মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত বিভিন্ন খাদ্যৰে আপ্যায়ন কৰিব অতিথি সকলক

মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত বিভিন্ন খাদ্যৰে আপ্যায়ন কৰিব অতিথি সকলক

আজি নৰেন্দ্ৰ মোদী আৰু মোদীৰ মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠান । অনুষ্ঠানত প্ৰায় ৮,০০০ অতিথিৰ উপস্থিতিত মোদীয়ে শপত গ্ৰহণ কৰিব । BIMSTEC দেশৰ নেতা উপস্থিত থাকিব এই অনুষ্ঠানত ।

মোদীৰ মন্ত্ৰী সভাত আপ্যায়নৰ বাবে বিভিন্ন খাদ্য সম্ভাৰ ব্যবস্থা কৰা হৈছে । খাদ্য সম্ভাৰৰ ভিতৰত প্ৰথমতে থাকিব চাহ আৰু লঘু খাদ্য । লঘু খাদ্যৰ ভিতৰত চিংৰা, পনিৰৰ আইটেমৰ পৰা মিঠাইলৈকে থাকিব । BIMSTEC দেশৰ নেতাৰ লগত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নৈশ ভোজনত মিলিত হব ।

৭ বজাৰ পৰা আৰম্ভ হব মোদীৰ শপত গ্ৰহণ অনুষ্ঠান । নৈশ ভোজনত কিছুসংখ্যক বিষয়াৰ সৈতে মোদীয়ে গ্ৰহণ কৰিব ।

বিশ্ব বিভিন্ন প্ৰান্তৰ নেতা সকলৰ কাৰণে আমিষ আৰু নিৰামিষ সকলো ধৰণৰ খাদ্য ব্যবস্থা কৰা হৈছে । চুপকে ধৰি মাছ, মাংস, শাক পাচলিৰ বিভিন্ন ব্যঞ্জন আৰু "ডাল ৰাইচিনা" থাকিব খাদ্য ব্যঞ্জনৰ ভিতৰত । এই খাদ্য সম্ভাৰ সমূহ প্ৰস্তুত কৰিবলৈ ৪৮ ঘন্টাৰ প্ৰয়োজন হব ।

" ডাল ৰাইচিনা " বিশেষ ভাবে বনোৱা হৈছে শপত গ্ৰহণ অনুষ্ঠানৰ বাবে। এই খাদ্য বিধ প্ৰস্তুত কৰিবলৈ ৪৮ ঘন্টাৰ প্ৰয়োজন হয় । ২৮ মেৰ পৰা বনোৱা আৰম্ভ কৰিছে "ডাল ৰাইচিনা " ।

বিশ্বৰ বিভিন্ন দেশৰ নেতাৰ লগতে , মুখ্যমন্ত্ৰী, দলৰ নেতা আৰু বিৰোধীৰ নেতা, কূটনীতিজ্ঞ, ৰাষ্ট্ৰদূত আৰু চেলিব্ৰেটি উপস্থিত থাকিব মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত । প্ৰায় ১০০ ৰো অধিক এন আৰ আইও উপস্থিত থাকিব এই অনুষ্ঠানত ।

আজি শপত গ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা জাতিৰ পিতা মহাত্মা গান্ধী আৰু বিজেপিৰ জেষ্ঠ নেতা প্ৰয়াত অটল বিহাৰী বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইণ্ডিয়া গেটৰ সমিপত নেচনেল ওৱাৰ মেমৰিয়েলতো পুস্পাঞ্জলি আগবঢ়াই।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com