বোকাজানৰ পৰা সন্ধানহীন চাৰিগৰাকীকৈ কিশোৰীঃ চাঞ্চল্য অব্যাহত

বোকাজানৰ পৰা সন্ধানহীন চাৰিগৰাকীকৈ কিশোৰীঃ চাঞ্চল্য অব্যাহত
Published on

বোকাজানৰ মাধপুৰ গাঁৱৰ ৪ গৰাকী ছোৱালী মঙ্গলবাৰৰ পুৱাৰ পৰা সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি মঙ্গলবাৰে দিনৰ প্ৰায় ১১ বজাত বোকাজানৰ মাধপুৰ গাঁৱৰ বাসিন্দা ৰাকেশ গগৈৰ জীয়ৰী টিনা গগৈয়ে কম্পিউটাৰ ক্লাছ কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই আহে ৷ লগতে একেখন গাঁৱৰে ৰাকেশ প্ৰশাদৰ দুই জীয়ৰী পম্পী প্ৰসাদ, নেহা প্ৰসাদ আৰু প্ৰয়াত জগত গ'ৰৰ জীয়ৰী ফুছু গ'ৰেও ঘৰৰ পৰা ওলাই আহি বৰ্তমান লৈকে সন্ধানহীন হৈ আছে।

টিনা গগৈ বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী ৷ অন্যহাতে পম্পী প্ৰসাদ একে বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী, নেহা প্ৰসাদ অষ্টম শ্ৰেণীৰ ছাত্ৰী আৰু আনগৰাকী ফুছু গ'ৰে শিক্ষা গ্ৰহণ বৰ্তমানলৈকে কৰা নাই । মঙ্গলবাৰে বিয়লিলৈকে ছোৱালীজনী ঘৰলৈ নোযোৱা দেখি পৰিয়ালৰ লোকে বিচাৰ কৰে যদিও চাৰিজনী ছোৱালীৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম ন’হল ৷ আৰু ইয়াৰ পিছতেই পৰিয়ালৰ লোকসকলৰ মাজত মুহূৰ্ততে এক হুৱাদুৱা পৰিবেশৰ সৃষ্টি হয় ।

পৰিয়ালৰ লোকৰ লগতে গাঁৱৰ লোকসকলেও ছোৱালী চাৰিজনী বিচাৰ কৰাৰ উপৰিও ছোৱালীকেইজনীৰ বন্ধু - বান্ধৱী, আত্মীয়ৰৰ ঘৰত যোগাযোগ কৰিও কোনো শুং- সূত্ৰ লাভ কৰিবলৈ সক্ষম ন’হল। ইয়াৰ পাছতে ছোৱালী চাৰিজনীৰ পৰিয়ালৰ লোকে নিশা প্ৰায় ৭ বজাত ছোৱালী চাৰিজনী সন্ধানহীন হোৱা সম্পৰ্কত বোকাজান আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

ইফালে চাৰিজনীকৈ ছোৱালী কি কাৰণত , কেনে পৰিস্থিতিত পৰি সন্ধানহীন হৈ আছে, সেয়াও এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে । উল্লেখ্য যে, কোনো লোকে যদি নিৰুদ্দেশ হোৱা চাৰি গৰাকীকৈ ছোৱালীক দেখা পাই তেন্তে পৰিয়ালৰ লোকে এই নম্বৰটোত 7896951983 যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com