ভৰলুক স্নানৰ উপযোগী কৰাৰ লক্ষ্য প্ৰদুষণ নিয়ন্ত্ৰণ বৰ্ডৰ

ভৰলুক স্নানৰ উপযোগী কৰাৰ লক্ষ্য প্ৰদুষণ নিয়ন্ত্ৰণ বৰ্ডৰ
Published on

ভৰলু নদীক প্ৰদূষণ মুক্ত কৰাৰ কাৰণে প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড (Pollution Control Board)ৰ এক বিশেষ পদক্ষেপ ৷ ভৰলুৰ পানী স্নানৰ উপযোগী কৰাৰ লক্ষ্যৰে নদীখনক প্ৰদূষণ মুক্তৰ আগবাঢ়িছে প্ৰদূষণ নিয়ন্ত্ৰন বৰ্ড ৷ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে ৰাষ্ট্ৰীয় গ্ৰীণ ট্ৰিব্ৰিউনেলৰ (National Green Tribunal (NGT).অধীনত এই কাৰ্যসূচী হাতত লৈছে ৷ ৰাষ্ট্ৰীয় গ্ৰীণ ট্ৰিব্ৰিউনেলে সকলো প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডক আদেশ দিছে যে দেশৰ প্ৰায় ৩৫১ খন নদীৰ প্ৰদূষিত অংশক স্নানৰ কাৰণে উপযোগী কৰি তুলিব লাগে ৷

ইয়াৰ লগতে এনজিটিয়ে সকলো প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডক এই সন্দৰ্ভত আঁচনি তৈয়াৰ কৰিব কাৰণে কয়। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অনুসৰি দেশৰ ৩৫১ খন প্ৰদূষিত নদীক বিভিন্ন ভাগত বিভক্ত কৰি পাঁচটা শ্ৰেণীত ভাগ কৰিছে ৷ শ্ৰেণী-১,শ্ৰেণী-২,শ্ৰেণী-৩,শ্ৰেণী-৪ আৰু শ্ৰেণী-৫ ত দেশৰ প্ৰদূষিত নদীসমূহক বিভাজিত কৰিছে , ভৰলু নদীখনে স্থান লাভ কৰে শ্ৰেণী ১ ত ৷

প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি এনজিটিৰ নিৰ্দেশৰ পিছত ২০১৮ বৰ্ষৰ ২৪ ডিচেম্বৰত এখন কমিটীৰ গঠন কৰা হয় ৷ সমিতিখনত গুৱাহাটী নগৰ নিগম,জল সম্পদ বিভাগ, বন আৰু পৰিবেশ বিভাগৰ প্ৰতিনিধি সকল আছে ৷ সম্প্ৰতি ভৰলুক প্ৰদূষণ মুক্ত কৰাৰ কাৰণে যাবতীয় সকলো ব্যবস্থা কৰা হ’ব। প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ বিশেষ সূত্ৰ তথ্য অনুসৰি এনজিটিৰ অধীনত হোৱা এই অভিযানৰ প্ৰতিবেদন চৰকাৰক দিয়া হ’ব ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com