বিতৰ্কই আগুৰি ধৰিছে "মণিকৰ্নিকা"কঃ কংগনা ৰানাউটলৈ বুলি হুংকাৰ কৰনী সেনাৰ

বিতৰ্কই আগুৰি ধৰিছে "মণিকৰ্নিকা"কঃ কংগনা ৰানাউটলৈ বুলি হুংকাৰ কৰনী সেনাৰ

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাউটৰ ছবি "মণিকৰ্ণিকা"ৰ বিবাদ যেন শেষেই ন’হব ৷ বিগত সময়ত "মণিকৰ্ণিকা"ৰ সন্দৰ্ভত কৰণী সেনাই কৰা মন্তব্যৰ পিছতে কংগনা ৰানাউটে তীব্ৰ বাক্য বাণে নিক্ষেপ কৰে কৰণী সেনালৈ বুলি ৷ ইফালে কৰণী সেনাই মন্তব্য কৰিছিল যে যদিহে "মণিকৰ্নিকা"মুক্তি পোৱাৰ প্ৰাকমুহুৰ্তত তেওঁলোকক প্ৰদৰ্শন নকৰে তেন্তে কৰণী সেনা ছবিগৃহ সমূহ ভাঙি দিব । ইয়াৰ পিছতেই কংগনাও কৰণী সেনাৰ বাক্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যদিহে কৰণী সেনাই মণিকৰ্নিকাৰ ওপৰত কৰা বিতৰ্কসমূহ স্তব্ধ নকৰে তেন্তে পৰিস্থিতি ভীষন হ’ব ৷কিন্তু কংগনা ৰানাউটৰ এই প্ৰতিক্ৰিয়াৰ পিছত কৰণী সেনাইও কংগনালৈ বুলি দিছে তীব্ৰ বাণ ৷

মহাৰাষ্ট্ৰৰ কৰণী সেনাৰ সভাপতি অজয় সিঙে কংগনাৰ ছবিদৃশ্যগ্ৰহণ জ্বলোৱাৰ হুংকাৰ দিয়ে ৷ লগতে সভাপতি অজয় সিঙে কয় যে,যদিহে কৰণী সেনাক কংগনাই হুংকাৰ দিয়ে তেতিয়া মহাৰাষ্ট্ৰত পৰিভ্ৰমণ কৰা স্বাধীনতা হেৰুৱাই পেলাব কংগনাই ।উল্লেখ্য যে "মণিকৰ্নিকা"ৰ সন্দৰ্ভত ৰাণী লক্ষ্মীবাঈ আৰু ব্ৰিটিছ বিষয়াৰ মাজত প্ৰেমৰ সম্পৰ্ক আছে বুলি গুজব ওলাইছে ৷ কিন্তু সম্প্ৰতি এই গুজৱ নাকচ কৰিছে ছবিখনৰ নিৰ্মাতাই৷ ইফালে কংগনাই মন্তব্য কৰে যে,চাৰিজন ইতিহাস কাৰীয়ে মনিকৰ্ণিকাক প্ৰমাণিত কৰিছে ৷ লগতে আমি চেঞ্চৰৰ পৰা চাৰ্টিফিকেটো লাভ কৰিছোঁ ৷ এই সম্পৰ্কত কৰণী সেনাক অৱগত কৰা হৈছিল যদিও মোক ব্যতিব্যস্ত কৰিবলৈ এৰা কৰ্ণী সেনাই ।ময়ো এগৰাকী ৰাজপুত ৷ মই তেওঁলোকৰ প্ৰত্যেককে শেষ কৰি দিম ৷ এই মন্তব্য অভিনেত্ৰী কংগনা ৰানাউটৰ।

