বলীউডৰ ডিম্পল গাৰ্ল দীপিকা পাডুকনক কি নামেৰে মাতে স্বামী ৰণৱীৰ সিঙে?

বলীউডৰ ডিম্পল গাৰ্ল দীপিকা পাডুকনক কি নামেৰে মাতে স্বামী ৰণৱীৰ সিঙে?

বলীউডৰ অভিনেতা ৰনৱীৰ সিং আৰু দীপিকা পাডুকন যেতিয়াৰ পৰা ইটালীত নিজৰ পৰিয়াল পৰিজন তথা বন্ধু বান্ধৱীৰ লগত সময় অতিবাহিত কৰিছে তেতিয়াৰ পৰা চহৰখন ৰঙা ৰঙেৰে চিত্ৰিত কৰিছে ৷ সদ্যহতে অভিনেতা ৰনৱীৰ সিঙে পত্নী দীপিকা পাডুকনক এটা বিশেষ নামেৰে সম্বোধন কৰিছে ৷আৰু সেই ভিডিঅ’টি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ভিডিঅ’টিত গলী বয়ৰ অভিনেত্ৰী আলিয়া ভাট্ট আৰু ৰনৱীৰ সিঙে এটা বিশেষ খেল খেলা প্ৰত্যক্ষ কৰা হৈছে ৷ য’ত ৰনৱীৰে দীপিকাৰ নামৰ লগত এটি কাৰ্ড লৈ থকা দেখা গৈছে ৷ আৰু আলিয়াই দীপিকা পাডুকনৰ নাম নোলোৱাকৈয়ে তাৰ অনুমান লগাব লাগে ৷

সেই সময়তে আলিয়াই দীপিকাৰ নাম নোলোৱাকৈয়ে কয় যে তেওঁ মোৰ বা হয় ৷ তেওঁৰ বৌ হয় ৷ আৰু তেওঁৰ চকুকেইটা সকলোতকৈ ধুনীয়া ৷ সেই সময়তে ৰনৱীৰে কয় এইয়াটো মোৰ গৰাকী ৷ অৱশ্যে যেতিয়া আলিয়াই দীপিকাৰ নাম ল’বলৈ ৰনৱীৰ সিঙক কয় তেতিয়া ৰনৱীৰে কয় যে শ্ৰীমতী ৰণৱীৰ সিং ৷আৰু দীপিকাৰ সম্পূৰ্ণ নাম ল’বলৈ কোৱাত ৰনৱীৰে কয় যে শ্ৰীমতী দীপিকা ৰণৱীৰ সিঙ ভৱানী পাডুকন ৷

বিগত বৰ্ষত ১৪ আৰু ১৫ নবেম্বৰ বলীউডত নৱ বিবাহিত দম্পতী দীপিকা পাডুকন আৰু ৰনৱীৰ সিঙৰ বিবাহ সম্পন্ন হৈ যায় ৷দীপিকা ৰনবীৰ বিবাহৰ প্ৰথম গ্ৰেণ্ড পাৰ্টী হৈ গ’ল বিগত বৰ্ষৰ ২১ নৱেম্বৰত ৷ বেংগালুৰুস্থিত লীলা পেলেচত অনুষ্ঠিত হ’ল দীপিকা আৰু ৰনৱীৰ অৰ্থাৎ দীপৱীৰৰ গ্ৰেণ্ড পাৰ্টী৷ বেংগালুৰুৰ এই পাৰ্টীটোত উপস্থিত আছিল দীপিকা ৰনৱীৰৰ ঘনিষ্ঠসকল ৷ ইয়াৰ পিছত মুম্বাইত দীপিকা ৰনৱীৰৰ বিবাহৰ উপলক্ষে দিয়া পাৰ্টীটো অনুস্থিত হৈছিল ২৮ নৱেম্বৰত। মুম্বাইত হ’ব লগীয়া পাৰ্টীটোত উপস্থিত আছিল ৰনৱীৰ দীপিকা ঘনিষ্ঠসকলৰ লগতে অন্যান্য লোকসকলৰ উপৰিও বি টাউনৰ ষ্টাৰ ছুপাৰষ্টাৰসকল ৷

এক বিশেষ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি, দীপিকা ৰনৱীৰৰ বিয়াৰ পিছত তেওঁলোকৰ যি কোনো বেণ্ডৰ মূল্য বাঢ়ি গৈছে ৷ জনপ্ৰিয় আলোচনী ফ’বছৰ মতে,দীপিকাৰ বাৰ্ষিক আয় হৈছে ১০২ কোটি টকা ৷ ৰনৱীৰৰ হৈছে ২২০ কোটি টকা ৷ উল্লেখ্য যে,১৪ আৰু ১৫ নৱেম্বৰত ইটালীৰ লেক ক’মোত হৈছিল বলীউডৰ বহু চৰ্চিত ৰনৱীৰ দীপিকাৰ বিয়াখন ৷ প্ৰায় ৭০০বছৰ পুৰণি এটা ভিলা হোৱাত বিয়াখনক লৈ উৎসুক হৈ পৰিছিল অনুৰাগীসকল৷

উল্লেখ্য যে,ৰনৱীৰ সিঙৰ মুক্তিৰ অপেক্ষাত থকা এখন ছবি হৈছে ৮৩ ৷কপিল দেৱৰ জীৱনৰ ওপৰত আধাৰিত ছবিখনক লৈ যথেষ্ট উৎসুক প্ৰকাশ কৰিছে ৰনৱীৰ সিঙৰ ৷ কপিল দেৱৰ সন্দৰ্ভত মন্তব্য কৰি ৰনৱীৰ সিঙে কয় যে কপিল ছাৰৰ লগত সময় কটাবলৈ মই বহুত উৎসুক ৷কাৰণ কপিল দেৱৰ লগত কটোৱা মুহুৰ্তসমূহে ছবিখনত অভিনয় কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব ৷ কপিল দেৱৰ কাহিনী, অনুভৱ, বিচাৰধাৰা,ভাৱনা,ভাবধাৰ আদি সকলো অনুভৱ ছবিখনৰ জৰিয়তে বাস্তৱায়িত কৰিবৰ চেষ্টা কৰিব ৰনৱীৰ সিঙে৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com