শপত গ্ৰহণৰ পূৰ্বে মহাত্মা গান্ধী, প্ৰয়াত অটল বিহাৰী বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি মোদীৰ

শপত গ্ৰহণৰ পূৰ্বে মহাত্মা গান্ধী, প্ৰয়াত অটল বিহাৰী বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি মোদীৰ

আজি শপত গ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা জাতিৰ পিতা মহাত্মা গান্ধী আৰু বিজেপিৰ জেষ্ঠ নেতা প্ৰয়াত অটল বিহাৰী বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইণ্ডিয়া গেটৰ সমিপত নেচনেল ওৱাৰ মেমৰিয়েলতো পুস্পাঞ্জলি আগবঢ়াই। পুৱা ৭ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজঘাটত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি আগবঢ়াই ।

তাৰ পাছতে চদাইভ অটলত উপস্থিত হয়। প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জেষ্ঠ নেতা প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ স্মৃতিত পদুমৰ আকৃতিত নিৰ্মাণ কৰা মেমৰিয়েলত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি আগবঢ়াই।

বিজেপিৰ বহুতো জেষ্ঠ নেতাৰ লগতে দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহো উপস্থিত থাকে ।

তাৰ পাছত মোদীয়ে টুইটাৰযোগে প্ৰকাশ কৰে যে এইবাৰ বাপুৰ ১৫০ সংখ্যাক জয়ন্তী হব। এই বিশেষ দিনটোত বাপুৰ মহৎ আদৰ্শ অধিক জনপ্ৰিয় কৰাৰ লগতে দৰিদ্ৰ, নিৰপেক্ষ আৰু প্ৰত্যেক জীৱনক অনুপ্ৰাণিত কৰাৰ বাবে আশাবাদী । লগতে মোদীয়ে কয় যে বিজেপিয়ে জনসাধাৰণক সেৱা আগবঢ়োৱা দেখি বাজপেয়ীয়ে যথেষ্ট সুখী হল হয় ।

লগতে মোদীয়ে কয় যে ওৱাৰ মেমৰিয়েলত উপস্থিত হৈ যিসকলে কৰ্তব্য সময়ত শ্বহীদ হৈছে সেই সকলক লৈ দেশে যথেষ্ট গৌৰব অনুভব কৰে।

আজি সন্ধিয়া ৭ বজাত ৰাষ্ট্ৰপতি ভৱনত মোদী আৰু মোদীৰ কেবিনেটে শপত গ্ৰহণ কৰিব । আজি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হব মোদী শপত গ্ৰহণ অনুষ্ঠান । ঐতিহাসিক স্থানত বৰ্ণাঢ্য অনুষ্ঠানত প্ৰায় ৮ ,০০০ অতিথি উপস্থিত থাকিব ।BIMSTEC দেশৰ নেতা উপস্থিত থাকিব এই অনুষ্ঠানত । বিশ্বৰ বিভিন্ন দেশৰ নেতাৰ লগতে , মুখ্যমন্ত্ৰী, দলৰ নেতা আৰু বিৰোধীৰ নেতা, কূটনীতিজ্ঞ, ৰাষ্ট্ৰদূত আৰু চেলিব্ৰেটি উপস্থিত থাকিব মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত ।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি ব্ৰেকিং নিউজ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com