বলীউডৰ খবৰ ৰখা সকলে কংগনা ৰানাউট আৰু কৰণ জোহৰৰ মাজত থকা সম্পৰ্কৰ কথা জানে ৷কিন্তু সম্প্ৰতি কৰণ আৰু কংগনাৰ মাজত থকা শীতল যুদ্ধখন শেষ হোৱাৰ ইংগিত দিছে কৰণ জোহৰে ৷

কাৰণ,সদ্যহতে কৰণ জোহৰে অভিনেত্ৰী কংগনা ৰাণাউটৰ প্ৰশংসা কৰি কয় যে কংগনা বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী সকলৰ ভিতৰত অন্যতম ৷ ভৱিষ্যতে মই কংগনাৰ লগত কাম কৰিব বিচাৰো ৷ ইফালে,কংগনা ৰানাউট আৰু কৰণ জোহৰৰ মাজৰ যুদ্ধখন আজিৰ নহয়। দুবছৰৰ পূৰ্বে কংগনা ৰানাউট কৰণ জোহৰৰ কফী উইথ কৰণলৈ আহিছিল ৷ অনুষ্ঠানটোত কংগনাই কৰণৰ ওপৰত নেপোটিজমৰ আৰোপ লগাইছিল ৷ আৰু কংগনা ৰানাউটে মন্তব্য কৰিছিল যে কৰণ বলীউডত ষ্টাৰসকলৰ ভাই ভতিজাক স্থান দিয়ে ৷ কৰণ হৈছে ছবি মাফিয়া ৷

ইয়াৰ পিচতেই কৰণ জোহৰ কংগনা ৰানাউটৰ প্ৰতি ক্ষোভিত হৈ কংগনা পৰা দূৰত থাকে। অন্যহাতে কিছুদিন পূৰ্বে কৰণ জোহৰে কংগনাক কটাক্ষ কৰি কয় যে কৰণ জোহৰে ভাই ভতিজা জাতীয় বিষয়ক পছন্দ নকৰে,অন্য ব্যক্তিয়ে কৰিব পাৰে , সেয়ে মই তেনে ব্যক্তিৰ কথা ক’বলৈ এৰি দিলো ৷মই নিজৰ কাম কৰোঁ ৷ কৰণ জোহৰৰ ইংগিত কংগনাৰ ফালে আছিল ৷

উল্লেখ্য যে কৰণ জোহৰৰ এই মন্তব্যৰ পিছত অনুভৱ হৈছে অনতিপলমে কংগনা ৰানাউটক কৰণ জোহৰৰ ছবিত দেখিবলৈ পোৱা যাব ৷ ইফালে বলীউডৰ দুয়ো গৰাকী ষ্টাৰ সম্প্ৰতি ব্যস্ত আছে নিজৰ নিজৰ কামত ৷কংগনা ৰানাউট ব্যস্ত আছে ছবি পাংগাৰ দৃশ্য গ্ৰহণত আৰু কৰণ জোহৰ ব্যস্ত আছে কলংকৰ দৃশ্য গ্ৰহণত ৷

ইফালে কংগনা ৰানাউটে অভিনেত্ৰী আৰু ৰাজনৈতিক নেত্ৰী জয়াললিতাৰ বায়’পিকত অভিনয় কৰিব অভিনেত্ৰী কংগনা ৰানাউটে ৷ কিন্তু জয়াললিতাৰ বায়’পিকত কংগনা ৰানাউটক অ’ফাৰ কৰা পাৰিশ্ৰমিকেহে সকলোকে আচম্বিত কৰিছে ৷ কাৰণ কংগনা ৰানাউটক পাৰিশ্ৰমিক হিচাপে অ’ফাৰ কৰিছে ২৪ কোটি টকা ৷ আৰু ইয়াৰ কাৰণে কংগনা ৰানাউটে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে ৷ ইয়াৰ কাৰণে কংগনা ৰানাউটে তামিল শিকিব ৷ যাতে জয়া ললিতাৰ চৰিত্ৰটো বাস্তৱায়িত কৰিব পাৰে ৷

এই সন্দৰ্ভত কংগনা ৰানাউটে কয় যে মই জয়াললিতাৰ চৰিত্ৰটো আৰু ওচৰৰ পৰা জানিব বিছাৰো ৷ সেই চৰিত্ৰটোৰ লগত মই একাত্ম হ’ব বিচাৰোঁ ৷ কাৰণেই মই তামিল শিকিব বিছাৰোঁ ৷ যেতিয়াই পংগা আৰু মেন্টল হ্যে কিয়া ছবি খনৰ দৃশ্য গ্ৰহণ সমাপ্ত হ’ব তেতিয়াই মই তামিল ভাষা শিকিবলৈ ক্লাছ কৰিম ৷

বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটে ২৩ মাৰ্চত হৈ যোৱা জন্ম দিনত ৰাজনৈতিক নেত্ৰী জয়াললিতাৰ বায়’পিকত অভিনয় কৰাৰ কথাটো ঘোষণা কৰে । আৰু ইয়াৰ লগে লগে কংগনা ৰানাউট দেশৰ সকলোতকৈ দামী অভিনেত্ৰীৰ খিতাপো লাভ কৰে ৷ এক তথ্য অনুসৰি তামিল আৰু হিন্দী ভাষাত নিৰ্মিত হ’ব লগা এই ছবিখনৰ নিৰ্মাতাকাৰী সকলে কংগনা ৰাণাউটৰ ওপৰত বহুতো ভৰষা কৰিছে ৷ সেয়েহে ২৪ কোটি টকা দিবলৈও কোনো চিন্তা কৰা নাই ছবিখনৰ নিৰ্মাতাসকলে ।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com