বিজেপিৰ কাৰ্যালয়ত অগপ-বিজেপিৰ যৌথ সংবাদমেল

বিজেপিৰ কাৰ্যালয়ত অগপ-বিজেপিৰ যৌথ সংবাদমেল

অগপ বিজেপিৰ দীৰ্ঘদিনীয়া মিত্ৰতা সন্দৰ্ভত হৈ থকা বিভিন্ন বিতৰ্কৰ অৱসান পেলাই শুক্ৰবাৰে গুৱাহাটীস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হয় অগপৰ নেতৃবৃন্দ। অগপৰ সভাপতি অতুল বৰা,কাৰ্যকৰী সভাপতি কেশৱ মহন্ত,জেষ্ঠ নেতা ফণীভূষণ চৌধুৰী সহিতে কেইবা গৰাকী নেতা উপস্থিত হয় বিজেপিৰ কাৰ্যালয়ত । সংবাদ মাধ্যমৰ আগত বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে সম্প্ৰতি আমি একেলগে লোকসভা নিৰ্বাচন যুঁজ দিম ৷

বিপিএফৰ লগতে এতিয়া আমাৰ লগত সন্মিলিত গণ শক্তি,ৰাভা যৌথ সংগ্ৰাম সমিতি আৰু তিৱা জাতীয় ঐক্য মঞ্চ আছে ৷ এয়া ৰামধেনু সদৃশ মিত্ৰতা ৷ আমি ভাৰতবৰ্ষক শক্তিশালী কৰা উদ্দেশ্য সন্মুখত ৰাখি আগবাঢ়িম ৷ ৰঞ্জিত কুমাৰ দাসে লগতে কয় যে,আমি প্ৰথমতে ৯-১১ টা লোকসভাৰ আসনৰ আশা কৰিছিলো ৷কিন্তু সম্প্ৰতি আমাৰ লগত অসম গণ পৰিষদৰ একত্ৰিত হোৱাৰ পিছত আমি ৰাজ্যখনৰ ১৪ খন আসনৰ আশা কৰিছোঁ ৷ ৰঞ্জিত দাসে সকলো দলৰ প্ৰায় ২৯ লাখ নেতা , প্ৰভাৰীক আহ্বান কৰে যে তেওঁলোকে যাতে অগপ,বিজেপি আৰু বিপিএফ দলৰ নেতা কৰ্মী সকলৰ মাজত বিভেদ সৃষ্টি নকৰে ৷ আমি বৃহৎ সফলতাৰ পিছত ২০১৬ চনত বিধানসভা নিৰ্বাচনত যুঁজ দিলো ৷এতিয়া আমি একত্ৰিত হৈ লোকসভা নিৰ্বাচনত প্ৰতিদন্দিতা কৰাম ৷

ইফালে সংবাদমাধ্যদৰ সন্মুখত অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি অতুল বৰাই কয় যে আমাৰ মিত্ৰতা নতুন নহয় । আমি প্ৰথমতেই ২০০১,২০০৯ আৰু ২০১৬ চনতেই মিত্ৰতা কৰিছিলো। আমি ইতিমধ্যে লোকসভা নিৰ্বাচনত আমাৰ বিৰোধী দল কংগ্ৰেছক পৰাজয় কৰিছোঁ ৷ অসম গণ পৰিষদৰ গঠন কংগ্ৰেছক ওফৰাবলৈ কৰা হৈছিল ৷ অৱশ্যে বিগত কিছুদিনৰ পৰা আমাৰ বিজেপিৰ লগত কিছু মতভেদ হৈ আছে ৷ কিন্তু সেয়া এখন টেবুলত বহিয়েই অথবা এখন বৈঠকতে সমাধান হ’ব ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ক্ষমতালৈ অহাৰ পিছত উত্তৰ পূৰ্বাঞ্চলত যথেষ্ট উন্নতিৰ লগতে বিকাশ হৈছে ৷

প্ৰধানমন্ত্ৰী মোডীৰ ক্ষমতালৈ অহাৰ পূৰ্বতে প্ৰধানমন্ত্ৰী ৰূপে থকা মনমোহন সিঙৰ দিনত বিকাশৰ মুখ নেদেখিলে অসমে ৷ আমাৰ যৌথ উদ্দেশ্য হৈছে কংগ্ৰেছক পৰাজয় কৰি পুনৰ নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰী হিচাপে অধিস্থিত কৰা। গতিকে সকলো দলৰ নেতা কৰ্মীক একত্ৰতি হৈ আগবাঢ়িবলৈ আহ্বান কৰে অতুল বৰাই ৷ উল্লেখ্য যে , অগপ,বিজেপিৰ যৌথ বৈঠকখনত উপস্থিত আছিল মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com