লাষ্টগেটত চিআইটিইউৰ অসম শাখাৰ প্ৰতিবাদ

লাষ্টগেটত চিআইটিইউৰ অসম শাখাৰ প্ৰতিবাদ

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ কেইবাটাও জনবিৰোধী আৰু জাতীয় স্বাৰ্থবিৰোধী কামৰ বিৰুদ্ধে লাষ্টগেটত CITU ৰ অসম শাখাৰ প্ৰতিবাদ । তেওঁলোকে কেইবাটাও দাবী সন্মিলিত এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।

তৈলক্ষেত্ৰ আৰু বিমান কোঠ ব্যক্তিগতকৰণৰ সিদ্ধান্ত বাতিল কৰা, মধ্যাহ্নভোজন আঁচনি এন জি অ'ক দিয়াৰ বাবে ২৪ ডিচেম্বৰ ২০১৮ ৰ চৰকাৰী জাননী প্ৰত্যাহাৰ কৰাৰ লগতে অসমৰ ঠিকা শ্ৰমিক সহকাৰে সকলো শ্ৰমিকৰ ন্যুনতম মজুৰি ১৮০০০ টকা ধাৰ্য কৰাকে ধৰি কেইবাটাও দাবী সন্মিলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোয়ে।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com