উল্লেখ্য যে কৰণী সেনা হৈছে ৰাজস্থানৰ ৰাজপুত সকলৰ এটা সংগঠন ৷ এই সংগঠনটো স্থাপন হৈছিল ২৩ ছেপ্তেম্বৰৰ ২০০৬ চনত ৷ কৰণী সেনা সংগঠনটোৱে ৰাজপুত সকলৰ সংস্কৃতি পৰম্পৰা ৰক্ষা কৰে । কৰণী সেনাৰ উদ্দেশ্য হৈছে ৰাজপুতসকলৰ মাজত একতা বৰ্তাই ৰখা,ৰাজপুত ইতিহাস ৰক্ষা কৰা ,ৰাজপুত মহিলা সকলক শিক্ষিত তথা আত্ম নিৰ্ভৰশীল কৰা,ৰাজপুতৰ সকলৰ হিতৰ কাৰণে কাম কৰা ,তেওঁলোকক প্ৰাপ্য সমূহ প্ৰদান কৰা আদি ৷কিন্তু ৰাজপুত সকলৰ ব্যৱহাৰ অথবা তেওঁলোকৰ ধ্যান ধাৰণা সমূহৰ জৰিয়তে জনসাধাৰণৰ মাজত ইতিবাচক দিশতকৈ নেতিবাচক দিশটোহে চকুত পৰে ৷

বলীউডৰ কুইন কংগনাৰ প্ৰায় ছবিয়েই ধুমুহাৰ সৃষ্টি কৰে বক্স অফিচত ৷ লগতে “মণিকৰ্ণিকা”ৰ ট্ৰেইলৰটোত কংগনাৰ জীৱন্ত অভিনয় দেখিবলৈ পোৱা গৈছে ৷ছবিখনত কিতাপত পোৱা সেই ঝান্সী ৰাণী লক্ষ্মীবাঈক জীৱন্ত ৰূপত ফুটাই তুলিছে কংগনাই ৷ কংগনাৰ লুক, কংগনাৰ অভিনয়,এক্সন সকলোবোৰেই জীৱন্ত ৷

আমাৰ সকলোৰে মৰমৰ তন্নু আৰু মন্নু অৰ্থাৎ কংগনাৰ লুক “মণিকৰ্ণিকা”ত সচাকৈয়ে, বিশেষভাৱেই উল্লেখযোগ্য ৷ ইফালে,ছবিখনৰ ডায়ল’গসমূহ দেশ প্ৰেমেৰে ভৰা ৷ “আমি সকলোৱে যুদ্ধ কৰিম ৷ যাতে আমাৰ পিছৰ প্ৰজন্মই স্বাধীনতাৰ উৎসৱ উদযাপন কৰিব পাৰে ৷”এনেধৰণৰ দেশপ্ৰেম মূলক ভাষাই প্ৰাধান্য পাইছে ছবিখনত ৷ অন্যহাতে,মণিকৰ্ণিকা ছবিখন ডাইৰেক্ট কৰিছে কংগনা ৰাণাউটে ৷

তৰ্ক বিতৰ্কত লিপ্ত হৈ অভিনেতা চনু ছুডে ছবিখনৰ দৃশ্য গ্ৰহণ আধাতে এৰি দিলে ৷ লগতে ডাৰেক্টৰ কৃষ জগৰলামুড়ীয়েও ছবিখন আধাতে এৰি দিয়াত ছবিখনৰ দায়িত্ব কংগনাই লয় ৷ ছবিখনত কংগনাৰ লগত অভিনয় কৰিছে অংকিতা লোখণ্ডে,জিসু সেন গুপ্তা,অতুল কুলকৰ্ণী আদি ৷উল্লেখ্য যে সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰী তথা পবিত্ৰ ৰিস্তাৰ “অৰ্চনা”খ্যাত অংকিতাৰ মণিকৰ্ণিকাৰ জৰিয়তে বলীউডত প্ৰথম খোজ পেলাইছে ৷ ছবিখনত অংকিতাই ঝলকাৰী বাঈ নামেৰে এটা চৰিত্ৰত অভিনয় কৰিছে ৷ আনহাতে ছবিখনত অংকিতাৰ ফাষ্ট লুকে সকলোকে আকৰ্ষণ কৰিছে ৷ সম্প্ৰতি কংগনাৰ অনুৰাগী তথা চলচ্চিত্ৰ প্ৰেমীসকলে অপেক্ষা কৰিব লাগিব ২৫ জানুৱাৰীলৈ ৷ কাৰণ ছবিখনে মুক্তি পাব ২৫ জানুৱাৰীত৷

অধিক খবৰৰ বাবে পঢ়ক :মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com