বিয়াৰ পিছত এখন নতুন ছবিৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ পৰিল বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন

বিয়াৰ পিছত এখন নতুন ছবিৰ দৃশ্যগ্ৰহণত ব্যস্ত হৈ পৰিল বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনে (Deepika Padukone) সদ্যহতে আৰম্ভ কৰিলে "ছপাক"ছবিৰ দৃশ্যগ্ৰহণ৷লক্ষ্মীৰ এক স্কুল পোচাকত এখন ফ’টো পোষ্ট কৰিছে দীপিকাই । ইফালে এচিডেৰে আক্ৰমণ কৰা লক্ষ্মী নামৰ এগৰাকী যুৱতীৰ কাহিনীৰে ছ’পাক ছবিখন নিৰ্মাণ কৰা হৈছে ৷মেঘনা গুলজাৰৰ ছবি "ছ’পাক"ৰ কাহিনী শুনি দীপিকাই প্ৰথমতেই এই ছবিখনৰ পৰিচালনা কৰিবৰ কাৰণে মন মেলিছিল ।মাত্ৰ ১৫ বছৰ বয়সতে এচিড আক্ৰমণৰ সন্মুখীন হৈছিল লক্ষ্মী।লক্ষ্মীয়ে৩২ বছৰীয়া এজন লোকৰ প্ৰেম প্ৰত্যাখ্যান কৰাত ক্ষুদ্ধ হৈ এচিড আক্ৰমণ কৰিছিল লক্ষ্মীক । সম্প্ৰতি লক্ষ্মী এটা NGO ৰ সঞ্চালক । যিয়ে এচিড আক্ৰমণ হোৱা লোকসকলক সহায় কৰে ।

অন্যহাতে ৰণৱীৰ সিঙৰ লগত বিবাহ পাশল আৱদ্ধ হোৱাৰ পিছত ছ’পাক হৈছে দীপিকা পাডুকনৰ প্ৰথম ছবি ৷ ছবি খনত সৰু পৰ্দাৰ জনপ্ৰিয় ধাৰাবাহিক ’বালিকা বধু"ৰ অভিনেতা বিক্ৰান্ত মেছীয়েও অভিনয় কৰিছে ৷ উল্লেখ যে২০০৫ চনত এজন লোকে লক্ষ্মী নামৰ এগৰাকী যুৱতী ওপৰত এচিডেৰে আক্ৰমণ কৰিছিল ৷ইয়াৰ পিছত লক্ষ্মীৰ সম্পূৰ্ণ মুখমণ্ডল জ্বলি গৈছিল। লক্ষ্মীয়ে বিউটি পাৰ্লাৰ কাম জানিছিল যদিও জ্বলা মুখমণ্ডলেৰে লক্ষ্মীক কোনেও কাম দিয়া নাছিল । চপাক ছবি খনত দীপিকাই "লক্ষ্মী"নামৰ যুৱতী গৰাকীৰ চৰিত্ৰত অভিনয় কৰিব।

দীপিকা পাডুকন যেনেকৈ এগৰাকী সফল অভিনেত্ৰী, ঠিক তেনেদৰে এগৰাকী সফল মডেল হিছাপে প্ৰতিষ্ঠিত হৈছিল কলেজৰ দিনৰ পৰাই। লিৰিল, ডাবৰ, ক্ল’জ-আপ টুথপেষ্ট আৰু লিমকাৰ মডেল আছিল দীপিকা ।দীপিকাই যথেষ্ট প্ৰতিষ্ঠিত মডেলিঙৰ প্ৰস্তাৱ পাইছিল ৷ লগতে মেবলিনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰবক্তা হিছাপে নিযুক্তি পোৱাটো দীপিকাৰ কাৰণে এক বৃহৎ সাফল্য । কিংফাচাৰে দীপিকাক বাৰ্ষিক ফেন্সন সমাৰোহত বৰ্ষটোৰ শ্ৰেষ্ঠ মডেল হিছাপে সন্মানিত কৰিছিল ৷ ২০০৬ চনত কিংফিচাৰেই স্বিমসুট কেলেণ্ডাৰ খনৰ কাৰণে এগৰাকী মডেলৰ ৰূপত দীপিকাক নিৰ্বাচিত কৰে ৷ ইয়াৰ পিছতেই আইডিয়া ফেন্সন পুৰস্কাৰৰ পৰা দুটা বটাঁ, ফীমেল মডেল অফ দ্য ইয়েৰ,ফেছ অৱ দ্য ইয়েৰ পুৰস্কাৰেৰে সন্মানিত কৰে দীপিকাক ৷

মডেলিঙৰ জগতখনত সফলতা লাভ কৰাৰ পিছত দীপিকাই অভিনয় জগত খনত পদাৰ্পন কৰে ৷ হিমেশ ৰেশমীয়াৰ "আপ কা সুৰুৰ" এলবামৰ এটি গীতত অভিনয় কৰে ৷ কন্নড় ছবি "ঐশ্বৰ্য্য"নামৰ ছবি খনত দীপিকাই উপেন্দ্ৰৰ লগত অভিনয় জগতত খোজ পেলাই । ইয়াৰ পিছত দীপিকাই বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ লগত "ওম শান্তি ওম"ৰ জৰিয়তে সফলতা লাভ কৰে বলীউডত ৷ এই ছবিখন ভাৰত আৰু বিদেশতো যথেষ্ট সফলতা লাভ কৰে। দীপিকাই বলীউডৰ বহু অভিনেতাৰ লগত একেলগে কাম কৰিছে ৷

২০১০ চনত দীপিকাই ৰনবীৰ কাপুৰৰ লগত "বচনা এ হসীনো", অক্ষয় কুমাৰৰ লগত "চান্দনী চ’ক টু চাইনা" আদিত অভিনয় কৰে। দীপিকাৰ কাৰণে ২০১৩ বৰ্ষটো অত্যন্ত লাকী ৷কাৰণ এই বৰ্ষতেই "ইয়ে জৱানী হ্যে দীৱানী,""ৰামলীলা", "চেন্নাই এক্সপ্ৰেছ" ছবি ধুমুহাৰ সৃষ্ট কৰিছিল বক্স অফিচত। ২০১৫ চনত "বাজীৰাও মস্তানী," "তমাশা"ৰ দৰে ছবি উপহাৰ দিয়ে অনুৰাগীসকলক । অন্যহাতে দীপিকা বিগত বৰ্ষত এখনেই ছবিত অভিনয় কৰিছিল ৷ সেই খন হৈছে "পদ্মাৱত" ৷কেৱল পদ্মাৱত ছবিৰেই দীপিকাই দৰ্শকৰ পৰা মৰম বুটলিবলৈ সক্ষম হয় ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com