মাজুলীৰ ভকত চাপৰি উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

মাজুলীৰ ভকত চাপৰি উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

মুখ্যমন্ত্ৰী সোনোৱালে দেওবাৰে মাজুলীৰ ভকত চাপৰিত উপস্থিত হয় আৰু ব্ৰহ্মপুত্ৰ বৰ্ডে খহনীয়া প্ৰতিৰোধ আঁচনিৰ অধীনত কৰা জিঅ’ বেগসমূহৰ সংস্থাপনৰ কাম পৰিদৰ্শন কৰে ৷ লগতে ব্ৰহ্মপুত্ৰ বৰ্ডৰ আঁচনি ৰূপায়ন কাৰ্যত অসন্তুষ্টি প্ৰকাশ কৰে সোনোৱালে । মুখ্যমন্ত্ৰী সোনোৱালে কয় যে কামসমূহৰ গুণগত মানদণ্ড উন্নত হোৱা নাই। এনেধৰণৰ বহু অসন্তুষ্টিৰ পিছত এই ক্ষেত্ৰত ৰাজ্য চৰকাৰেও অসন্তুষ্টি ব্যক্ত কৰে ৷

ইয়াৰ পিছত ব্ৰহ্মপুত্ৰ বৰ্ডৰ অধ্যক্ষ ৰাজীৱ যাদৱ মাজুলীত উপস্থিত হয় আৰু কামৰ অগ্ৰগতিৰ বুজ লয় ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে জনসাধাৰণৰ জীৱন সম্পত্তিৰ বিষয়ৰ লগত জৰিত যিকোনো বিষয়ত কেতিয়াও সহ্য কৰা নহ’ব। সৰ্বানন্দ সোনোৱালে লগতে কয় যে ব্ৰহ্মপুত্ৰ বৰ্ডৰ প্ৰভাৱিত অঞ্চলসমূহত পানীৰ স্তৰ হ্ৰাস হোৱাৰ পিছত পুনৰাই দুই সপ্তাহৰ পিছত কাম আৰম্ভ কৰিব।

লগতে সোনোৱালে কয় যে এই ক্ষেত্ৰত কোনো ধৰণৰ গাফিলতি সহ্য কৰা নহ’ব । আৰু চৰকাৰে দায়িত্বসমূহক সূচাৰূপে পালন কৰিব। মাজুলী লোকসকলে সম্প্ৰতি সংকটৰ পৰা পৰিত্ৰাণ পাব বিছাৰে । মুখ্যমন্ত্ৰী সোনোৱালে লগতে কয় যে খহনীয়া প্ৰতিৰোধৰ কাৰণে ভকত চাপৰিত কৰা কাম সূচাৰূপে সম্পন্ন ন’হলে অভিযন্তাসকলৰ বিৰুদ্ধে তদন্ত কৰা হ’ব ৷ লগতে সোনোৱালে কয় যে ব্ৰহ্মপুত্ৰ বৰ্ডক কয় যে তেওঁলোকে যেন অচিৰেই দোষীসকলৰ ক্ষেত্ৰত তদন্ত আৰম্ভ কৰে ৷

অন্যহাতে মুখ্যমন্ত্ৰী সোনোৱালে ব্ৰহ্মপুত্ৰ বৰ্ডৰ পদাধিকাৰীৰ লগত এখন বৈঠকত অংশ লয় আৰু আঁচনিৰ কামৰ সন্দৰ্ভত চৰ্চা কৰে ৷ উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ মাজুলী ভ্ৰমণৰ সময়ত অসমৰ সংখ্যালঘূ কল্যান বৰ্ডৰ অধ্যক্ষ ম’মিনুল আৱাল, উপায়ুক্ত দেৱ প্ৰসাদ মিশ্ৰা আৰু ব্ৰহ্মপুত্ৰ বৰ্ডৰ জেষ্ঠ্য অধিকাৰী আৰু ব্ৰহ্মপুত্ৰ বৰ্ডৰ অভিযন্তাসকল উপস্থিত আছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com