ব্যস্ততাৰ মাজতে চাওঁ আহক সৰু পৰ্দাৰ সৰু সৰু খবৰ

ব্যস্ততাৰ মাজতে চাওঁ আহক সৰু পৰ্দাৰ সৰু সৰু খবৰ

সৰু পৰ্দাৰ জনপ্ৰিয় ধাৰাবাহিক "কছোটি জিন্দেগী কী" ত প্ৰেৰণাৰ প্ৰত্যাহ্বান জনাইছে কম’লিকাক ৷ ধাৰাবাহিকখনত কম’লিকাক প্ৰত্যাহ্বান জনায় প্ৰেৰণাই কয় যে কম’লিকাই যি কৰে তাৰ কাৰণে ভয় নকৰে প্ৰেৰণাই ৷ কাৰণ কম’লিকাৰ যিকোনো কৰ্মই প্ৰভাৱ নেপেলায় প্ৰেৰণাৰ ওপৰত ৷ লগতে অনুৰাগৰ মাতৃ মোহিনী আৰু কমোলিকাক প্ৰেৰণাই কয় যে যিকোনো আইনী কাগজ পত্ৰলৈ ভয় নকৰে ৷

লগতে সকলোৰে সন্মুখত প্ৰেৰণাই অনুৰাগ আৰু প্ৰেৰণাৰ ডিভোৰ্ছ পেপাৰ জ্বলাই দিয়ে । উল্লেখ্য যে সৰু পৰ্দাৰ ধাৰাবাহিক কছোটি জিন্দেগী কীত অভিনয় কৰিছে প্ৰেৰণা বাসুৰ চৰিত্ৰত এৰিকা ফাৰ্ণাণ্ডেজ,পাৰ্থ চামথানে অনুৰাগ বাসুৰ চৰিত্ৰত আৰু কমোলিকাৰ চৰিত্ৰত হীনা খানে। ত্ৰিকোণ প্ৰেমৰ কাহিনী কছোটী জিন্দেগী কী ধাৰাবাহিক খনে বিশেষ চৰ্চা লাভ কৰিছে অনুৰাগীৰ মাজত ৷

উল্লেখ্য যে,সৰু পৰ্দাৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব’ বিগ বছৰ পিছত “কছোটি জিন্দেগী কী”ত দেখা গৈছে হিনা খানক।”কছোটী জিন্দেগী কী”ধাৰাবাহিক খনত হিনাৰ লগতে অভিনয় কৰিছে পাৰ্থ চামথান আৰু এৰিকা ফাণাণ্ডেজে ৷পাৰ্থ ছামথানে অনুৰাগ বাসুৰ চৰিত্ৰত আৰু এৰিকা ফাণাণ্ডেজে প্ৰেৰণা বাসুৰ চৰিত্ৰত অভিনয় কৰিছে ৷

ধাৰাবাহিকখনৰ প্ৰত্যেকটো চৰিত্ৰত অতি নিখুঁত ভাৱে উপস্থাপন কৰা হৈছে ৷ ত্ৰিকোণ প্ৰেম কাহিনীৰ ধাৰাবাহিক খনৰ এটি প্ৰধান চৰিত্ৰ হৈছে কম’লিকা ৷ সৰু পৰ্দাৰ অভিনেত্ৰী হিনা খানে কম’লিকাৰ চৰিত্ৰটোত অভিনয় কৰি দৰ্শকৰ পৰা মৰম বুটলিবলৈ সক্ষম হৈছে। কাৰণ কম’লিকাৰ চৰিত্ৰটোত হিনা খানে প্ৰাণ ঢালি অভিনয় কৰিছে ৷

কিন্তু হিনা খান অৰ্থাৎ কম’লিকাৰ অনুৰাগী সকলৰ কাৰণে আছে এটি দুখবৰ ৷ কাৰণ অনতি পলমে ধাৰাবাহিক খনত দেখিবলৈ নাপাব কম’লিকা ৰূপী হিনা খানক । কাৰণ হিনা খানে সম্প্ৰতি ব্যস্ত হৈ পৰিছে ছবি জগতত ৷ হয়,অনুৰাগীয়ে চলচ্চিত্ৰত দেখিবলৈ পাব হিনা খানক। এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি এপ্ৰিলৰ পিচত আৰু কছোটি জিন্দেগী কী ২ ত দেখিবলৈ নাপাব হিনা খানক ৷ বিক্ৰম ভাট্টৰ এখন ছবিত হিনা ইতিমধ্যে চুক্তি বদ্ধ হৈছে ৷ এইখন হিনা খানৰ ডেবিউ ছবি হ’ব ৷ ছবিখন এগৰাকী মহিলাৰ ওপৰত আধাৰিত ৷ হিনা খানে এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিব ৷

সৰু পৰ্দাৰ ধাৰাবাহিকৰ কুইন খ্যাত একতা কাপুৰৰ কাৰণে ২০১৯ বৰ্ষতে বিশেষভাৱে উল্লেখযোগ্য হৈ পৰিছে ৷ একতা কাপুৰ অলপতে সাৰোগেছীৰ মাধ্যমেৰে এটি সন্তানৰ মাতৃ হয়। নাগিন,কছোটি জিন্দেগী কী,য়ে হ্যে মোহবাতেৰ দৰে ধাৰাবাহিকৰ নিৰ্মাতা একতা কাপুৰে এটি নতুন ঘৰ ক্ৰয় কৰিছে। ইতিমধ্যে একতা ইনষ্টাগাম একাউন্টত নতুন ঘৰৰ লগতে জিমৰ এখন ছবি অনুৰাগীলৈ আগবঢ়াইছে ৷

ইফালে সৰু পৰ্দাৰ চৰ্চিত ধাৰাবাহিক "ডায়ন"ত এইবাৰ দৰ্শকে দেখিবলৈ পাব পুৰুষ ডায়নৰ চৰিত্ৰত মোহিত মালহোত্ৰাক। কাৰণ এতিয়ালৈকে সকলো ধাৰাবাহিকত যুৱতীসকলকহে অভিনয় কৰা দেখিবলৈ পাইছিল দৰ্শকে ৷ কিন্তু এইবাৰ দৰ্শকে দেখিব পুৰুষ ডায়নক ।মোহিত মালহোত্ৰাই ডায়ন ধাৰাবাহিক খনত হোটেলৰ মালিকৰ চৰিত্ৰত অভিনয় কৰিছে। কিন্তু সম্প্ৰতি পুৰুষ ডায়েনৰ চৰিত্ৰত দেখিবলৈ পাব পুৰুষক ৷ এই চৰিত্ৰত অভিনয় কৰিবলৈ পায় অভিনেতা মোহিত মালহোত্ৰাই কয় যে মই এনে ধৰণৰ চৰিত্ৰত অভিনয় কৰাৰ কথা ভবা নাছিলো ৷ নিৰ্মাতাসকলে মোক এই চৰিত্ৰটো অফাৰ কৰাৰ পিছতে মই আছৰিত হওঁ।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com