লোকসভা নিৰ্বাচনত বিজেপিয়ে ৩০০ খন আসন লাভ কৰিব: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

লোকসভা নিৰ্বাচনত বিজেপিয়ে ৩০০ খন  আসন লাভ কৰিব: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আজি লোকসভা নিৰ্বাচনৰ অন্তিম ৰেলীত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । অন্তিমটো ৰেলীত অংশগ্ৰহন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে যে বিজেপি নেতৃত্বাধীন চৰকাৰে ৩০০ খন আসন লাভ কৰিব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য প্ৰদেশৰ খাৰগ'ণৰ ৰেলীত অংশগ্ৰহণ কৰে আজি । ৰেলীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কাশ্মীৰৰ পৰা কন্যা কুমাৰী , কুটৎ পৰা কামৰূপলৈকে সমগ্ৰ দেশে " অব কি বাৰ, 300 পাৰ, ফিৰ এক বাৰ মোদী চৰকাৰ" বুলি কৈছে বুলি প্ৰকাশ কৰে । এইবাৰ ৩০০ খন আসনত নিশ্চিত জয় হব বুলি প্ৰকাশ কৰে মোদীয়ে ।

বিজেপিৰ নেতৃত্বাধীন চৰকাৰ ১৩০ কোটি জনসাধাৰণৰ বিশ্বাস বুলি প্ৰকাশ কৰে মোদীয়ে । " দেওবাৰে আপোনালোকে যেতিয়া ভোট দিব, তেতিয়া এক ইতিহাস ৰচনা কৰিব । দশকৰ পিছত পুনৰ এক সংখ্যা গৰিষ্ঠ চৰকাৰক দ্বিতীয় বাৰ নিৰ্বাচিত কৰিব বুলি প্ৰকাশ কৰে মোদীয়ে ।

দেশত ১৯ মেত সপ্তম তথা অন্তিম পৰ্যায় নিৰ্বাচন অনুষ্ঠিত হব।

অন্তিম পৰ্যায় নিৰ্বাচনী প্ৰচাৰত মোদীয়ে অঞ্চলটোৰ লগত জৰিত থকা স্বাধীনতা সংগ্ৰামীৰ কথাও প্ৰকাশ কৰে । ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বৰ তুলনাত কিছু পৃথক । এইবাৰ নিৰ্বাচনত দেশৰ জনসাধাৰণে দেশৰ বাবে ভোট দিব, দলৰ বাবে নহয় বুলি প্ৰকাশ কৰে মোদীয়ে । লগতে জনসাধাৰণৰ ভোটে এখন নতুন ভাৰত গঢ় দিব বুলি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com