বহাগৰ বিহুলৈ সমগ্ৰ ৰাজ্যৰ লগতে বিহু সন্মিলনী সমূহৰ প্ৰস্তুতি তুংগত

বহাগৰ বিহুলৈ সমগ্ৰ ৰাজ্যৰ লগতে বিহু সন্মিলনী সমূহৰ  প্ৰস্তুতি তুংগত

সমগ্ৰ ৰাজ্যজুৰি বহাগৰ বিহুটিক আদৰিবলৈ প্ৰস্তুতি তুংগত । সমান্তৰালকৈ বিহু সন্মিলনী সমূহেও বিহু সন্মিলনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পুৰ্ণ হৈ উঠিছে ।

গুৱাহাটী বিহু সন্মিলনৰ বাবে কমিটিয়ে পুৰ্ন গতিত কাম চলাইছে বুলি জানিবলৈ দিয়ে । ৬৪ সংখ্যা গুৱাহাটী বিহু সন্মিলন ৪ দিনিয়াকৈ আয়োজন কৰিছে । ১৪ এপ্ৰিলত পৰা ৪ দিনিয়াকৈ আয়োজন কৰিছে বিহু সন্মিলন খন । এইবাৰ গুৱাহাটী বিহু সন্মিলনত প্ৰায় ২৫ লাখ টকাৰ বাজেট ধাৰ্য কৰা হৈছে ।

আনহাতে পশ্চিম গুৱাহাটী বিহু সন্মিলনৰ বিহু অনুষ্ঠান আৰম্ভ ১৪ এপ্ৰিলৰ পৰা আৰম্ভ হব । ৫৬ সংখ্যাক পশ্চিম বিহু সন্মিলন খনৰ বাজেট প্ৰায় ২১ লাখ টকাৰ ।

লগতে পাণ্ডু বিহু সন্মিলন খন আৰম্ভ হব ১৪ এপ্ৰিলৰ পৰা । ৪ দিনিয়াকৈ আয়োজন কৰা হৈছে বিহু সন্মিলন খন । ৫৪ সংখ্যাক বিহু সন্মিলন খনৰ বাজেট হৈছে প্ৰায় ২০ লাখ টকা ।

বিহু সন্মিলন সমূহত বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হব বুলি প্ৰকাশ কৰে । বিহু কুঁৱৰী, বিহু ৰানী, বিহু হুঁচৰি, বিহু সম্ৰাজ্ঞী আৰু দিহা নামৰ প্ৰতিযোগিতা আয়োজন কৰা হব বুলি প্ৰকাশ কৰে।

পুব গুৱাহাটী বিহু সন্মিলনো ১৪ এপ্ৰিলৰ পৰা আৰম্ভ কৰা হৈছে । ৪ দিনিয়াকৈ আয়োজন কৰা হৈছে বিহু সন্মিলন খন । ৫৪ সংখ্যাক পুব গুৱাহাটী বিহু সন্মিলনৰ প্ৰায় ৩০ লাখ বাজেট ধাৰ্য কৰা হৈছে ।

নুনমাটি বিহু সন্মিলন খন আৰম্ভ ১৪ এপ্ৰিলৰ পৰা আৰম্ভ হব । ১৪ এপ্ৰিলৰ পৰা ৪ দিনিয়াকৈ আয়োজন কৰা হৈছে । ৫৬ সংখ্যাক নুনমাটি বিহু সন্মিলন বাজেট প্ৰায় ১৮ ৰ পৰা ২২ লাখ টকা ।

আনহাতে ৫৪ সংখ্যাক উলুবাৰী ৰঙালী বিহু সন্মিলন খন ১৪ এপ্ৰিলৰ পৰা ৩ দিনিয়াকৈ আয়োজন কৰা হৈছে । উলুবাৰী ৰঙালী বিহু সন্মিলনৰ বাজেট হৈছে প্ৰায় ২৫ লাখ টকা ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com