শামূকীয়া গতিত আগবাঢ়িছে সংখ্যালঘূ অঞ্চলৰ উন্নয়ন

শামূকীয়া গতিত আগবাঢ়িছে সংখ্যালঘূ অঞ্চলৰ উন্নয়ন

অসমত সংখ্যালঘু অঞ্চলৰ উন্নয়ন প্ৰকল্পসমূহৰ বিকাশৰ পৰিযোজনাসমূহৰ কাম শামুকীয়া গতিত আগবাঢ়ি গৈছে ৷ অৱশ্যে সম্প্ৰতি ১২ সংখ্যক পঞ্চবাৰ্ষিক পৰিকল্পনা সমাপ্ত হৈছে৷ কিন্তু এতিয়ালৈকে যিসমূহ পৰিকল্পনাৰ কাম সম্প্ৰতি আৰম্ভ কৰা হৈছে,সদ্যহতে সেই সমূহ আঁচনি তথা পৰিকল্পনা সমূহৰ কাম সম্পূৰ্ণ হোৱা নাই ৷ এই সমূহ পৰিকল্পনাৰ শতকৰা হিছাপত চালে প্ৰায় ৫৪ শতাংশ পৰিযোজনাৰ কামেহে এতিয়ালৈকে পোহৰৰ মুখ দেখিছে ৷ ইফালে প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যক্ৰমক (PMJVK) নামেৰে জনা যায়। ইয়াৰ পূৰ্বতে PMJVK ক "মল্টী চেক্টোৰল ডভেলপমেন্ট প্ৰগ্ৰেম" নামেৰে জনা যায়। এই PMJVK ক ১১ সংখ্যক পঞ্চবৰ্ষীয় আঁচনি (২০০৭-২০১২)ৰ ভিতৰত ২০০৮- ২০০৯ চনত লন্স কৰিছিল ।

অৱশ্যে PMJVK আঁচনি খন সম্প্ৰতি ৰাজ্যৰ ১৯ জিলাৰ ১১৮ খনৰ বিকাশৰ ক্ষেত্ৰত হ’ব ৷ লগতে মুঠ ১,২৫,৩১৮ খন পৰিযোজনাৰ ভিতৰত কেৱল ৬৮,২৪২ খন আঁচনিহে সম্পূৰ্ণ কৰিছে৷অন্যহাতে, কেন্দ্ৰীয় চৰকাৰে বিকাশৰ কাৰণে বিভিন্ন অঞ্চললৈ বিভিন্ন বুনিয়াদী সুবিধাৰ কাৰণে পুঁজিৰ আৱন্টন কৰিছে ৷উদাহৰণ স্বৰূপে ১১ সংখ্যক পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত ৭০৩.৫ কোটি টকাৰ আৱন্টন কৰিছে৷অন্যহাতে, স্বীকৃত প্ৰাপ্ত ২৫৪ খন বিদ্যালয়ৰ ভিতৰত এতিয়ালৈকে মাত্ৰ এখন বিদ্যালয় নিৰ্মাণ কৰিছে৷ইয়াৰোপৰি ৭৯ খন লেব’ট’ৰী,১৬ খন শিক্ষণ প্ৰশিক্ষণ কেন্দ্ৰ,৫৩ খন সদভাব মণ্ডপ,২১ খন আৱাসীয় বিদ্যালয় আৰু ৩৩৩ খন বজাৰৰ নিৰ্মাণ কৰা আঁচনি এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই৷ ইয়াৰোপৰিও বিদ্যালয় সমূহৰ স্বীকৃতি প্ৰাপ্ত শ্ৰেণী কক্ষৰ সমূহৰ সংখ্যা আছিল ৯,৫৪৩ টা। কিন্তু কাম সম্পূৰ্ণ হয় ২২২৭ টা ।

আনহাতে ১২১ টা ছাত্ৰবাসৰ ভিতৰত ১১ টাহে সম্পূৰ্ণ হৈছে ৷ স্বচ্ছতা অভিযানৰ অন্তৰ্গত কেন্দ্ৰীয় চৰকাৰ অনাময় আঁচনিখনৰ ৪১৪টা শৌচালয় স্বীকৃতি দিয়াৰ বিপৰীতে ১৪৪টা শৌচালয়হে নিৰ্মাণ কৰে ৷ উল্লেখ্য যে,পানী যোগান আঁচনি খনৰ ক্ষেত্ৰত ৬৪৫ খন পানী যোগান আঁচনিৰ ভিতৰত ২৬ খন আঁচনিহে উপলব্ধ হৈছে৷ ইয়াৰ বিপৰীতে ১৯,৯৩৫ টা হেণ্ড পাম্পৰ ভিতৰত ৮,৮০৫ টাহে স্থাপিত হৈছে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com