বিগত ৩ বছৰত ৰুজু হোৱা নাৰী নিৰ্যাতনৰ গোচৰ বৃদ্ধি

বিগত ৩ বছৰত ৰুজু হোৱা নাৰী নিৰ্যাতনৰ গোচৰ বৃদ্ধি

অসমত দিনক দিনে বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা । বিগত ৩ বছৰত ক্ৰমান্বয়ে বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ গোচৰ । অসমৰ বিভিন্ন স্থানত ২০১৬, ২০১৭ চনতকৈ ২০১৮ চনত নাৰী নিৰ্যাতন, ধৰ্ষণ, অপহৰণ আদি ৰুজু হোৱা গোচৰৰ সংখ্যা বৃদ্ধি পাইছে ।

আৰক্ষীৰ তথ্য অনুসৰি ২০১৬ চনত অসমত নাৰীজনিত গোচৰ ৰুজু হৈছিল মুঠ ১৯,৬৮৮ টা। ২০১৭ চনত ২১,২৯৮ টা গোচৰ ৰুজু হৈছিল। উদ্বেগজনক ভাবে ২০১৮ ত বৃদ্ধি হৈ ২৪,৫৫৬ টা গোচৰ ৰুজু হয় অসমত । ২০১৭ চনত ১৭০৮ টা ধৰ্ষণৰ গোচৰ ৰুজু হোৱাৰ পৰিবৰ্তে ২০১৮ চনত বৃদ্ধি হৈ ১,৯০৯ টা গোচৰ ৰুজু হয়। একেদৰেই ২০১৭ চনত ১৫০ টা যৌতুকৰ কাৰনে হত্যাৰ গোচৰ ৰুজু হৈছিল ।২০১৮ ত বৃদ্ধি হৈ ১৬৬ টা হয়গৈ ।

বিশেষকৈ স্বামীৰ নিৰ্যাতন, নাৰী অপহৰণ, নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি হৈছে বিগত ৩ বছৰত । ২০১৬ চনত স্বামী নিৰ্যাতনৰ গোচৰ ৯,৩২৭ টা ৰুজু কৰা হৈছিল । ২০১৭ চনত বৃদ্ধি হৈ ১০,৫৮০ টা গোচৰ ৰুজু হৈছিল । ২০১৮ চনত উদ্বেগজনক ভাবে বৃদ্ধি হৈ ১১,৯৯৯ টা গোচৰ ৰুজু কৰা হয় সমগ্ৰ ৰাজ্যতে। আনহাতে নাৰী অপহৰণৰ গোচৰ ২০১৬ চনত ৪,৯৯৭ টা ৰুজু কৰা হৈছিল । ২০১৭ ত ৫,১৮৬ টা গোচৰ ৰুজু হৈছিল আৰু ২০১৮ ত ৬,২৬৯ টা গোচৰ ৰুজু হয়। আনহাতে ২০১৬ চনত ৩,৪১৬ টা নিৰ্যাতনৰ গোচৰ ৰুজু কৰা হৈছিল । ২০১৭ চনত ৩,৫৯৫ টা ৰুজু হৈছিল আৰু ২০১৮ চনত ৪,১৪৩ টা গোচৰ ৰুজু কৰা হয় সমগ্ৰ ৰাজ্যতে । তথ্যৰ ভিত্তিত বিগত ৩ টা বছৰত নাৰী নিৰ্যাতনৰ ঘটনা বৃদ্ধি পাইছে সমগ্ৰ ৰাজ্যত ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com