ভোট গণনা কেন্দ্ৰত কঠোৰ নিৰাপত্তা বেষ্টনী: ৮ মেত কূটাঘাত সংঘটিত কৰিবলৈ অসমলৈ আহিছিল বিজয় অসম: আয়ুক্ত দীপক কুমাৰ

ভোট গণনা কেন্দ্ৰত কঠোৰ নিৰাপত্তা বেষ্টনী: ৮ মেত কূটাঘাত সংঘটিত কৰিবলৈ অসমলৈ আহিছিল বিজয় অসম: আয়ুক্ত দীপক কুমাৰ

গুৱাহাটীত বোমা বিস্ফোৰণ সংঘটিত কৰিছিল বিজয় অসমে আৰু মটৰ চাইকেল চলাইছিল চিন্ময় লাস্কাৰে বুলি প্ৰকাশ কৰে আৰক্ষী আয়ুক্ত দীপক কুমাৰে প্ৰকাশ কৰে । বৰ্তমানেও বিজয় অসমক জেৰা অব্যাহত ৰাখিছে । বিজয় অসমৰ লগত বহুতো নথি পত্ৰ জব্দ কৰাৰ লগতে মোৱাইল জব্দ কৰা হৈছে বুলি প্ৰকাশ কৰে ।

আলফায়ে অসমত কৰা কূটাঘাতত বিজয় অসম জৰিত আছিল বুলি প্ৰকাশ কৰে। বিজয় অসমে ৮ মেত অসমত প্ৰবেশ কৰিছিল কূটাঘাত সংঘটিত কৰিবলৈ বুলি প্ৰকাশ কৰে । কূটাঘাতৰ পৰিকল্পনাৰ সন্দৰ্ভত অভিযান চলাই থকা হৈছে বুলি প্ৰকাশ কৰে। বিজয় অসমে ম্যানমাৰত প্ৰশিক্ষণ লৈছিল । আলফায়ে বহু কূটাঘাতৰ পৰিকল্পনা কৰিছে বুলি প্ৰকাশ কৰে ।

২০১৩ চনত বিজয় অসমে আলফাত যোগদান কৰিছিল । বিজয় অসমে কেইবাটাও অপৰাধত জড়িত আছিল । বিজয় অসমে ৩ বাৰ জেললৈ গৈছিল ।

লগতে কাইলৈ ঘোষণা কৰা হব নিৰ্বাচনৰ ফলাফল । নিৰ্বাচনৰ ফলাফলক লৈ ভোট গননা কেন্দ্ৰ সমূহত নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে বুলি প্ৰকাশ কৰিছে আৰক্ষী আয়ুক্ত দীপক কুমাৰে । প্ৰত্যেকটো ভোট গননা কেন্দ্ৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে ।

প্ৰানময় ৰাজগুৰুৰ পূৰ্বৰে পৰা বিজয় অসমৰ লগত সম্পৰ্ক আছিল বুলি প্ৰকাশ কৰে আয়ুক্তয়ে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com