বলীউডৰ ছবিত পিতা পুত্ৰৰ লগত অভিনয় কৰা কেইগৰাকীমান জনপ্ৰিয় অভিনেত্ৰী

বলীউডৰ ছবিত পিতা পুত্ৰৰ লগত অভিনয় কৰা কেইগৰাকীমান জনপ্ৰিয় অভিনেত্ৰী

বলীউডৰ ছবিসমূহত অভিনেত্ৰীসকলৰ প্ৰায়ে বিভিন্ন ধৰণৰ পৰিৱৰ্তন দেখা যায়। সেয়া চৰিত্ৰৰ ক্ষেত্ৰতেই হওঁক বা সংলাপৰ ক্ষেত্ৰেই হওঁক। কিন্তু আজি আমি বলীউডৰ সেইসকল অভিনেত্ৰীৰ বিষয়ে আলোচনা কৰিম ৷ যিসকলে বলীউডত পিতৃৰ লগতে পুত্ৰৰ সকলৰ লগতো অভিনয় কৰিছে ৷

বলীউডৰ চিৰ সেউজ অভিনেত্ৰী হেমা মালিনীয়ে চপনো কা চোদাগৰ ছবিৰ জৰিয়তে হিন্দী ছবিত পদাৰ্পণ কৰে ৷ এই ছবিখনত হেমা মালিনীয়ে অভিনয় কৰিছিল ৰাজ কাপুৰৰ সৈতে ৷ইয়াৰ পিছত হেমা মালিনীক ৰাজ কাপুৰৰ পুত্ৰ ৰনধীৰ কাপুৰ আৰু ঋষি কাপুৰৰ লগত ৰোমাঞ্চ কৰা দেখিবলৈ পোৱা যায় ৷ "হাথ কী চাফাই" ছবি খনত ৰনধীৰ কাপুৰৰ হিৰোইন হোৱাৰ বিপৰীতে "এক চাদৰ মেলী সী" ছবিখনত ঋষি কাপুৰৰ লগত অভিনয় কৰে হেমা মালিনীয়ে ৷ উল্লেখ্য যে হেমা মালিনীয়ে বলীউডৰ জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰৰ লগত বিবাহ পাশত আৱদ্ধ হয়।

বলীউডৰ ধক ধক গাৰ্ল মাধুৰী দীক্ষিতে দয়াবান ছবিখনৰ জৰিয়তে নিজৰ হিন্দী চলচ্চিত্ৰৰ যাত্ৰা আৰম্ভ কৰে ।এই ছবিখনত মাধুৰী দীক্ষিতে অভিনয় কৰিছিল সেই সময়ৰ প্ৰসিদ্ধ অভিনেতা বিনোদ খান্নাৰ সৈতে ৷ মাধুৰী দীক্ষিতে বিনোদ খান্নাৰ লগত দয়াবান ছবিখনত অভিনয় কৰি চৰ্চা লাভ কৰিছিল ৷ ইয়াৰ পিছত বিনোদ খান্নাৰ পুত্ৰ অক্ষয় খান্নাৰ লগত "মোহব্বতে" ছবিখনত অভিনয় কৰে মাধুৰী দীক্ষিতে ৷

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীসকলৰ অন্যতম অমৃতা সিঙেও বহু ছবিত পিতা পুত্ৰৰ লগত অভিনয় কৰে ৷ অমৃতা সিঙে বেতাৱ ছবিখনৰ জৰিয়তে বলীউডত ডেবিউ কৰে ৷ এই ছবি খনত অমৃতা সিঙে অভিনেতা ছানী দেউলৰ লগত অভিনয় কৰে । ইয়াৰ পিছত অৱশ্যে অমৃতা সিঙেও ভবা নাছিল যে চানী দেউলৰ পিছত পিতৃ ধৰ্মেন্দ্ৰৰ লগত অভিনয় কৰিবলৈ সুযোগ পাব ৷ কাৰণ "বেতাব"ৰ পিছত অমৃতাই "চচ্চাই কী তাকত"ছবিখনত ধৰ্মেন্দ্ৰৰ লগত অভিনয় কৰে অমৃতা সিঙে ৷

বলীউডৰ আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হ’ল ডিম্পল কাপাড়িয়া। অভিনেত্ৰী ডিম্পল কাপাড়িয়াই ধৰ্মেন্দ্ৰ আৰু চানী দেউলৰ উপৰিও বিনোদ খান্না আৰু অক্ষয় খান্নাৰ লগতো অভিনয় কৰে ৷ ধৰ্মেন্দ্ৰৰ লগত বন্টৱাৰা,শ্বাহজাদেৰ দৰে ছবিত ডিম্পল কাপাড়িয়াই অভিনয় কৰে । ইয়াৰ বিপৰীতে চানী দেউলৰ লগত নৰচিম্হা,মঞ্জিল মঞ্জিল,অৰ্জুণ,গুনাহ, আগ কা গোলাৰ দৰে ছবিত অভিনয় কৰে ডিম্পল কাপাড়িয়াই ৷ইফালে বিনোদ খান্নাৰ লগত ডিম্পল কাপাডিয়াই খুন কা কৰ্জ আৰু ইনচাফৰ দৰে ছবিত অভিনয় কৰিছে ৷ অন্যহাতে অক্ষয় খান্না আৰু ডিম্পল কাপাডিয়াৰ কেমেষ্টী আৰু ৰোমাঞ্চ দেখিবলৈ পাইছিল চলচ্চিত্ৰ প্ৰেমীয়ে ৷

অভিনেত্ৰীৰ পৰা ৰাজনৈতিক নেত্ৰী হিচাপে প্ৰতিষ্ঠিত হোৱা জয়া পৰ্দাও পিতা আৰু পুত্ৰৰ লগত ছবিত অভিনয় কৰিছে ৷ জয়া পৰ্দাই ধৰ্মেন্দ্ৰৰ লগত ফৰিস্তে,শ্বাহজাদে, ন্যায়দাতা,গংগা তেৰে দেশ ম্যে,কুন্দন,এলান ই জংগ,মৰ্দো ৱালী বাত,কয়ামতৰ দৰে ছবিত অভিনয় কৰিছিল ৷ ইয়াৰ বিপৰীতে ধৰ্মেন্দ্ৰৰ পুত্ৰ চানী দেউলৰ লগত বীৰতা আৰু জবৰদস্ত ছবিখনত অভিনয় কৰে জয়া পৰ্দাই ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com